পি এম ইণ্ডিয়া
তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, মুখ্যমন্ত্ৰী চি যোচেফ বিজয় জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী এল মুৰুগান জী, নেইনাৰ নাগেন্দ্ৰন জী আৰু তামিল ভাতৃ-ভগ্নীসকল, বনক্কম।
আপোনালোক সকলোৰে সৈতে চেন্নাইত উপস্থিত হৈ আনন্দিত হৈছো। তামিলনাডুৰ বাবে এয়া এক ঐতিহাসিক দিন। আজিৰ কাৰ্যসূচীত তেৰ হাজাৰ কোটি টকাৰ প্ৰকল্প অন্তৰ্ভুক্ত হৈ আছে। আমি কেইবাটাও সম্পূৰ্ণ হোৱা প্ৰকল্প উদ্বোধন কৰিছো আৰু নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছো। ইয়াৰে কিছু সংখ্যকে দৈনন্দিন ভ্ৰমণ সূচল কৰি তুলিব। আনবোৰে উদ্যোগ আৰু বাণিজ্য শক্তিশালী কৰিব। এই প্ৰকল্পসমূহে একেলগে সমগ্ৰ তামিলনাডুত যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। এই উপলক্ষে মই ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জনাইছো।
আজি পবিত্ৰ উৎসৱ নৱৰাত্ৰিৰ শুভাৰম্ভণি। এই অনুষ্ঠানলৈ অহাৰ পূৰ্বে, নৱৰাত্ৰিৰ এই পুণ্য উপলক্ষত, শিৱৰ লগতে শক্তিৰ পবিত্ৰ ভূমি তামিলনাডুৰ জলকন্দেশ্বৰ মন্দিৰত ভগৱান শিৱৰ আশীৰ্বাদ প্ৰাপ্ত কৰাৰ সৌভাগ্য লাভ কৰিছো। তামিলনাডুৰ তীৰ্থভূমিৰ পৰা মই মোৰ দেশবাসীক নৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জনাইছো।
বন্ধুসকল,
আজি ভাৰত ৰত্ন জয়প্ৰকাশ নাৰায়ণ জী আৰু ভাৰত ৰত্ন নানাজী দেশমুখৰো জয়ন্তী। এই দুগৰাকী ব্যক্তিৰ জীৱনে আমাক ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি অধিক সমৰ্পিতভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। মই এই মঞ্চৰ পৰাই এই দুগৰাকী মহান ব্যক্তিত্বক অভিবাদন জনাইছো।
বন্ধুসকল,
কিছুদিন পূৰ্বে, আইআইটি মাদ্ৰাজত থকা ব্ৰেইন ৰিচাৰ্চ চেণ্টাৰ ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো। এই ক্ষেত্ৰখনৰ গৱেষণাই জনস্বাস্থ্যৰ ক্ষেত্ৰত বহুতো নতুন সুযোগৰ সৃষ্টি কৰিব পাৰে। এই ভ্ৰমণৰ উপৰি, মই চেন্নাই মেট্ৰ’ৰ আন এটা অংশ জনসাধাৰণৰ বাবে উচৰ্গা কৰাৰ সুযোগো পাইছো।
বন্ধুসকল,
মন্দিৰৰ পৰা মেট্ৰ’লৈকে তামিলনাডুৰ এই অভিজ্ঞতাসমূহ আজিৰ ভাৰতৰ প্ৰাণশক্তিৰে প্ৰতিফলন ৷ ভাৰতে ইয়াৰ সাংস্কৃতিক শক্তিৰ পৰা অনুপ্ৰেৰণা লাভ কৰে, বিজ্ঞানৰ প্ৰগতিৰ সৈতে আগবাঢ়ি যায়, আৰু আধুনিক আন্তঃগাঁথনিৰ জৰিয়তে নতুন সুযোগ সৃষ্টি কৰে । আমাৰ ঐতিহ্য আৰু ভৱিষ্যতৰ বাবে আমাৰ আকাংক্ষা একেলগে আগবাঢ়িছে।
বন্ধুসকল,
মাত্ৰ কেইদিনমান আগতে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু দেশবাসীৰ মৰমৰ বলত, চৰকাৰৰ মুৰব্বী হিচাপে, মই ২৫ বছৰৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছো। ২০০১ চনৰ অক্টোবৰ মাহত মই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো। তেতিয়াৰ পৰা, দেশবাসীয়ে মুখ্যমন্ত্ৰী আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী হিচাপে সেৱা আগবঢ়াবলৈ সুযোগ দিছে। ২৫ বছৰৰ এই কালছোৱাত গণতন্ত্ৰৰ দুটা শক্তিৰ ওপৰত মোৰ বিশ্বাস ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিছে। প্ৰথম-দেশৰ জনসাধাৰণ! দ্বিতীয়তে-সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ! মই সদায়ে ৰাজ্যৰ উন্নয়নেৰে দেশৰ উন্নয়নৰ মন্ত্ৰক লৈ আগবাঢ়ি গৈছো।
বন্ধুসকল,
মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যসমূহৰ প্ৰত্যাশা মই ব্যক্তিগতভাৱে বুজি পাইছিলো। সেয়েহে, প্ৰধানমন্ত্ৰী হোৱাৰ পাছত, মই কেৱল সেই আকাংক্ষাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰাই নহয়, প্ৰতিখন ৰাজ্যই যাতে নিজৰ আকাংক্ষিত লক্ষ্যসমূহ পূৰণ কৰিব পাৰে সেই চেষ্টাও অব্যাহত ৰাখিছো ৷
বন্ধুসকল,
মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালত মই বহুবাৰ কৰুণানিধি জী আৰু আম্মা জয়াললিতা জীৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাইছিলো। আনকি যেতিয়া মই প্ৰধানমন্ত্ৰী হৈছিলো, তেতিয়াও মই জয়াললিতা জী, অ’ পন্নীৰচেলভম জী, ই পালানিস্বামী জী আৰু এম কে ষ্টেলিন জীৰ সৈতে কাম কৰাৰ সুযোগ পাইছিলো। চৰকাৰ সলনি হৈ আছিল, কিন্তু তামিলনাডুৰ উন্নয়ন আৰু ইয়াৰ জনসাধাৰণৰ সেৱা কৰাৰ মোৰ সংকল্প সদায়ে অটল হৈ আছে। আজি এই সংকল্পৰ সৈতে মই মুখ্যমন্ত্ৰী যোচেফ বিজয়জীৰ সৈতে তামিলনাডুৰ উন্নয়নৰ এই যাত্ৰাক আগুৱাই লৈ গৈছো।
বন্ধুসকল,
আজি তামিলনাডুত নগৰ উন্নয়ন আমাৰ বাবে এক ডাঙৰ অগ্ৰাধিকাৰ। মই সদায় বিশ্বাস কৰি আহিছোঁ যে নগৰীকৰণ কোনো প্ৰত্যাহ্বান নহয়, বৰঞ্চ এক সুযোগ। ইয়াত ৰাজহুৱা পৰিবহনৰ এক বৃহৎ ভূমিকা আছে। যদি পৰিবহণ ভাল হয়, ই মানুহৰ জীৱনধাৰণৰ সূচলতা বৃদ্ধি কৰে। আমি সকলোৱে জানো যে উন্নত পৰিবহণৰ বাবে কেৱল পথ বহল কৰাটোৱেই পৰ্যাপ্ত নহয়! আধুনিক চহৰসমূহত সামগ্ৰিক আন্তঃগাঁথনিৰ প্ৰয়োজন। সেয়েহে যোৱা দশকত, আমি সমগ্ৰ দেশতে মেট্ৰ’ নেটৱৰ্কৰ এক বৃহৎ সম্প্ৰসাৰণ কৰিছো। ২০১৪ চনত দেশৰ মাত্ৰ পাঁচখন চহৰত মেট্ৰ’ আছিল। বৰ্তমান দেশৰ পঁচিশখন চহৰত মেট্ৰ’ সেৱা চলি আছে ।২০১৪ চনত দেশখনৰ মেট্ৰ’ নেটৱৰ্ক প্ৰায় দুশ পঞ্চাশ কিলোমিটাৰ আছিল। আজি এই নেটৱৰ্ক এহেজাৰ এশ কিলোমিটাৰতকৈ অধিক হৈ পৰিছে। মই সুখী যে আজি চেন্নাই মেট্ৰ’ৰ এই সম্প্ৰসাৰণৰ জৰিয়তে এই নেটৱৰ্ক বৃহৎ হৈ উঠিছে। এই কাম এনেদৰে কৰা হৈছে যাতে চেন্নাইত বসবাস কৰা সাধাৰণ লোক, ইয়াৰ শ্ৰমিক পৰিয়াল, ইয়াৰ ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক সকলোৱে এক সূচল যাত্ৰা কৰি তেওঁলোকৰ যাত্ৰা কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰে।
বন্ধুসকল,
আমি আমাৰ ৰাজ্যসমূহক শক্তিশালী কৰি ভাৰতক শক্তিশালী কৰিব লাগিব। সেয়েহে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ দৰে ৰাজ্যত উৎপাদনৰ প্ৰসাৰ কৰি আছে। প্ৰতিগৰাকী ভাৰতীয়ই তামিলনাডুৰ উৎপাদন খণ্ড, ইয়াৰ ক্ষুদ্ৰ উদ্যোগ আৰু তাত কাম কৰা লোকসকলক লৈ গৌৰৱান্বিত। আজি কেন্দ্ৰীয় চৰকাৰৰ অভিযানসমূহ, সেয়া মেক ইন ইণ্ডিয়াই হওক কিম্বা ভোকেল ফৰ লোকেলেই হওক, তামিলনাডুৰো ইয়াৰ দ্বাৰা উপকাৰ হৈছে।
বন্ধুসকল,
আজি, উপাদানৰ পৰা আৰম্ভ কৰি প্ৰযুক্তি আৰু সম্পূৰ্ণ হৈ উঠা সামগ্ৰীলৈকে, কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্যতে সমগ্ৰ সামগ্ৰী শৃংখলক শক্তিশালী কৰি তুলিছে, আৰু এই প্ৰচেষ্টাৰ ফলস্বৰূপে, আজি আমি বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল নিৰ্মাতা হিচাপে পৰিগণিত হৈছো। ২০১৪ চনৰ পৰা আমাৰ ইলেক্ট্ৰনিকছ ৰপ্তানি এঘাৰ গুণ বৃদ্ধি পাইছে। আমাৰ প্ৰতিৰক্ষা ৰপ্তানি পঞ্চাশ গুণ বৃদ্ধি পাইছে আৰু আমাৰ অভিযান্ত্ৰিক ৰপ্তানিয়েও নতুন অভিলেখ গঢ়িছে।
বন্ধুসকল,
উৎপাদনৰ এই বৃদ্ধিৰ ফলত দেশৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে লাখ লাখ চাকৰিৰ সৃষ্টি হৈছে। ভাৰতৰ এই উৎপাদনৰ বিকাশত তামিলনাডুৰ জনসাধাৰণে অতি প্ৰশংসনীয় অৱদান আগবঢ়াইছে। আজি আমি উন্নত লুব্ৰিকেণ্ট আধাৰিত তেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছো। ই ইয়াত নতুন চাকৰিও সৃষ্টি কৰিব আৰু দেশৰ আমদানি হ্ৰাস কৰাত যথেষ্ট সহায় কৰিব। এক শক্তিশালী উৎপাদন খণ্ড সৃষ্টি কৰিবলৈ, কেঁচা সামগ্ৰী পৰিবহণৰ বাবে আমাক ভাল পথ, ৰেলপথ আৰু বন্দৰৰ প্ৰয়োজন, আৰু যেতিয়া এনে আন্তঃগাঁথনি নিৰ্মাণ কৰা হয়, ই বিভিন্ন স্তৰত বহুতো চাকৰিৰ সৃষ্টি কৰে।
যেতিয়া নিৰ্মাণকাৰ্য হয়, অভিযন্তাসকলে কাম পায়, টেকনিচিয়ান, শ্ৰমিক, সকলোৱে নিযুক্তি পায়। চিমেণ্ট, ষ্টীল আৰু সঁজুলিৰ সৈতে জড়িত কাৰখানাবোৰৰ দ্বাৰা ক্ষুদ্ৰ কোম্পানীবোৰতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হয়। যেতিয়া প্ৰকল্পটো সম্পূৰ্ণ হয়, ই উদ্যোগ আৰু সেৱাৰ বিকাশত সহায় কৰে। সেয়েহে, আজি স্থাপন আৰু উদ্বোধন কৰা ৰে’ল আৰু পথ প্ৰকল্পসমূহ তামিলনাডুৰ প্ৰগতিৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব।
আজি দেশত বন্দৰৰ আন্তঃগাঁথনিও শক্তিশালী কৰা হৈছে যাতে জাহাজ পৰিবহণ খণ্ডই নতুন শিখৰত উপনীত হ’ব পাৰে। তামিলনাডুৱেও ইয়াত এক বৃহৎ ভূমিকা পালন কৰিব লাগিব। এই দিশত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰায় ১৭ হাজাৰ কোটি টকাৰ বিনিয়োগৰে , থুথুকুড়ীৰ ভিঅ’চি বন্দৰক বিশ্বমানৰ মেগা কণ্টেইনাৰ আৰু সেউজ শক্তি কেন্দ্ৰ হিচাপে বিকশিত কৰাৰ ব্যৱস্থা কৰা হৈছে। যেতিয়া এই প্ৰকল্পটো সম্পূৰ্ণ হ’ব, তেতিয়া বিশ্বৰ অতি ডাঙৰ কণ্টেইনাৰ জাহাজবোৰো ইয়াত সহজে প্ৰৱেশ কৰিব পাৰিব। ই আমাৰ তামিলনাডুক উদ্যোগ আৰু পৰিবহণৰ বাবে এক গোলকীয় কেন্দ্ৰত পৰিণত কৰাত সহায় কৰিব।
যোৱা কেই বছৰমানত ভাৰতীয় বন্দৰসমূহৰ গতি আৰু দক্ষতা দুয়োটাই উন্নত হৈছে। গতি বৃদ্ধিৰ ফলত বন্দৰসমূহত জাহাজ পৰিৱৰ্তনৰ সময় আধালৈ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত ভাৰতৰ সামগ্ৰীবোৰো পূৰ্বতকৈ দ্ৰুতগতিত বিশ্বৰ বজাৰত উপনীত হৈছে।
আমাৰ মহাসাগৰীয় অৰ্থনীতিৰ দৃষ্টিত, আমাৰ মাছমৰীয়াসকলৰ ভূমিকাও উল্লেখযোগ্য । সেয়েহে, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আৰু অন্যান্য বহুতো আঁচনিৰ জৰিয়তে তামিলনাডুৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প অনুমোদন কৰা হৈছে। ইয়াত মাছ ধৰা বন্দৰসমূহ উন্নত কৰা হৈছে। মাছ ধৰা কেন্দ্ৰসমূহ বিকশিত কৰা হৈছে। শীতল শৃংখলৰ সুবিধাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মাছবোৰ সতেজ কৰি ৰাখিবলৈ পৰিবহণ বাহন ক্ৰয় কৰিবলৈও সহায় আগবঢ়োৱা হৈছে।
বন্ধুসকল,
মাছমৰীয়া ভাতৃসকলৰ বাবে, কেন্দ্ৰীয় চৰকাৰেও সহায় কৰি আছে, সেয়া চেন্নাই মাছমৰীয়া বন্দৰৰ আধুনিকীকৰণেই হওক বা তামিলনাডুত ‘চি-উইড পাৰ্ক’ৰ উন্নয়নেই হওক। কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে, এতিয়া কৃষকসকলেও সহজে কাৰ্যকৰী মূলধন লাভ কৰিবলৈ সক্ষম হৈছো। আজি দেশৰ মাছৰ উৎপাদনো দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা বছৰত, আমাৰ সাগৰীয় খাদ্যৰ ৰপ্তানিৰ পৰিমাণ আৰু মূল্য দুয়োটা দিশতে সৰ্বোচ্চ স্তৰত উপনীত হৈছে। ই আমাৰ মাছমৰীয়া পৰিয়াল আৰু উপকূলীয় সম্প্ৰদায়ৰ জীৱনৰো উন্নতি সাধন কৰিছে।
বন্ধুসকল,
আমি এনে এখন তামিলনাডু সৃষ্টি কৰিব বিচাৰো যি নিৰন্তৰভাৱে নতুন শিখৰত উপনীত হয়। ইয়াৰ বাবে কেন্দ্ৰৰ পৰা যি সহায়ৰ প্ৰয়োজন হয়, আমি সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰে সেই প্ৰয়োজন পূৰণৰ বাবে সাজু আছো । এই মনোভাৱেৰে পুনৰবাৰ আপোনালোক সকলোকে এই প্ৰকল্পসমূহৰ বাবে শুভেচ্ছা জনাইছো যাতে আমি একেলগে উন্নত তামিলনাডুৰ পৰা উন্নত ভাৰতৰ সংকল্প বাস্তৱায়িত কৰিব পাৰোঁ।
ধন্যবাদ, নমস্কাৰ (নন্দৰী, বনক্কম)!!!
***
MJPS/SS/SS/DK/MK
Works over Rs. 13,000 crore being launched in Chennai! https://t.co/76Uo9a3UaS
— Narendra Modi (@narendramodi) October 11, 2026
It is a pleasure to be in Chennai with all of you. This is a historic day for Tamil Nadu. Today’s programme involves projects worth thirteen thousand crore rupees. We are inaugurating many completed projects and laying foundations for new ones: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2026
भारत अपनी सांस्कृतिक शक्ति से प्रेरणा लेता है, विज्ञान की प्रगति से आगे बढ़ता है और आधुनिक infrastructure के जरिए नए अवसरों का निर्माण कर रहा है। हमारी विरासत और भविष्य की हमारी आकांक्षाएं साथ-साथ आगे बढ़ रही हैं: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2026
आधुनिक शहरों में हमें holistic infrastructure की जरूरत होती है। और इसलिए बीते एक दशक में, हमने पूरे देश में metro network का बहुत बड़ा expansion किया है: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2026
आज देश में port infrastructure को भी मजबूत बनाया जा रहा है, ताकि shipping sector नई ऊंचाइयों तक पहुंच सके: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2026