Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহা নৱমী উপলক্ষ্যে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


মা সিদ্ধিদাত্ৰীক প্ৰাৰ্থনা জনালে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা নৱমী উপলক্ষ্যে দেশৰ সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু মা সিদ্ধিদাত্ৰীৰ চৰণত প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে কামনা কৰে যে মা সিদ্ধিদাত্ৰীয়ে তেওঁৰ সকলো ভক্তকে তেওঁলোকৰ সংকল্প পূৰণৰ  বাবে আশীৰ্বাদ প্ৰদান কৰক।

 

শ্ৰী মোদীয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে লিখিছে—

“ মহা নৱমী উপলক্ষ্যে দেশৰ সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই পৱিত্ৰ ক্ষণত মা সিদ্ধিদাত্ৰীৰ চৰণত মোৰ কোটি কোটি প্ৰণাম জনাইছোঁ। দেৱীয়ে  তেওঁৰ সকলো ভক্তকে সংকল্প সিদ্ধিৰ বাবে আশীৰ্বাদ প্ৰদান কৰক, এয়াই মোৰ আন্তৰিক প্ৰাৰ্থনা।”

 

******

MJPS/SS/ST/DM