Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ-১ শাখাত ৰূপৰ পদক অৰ্জন কৰা অৱনী লেখাৰাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ-১ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অৱনী লেখাৰাক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে প্ৰতিযোগিতাখনত অৱনী লেখাৰাৰ আকৰ্ষণীয় প্ৰদৰ্শন, ধাৰাবাহিকতা আৰু দৃঢ় সংকল্পৰ প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে অৱনী লেখাৰাৰ এই সাফল্যই দেশবাসীক গৌৰৱান্বিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে তেওঁৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভকামনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে প্ৰকাশ কৰিছে—

 

“অৱনী লেখাৰাৰ এক চমৎকাৰ ৰূপৰ পদক!

এছিয়ান পেৰা গেমছ ২০২৬ৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ-১ শাখাত আকৰ্ষণীয় প্ৰদৰ্শনেৰে ৰূপৰ পদক অৰ্জন কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ। তেওঁৰ ধাৰাবাহিকতা আৰু দৃঢ় সংকল্পই দেশবাসীক গৌৰৱান্বিত কৰিছে। তেওঁৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে আন্তৰিক শুভকামনা জনালোঁ।”

@narendramodi”

 

******

MJPS/SS/ST/DM