পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণক তেওঁৰ জয়ন্তী উপলক্ষে স্মৰণ কৰি কয় যে কেইবাটাও প্ৰজন্ম ধৰি তেওঁৰ প্ৰভাব অব্যাহত আছে আৰু জনসাধাৰণক ৰাজহুৱা জীৱন ৰাষ্ট্ৰৰ পুনৰ্নিৰ্মাণৰ মাধ্যম হ’ব পাৰে বুলি বিশ্বাস কৰিবলৈ অনুপ্ৰাণিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ত লোকনায়ক জে পি-ৰ নিৰ্ভীক কণ্ঠ আৰু সুশাসনৰ লগতে সমাজৰ প্রান্তীয় শ্ৰেণীৰ ওচৰলৈ যোৱাৰ তেওঁৰ প্ৰতিশ্ৰুতিৰ বিষয়েও উল্লেখ কৰে।
শ্ৰী মোদীয়ে কয় যে বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত কাম কৰি থকাৰ সময়ত, তেওঁৰ আদৰ্শ পূৰণ কৰিবলৈ ৰাষ্ট্ৰ প্ৰতিশ্ৰুতিবদ্ধ ।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে এইদৰে কৈছে;
‘লোকনায়ক জয়প্ৰকাশ নাৰায়ণক তেওঁৰ জয়ন্তী উপলক্ষে স্মৰণ কৰিছো। কেইবাটাও প্ৰজন্ম ধৰি তেওঁৰ প্ৰভাব অব্যাহত আছে আৰু জনসাধাৰণক ৰাজহুৱা জীৱন ৰাষ্ট্ৰৰ পুনৰ্নিৰ্মাণৰ মাধ্যম হ’ব পাৰে বুলি বিশ্বাস কৰিবলৈ অনুপ্ৰাণিত কৰিছে।
জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁৰ নিৰ্ভীক কণ্ঠ লক্ষণীয় আছিল।
লোকনায়ক জে পি সুশাসন নিশ্চিত কৰা আৰু সমাজৰ বঞ্চিত লোকসকলৰ কাষলৈ যোৱাৰ ক্ষেত্ৰত আগ্ৰহী আছিল। আমি তেওঁৰ আদৰ্শ পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যিহেতু আমি এখন বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰি আছো।’
Remembering Loknayak Jayaprakash Narayan on his birth anniversary. His appeal transcended generations. He inspired people to believe that public life could be an instrument of national renewal. His fearless voice during the Emergency was also noteworthy.
Loknayak JP also was passionate about ensuring good governance and reaching those who are at the margins of society. We remain committed to fulfilling his ideals as we work to build a Viksit Bharat.
— Narendra Modi (@narendramodi) October 11, 2026
*****
MJPS/SS/VJ/MK
Remembering Loknayak Jayaprakash Narayan on his birth anniversary. His appeal transcended generations. He inspired people to believe that public life could be an instrument of national renewal. His fearless voice during the Emergency was also noteworthy. Loknayak JP also was passionate about ensuring good governance and reaching those who are at the margins of society. We remain committed to fulfilling his ideals as we work to build a Viksit Bharat.
— Narendra Modi (@narendramodi) October 11, 2026