প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব।
৩০ অক্টোবৰত পুৱা প্ৰায় ৯.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বানসকাণ্ঠাৰ গৰু-ম’হ ফাৰ্মত থকা এমব্ৰিঅ’ ট্ৰেন্সফাৰ টেকন’লজি-ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন (ইটি-আইভিএফ) গৱেষণাগাৰ আৰু ভাৰত গো প্ৰজনন আৰু গৱেষণা কেন্দ্ৰ (বিবিবিআৰচি) পৰিদৰ্শন কৰিব। পুৱা প্ৰায় ১০.৩০ বজাত তেওঁ বানসকাণ্ঠাত ১৪,০০০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, উদ্বোধন কৰিব আৰু দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিব। তেওঁ পিএম-কিষাণৰ অধীনত ১৯,০০০ কোটি টকাৰ ২৪ সংখ্যক কিস্তিও মুকলি কৰাৰ লগতে দুটা ৰে’ল সেৱাৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে তেওঁ সমবেত লোকসকলকো সম্বোধন কৰিব।
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে কেৱাড়িয়াৰ একতা নগৰলৈ যাত্ৰা কৰিব। সন্ধিয়া প্ৰায় ৫ বজাত তেওঁ ভাৰত পৰ্ব ২০২৬ উদ্বোধন কৰিব। সন্ধিয়া প্ৰায় ৭.৪৫ বজাত তেওঁ একতা প্ৰকাশ পৰ্ব উপভোগ কৰাৰ পিছত সন্ধিয়া প্ৰায় ৮.১৫ বজাত নৰ্মদা আৰতি অনুষ্ঠানত অংশ ল’ব।
৩১ অক্টোবৰত পুৱা প্ৰায় ৯ বজাত প্ৰধানমন্ত্ৰীয়ে একতাৰ মূৰ্তি (ষ্টেচু অব ইউনিটী)ত পুষ্পাঞ্জলি তর্পণ কৰিব। তাৰ পিছত পুৱা ৯.১৫ বজাত তেওঁ একতা নগৰত ৪০০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ পাছত তেওঁ একতা নগৰৰ ৰেইন ফৰেষ্ট আৰু বামন বৃক্ষ বাটিকা ভ্ৰমণ কৰিব। সন্ধিয়া প্ৰায় ৫.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
বানসকাণ্ঠাত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ বানসকাণ্ঠাৰ ভিলডিত ভাৰত গো প্ৰজনন আৰু গৱেষণা কেন্দ্ৰ (বিবিবিআৰচি) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ১২৭ একৰ বিস্তৃত এই কেন্দ্ৰটো এটা অত্যাধুনিক উৎকৃষ্টতা কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। বিবিবিআৰচিয়ে গো প্ৰজনন, আনুবংশিক উন্নয়ন আৰু উন্নত প্ৰজনন প্ৰযুক্তিক শক্তিশালী কৰি প্ৰজাতিৰ উন্নতি ১০-২০ গুণ বৃদ্ধি কৰিব। এয়া হ’ব কানক্ৰেজ গৰু প্ৰজাতিৰ বাবে উৎসৰ্গিত দেশৰ প্ৰথমটো এনেধৰণৰ সুবিধা।
প্ৰধানমন্ত্ৰীয়ে থাৰড় আৰু ৰধনপুৰত বানস ডেইৰীৰ দুটা জৈৱ-চিএনজি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰ গৰুৰ গোবৰ প্ৰক্ৰিয়াকৰণ ক্ষমতা প্ৰতিদিনে ক্ৰমে ৭৫ আৰু ১০০ মেট্ৰিক টন।
প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ মেট্ৰ’ পৰ্যায়-২ক (বিমানবন্দৰ সম্প্ৰসাৰণ) আৰু পৰ্যায়-২খ (গিফ্ট চিটি সম্প্ৰসাৰণ)ৰ আধাৰশিলা স্থাপন কৰিব। দ্বিতীয় পৰ্যায়ৰ দৈৰ্ঘ্য ৬ কিলোমিটাৰতকৈ অধিক হ’ব, যিয়ে কোটেশ্বৰ ৰোডৰ পৰা বিমানবন্দৰলৈ পাঁচটা ষ্টেচনক সামৰি ল’ব। আনহাতে দ্বিতীয় পৰ্যায়ৰ দৈৰ্ঘ্য ৩.৩ কিলোমিটাৰতকৈ অধিক হ’ব, যি গিফ্ট চিটিৰ পৰা শ্বাহপুৰলৈ তিনিটা ষ্টেচনক সামৰি ল’ব।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২,৬০০ কোটি টকা ব্যয়েৰে আহমেদাবাদ-মেহছানা পথ (ৰাজ্যিক ঘাইপথ-৪১) চাৰি লেনৰ পৰা আঠ লেনলৈ উন্নীত আৰু শক্তিশালীকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোৱে আহমেদাবাদ আৰু উত্তৰ গুজৰাটৰ মাজৰ যাত্ৰা দ্ৰুত, নিৰাপদ আৰু অধিক আৰামদায়ক কৰি তুলিব।
প্ৰধানমন্ত্ৰীয়ে গুজৰাটত শিশু-অনুকূল নতুন অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব আৰু সম্পূৰ্ণ হোৱা ৩৬১ টা শিশু-অনুকূল অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰিব। ৮০০ কোটি টকাৰ বিনিয়োগৰ এই পদক্ষেপৰ জৰিয়তে ৪ লাখৰো অধিক লোক উপকৃত হ’ব।
প্ৰধানমন্ত্ৰীয়ে কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত সম্পূৰ্ণ হোৱা ৫২১ টা প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব, যাৰ মুঠ প্ৰকল্প ব্যয় প্ৰায় ৪,৯৫০ কোটি টকা। এই প্ৰকল্পসমূহৰ ভিতৰত আছে শীতল ভাণ্ডাৰৰ সুবিধা আৰু শীতল শৃংখল, গুদাম, শস্য ভাণ্ডাৰ (ছাইলো), পলিহাউছ আৰু গ্ৰীনহাউছ, সংহত প্ৰাথমিক আৰু গৌণ প্ৰসংস্কৰণ সুবিধা আৰু প্ৰাথমিক প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ।
প্ৰধানমন্ত্ৰীয়ে সনাদৰত আলু প্ৰসংস্কৰণ সম্প্ৰসাৰণ প্ৰকল্পৰ উদ্বোধন কৰিব আৰু পালানপুৰত অতি উচ্চ তাপমাত্ৰাত প্ৰসংস্কৰণ (ইউএইচটি) সামগ্ৰীৰ বাবে স্বয়ংক্ৰিয় সংৰক্ষণ আৰু পুনৰুদ্ধাৰ ব্যৱস্থা (এএছআৰএছ) আৰম্ভ কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৰে’ল যোগাযোগ শক্তিশালী কৰি আহমেদাবাদ (সবৰমতী)-বাৰাণসী এক্সপ্ৰেছ আৰু মেহছানা-বেচাৰাজী-সবৰমতী ‘মেমু’ ৰে’ল সেৱাৰ শুভাৰম্ভ কৰিব।
প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ কৃষকসকলৰ বাবে ১৯,০০০ কোটি টকাৰ পিএম-কিষাণৰ ২৪ সংখ্যক কিস্তি মুকলি কৰিব। তেওঁ ১২ টা অনুমোদিত আঞ্চলিক উদ্যানকৃষি গোটৰ অধীনত প্ৰত্যক্ষ কাৰ্যকলাপৰো আৰম্ভণি কৰিব। প্ৰায় ১.৪৬ লাখ হেক্টৰ এলেকা সামৰি লোৱা এই গোটসমূহে ১.৩ লাখৰো অধিক কৃষকক উপকৃত কৰিব বুলি আশা কৰা হৈছে। উত্তৰ গুজৰাটৰ দুটা গোটে আলু খেতিত গুৰুত্ব দিব।
একতা নগৰত প্ৰধানমন্ত্ৰী
৩০ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে একতা নগৰত ভাৰত পৰ্ব ২০২৬ উদ্বোধন কৰিব। ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু ৰাষ্ট্ৰীয় একতাৰ উদযাপন আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চেতনাৰ প্ৰতীক হিচাপে উদযাপন কৰা এই উৎসৱে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক তেওঁলোকৰ বিশেষ পৰম্পৰা, লোককলা প্ৰদৰ্শন, থলুৱা ৰন্ধন প্ৰণালী, হস্তশিল্প আৰু পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। এই উৎসৱে একতা নগৰ আৰু ইয়াৰ কাষৰীয়া স্থানসমূহত পৰ্যটন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই উৎসৱ ২০২৬ চনৰ ১৫ নৱেম্বৰলৈকে চলিব।
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ একতা, বৈচিত্ৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু প্ৰগতি উদযাপন কৰা আলোকসজ্জাৰ উৎসৱ একতা প্ৰকাশ পৰ্ব উপভোগ কৰিব। এই উৎসৱে বিষয়ভিত্তিক আলোকসজ্জা আৰু ভিন্নৰঙী আলোকসজ্জা প্ৰদৰ্শনৰ জৰিয়তে একতা নগৰত নিশাৰ পৰ্যটনৰ প্ৰচাৰ কৰে। ইয়াত দুটা প্ৰধান আকৰ্ষণ আছে। ‘প্ৰাচীন ভাৰতৰ পৰা আধুনিক ভাৰতলৈ’ বিষয়বস্তুৰে নিৰ্মিত ৫৩০ মিটাৰ দৈৰ্ঘ্যৰ ভেলী অব ফ্লাৱাৰ্ছ ৰোড আলোকসজ্জাই ভাৰতৰ ৰাষ্ট্ৰীয় পৰিচয়, সভ্যতা, মহিলা সবলীকৰণ, নিৰাপত্তা বাহিনী, প্ৰযুক্তি, যোগ আৰু শিশুসকলৰ বাবে এখন কল্পনাশীল পৃথিৱী প্ৰদৰ্শন কৰে। ‘ভাৰতৰ বৈচিত্ৰ্যত একতা’ শীৰ্ষক ১৮০ মিটাৰ দৈৰ্ঘ্যৰ গ্লো টানেলে ভাৰতৰ চাৰিটা অঞ্চলৰ সংস্কৃতি, স্থাপত্য, লোকনৃত্য, হস্তশিল্প আৰু জীৱনশৈলীৰ এক অভিজ্ঞতা প্ৰদান কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে সৃষ্টি কৰা শিল্পকলাৰ সৈতে প্ৰদৰ্শনীত ১.৫ কোটিৰো অধিক এল ই ডি লাইট ব্যৱহাৰ কৰা হৈছে।
৩১ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে একতা নগৰত ৪০০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে এটা নৰ্দমা আৰু পানী শোধন প্ৰকল্প, সন্মুখভাগৰ আলোকসজ্জা, নৰ্মদা ঘাটৰ উন্নয়ন, আইআৰচিটিচি হোটেল আৰু একতা নগৰত ৰেইন ফৰেষ্ট, ইউনিটি আৰু ইকো ট্ৰেইল আদি। প্ৰধানমন্ত্ৰীয়ে গোৰা-ভন্দ্ৰা পথ উন্নয়ন; সংহত শূন্য আৱৰ্জনা গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প; খালৱানী পৰিবেশ পৰ্যটন উন্নয়ন; কেকটাছ আৰু বাটাৰফ্লাই গাৰ্ডেনত সংহত উন্নয়নকে ধৰি বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে ২০২৬ চনৰ ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
একতা পেৰেডত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ), ৰাজ্যিক আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনসমূহৰ অনুশাসন, পেছাদাৰী মনোভাব, সাহস আৰু নিষ্ঠা প্ৰদৰ্শন কৰা হ’ব। এই বছৰৰ পেৰেডত বাওঁপন্থী উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নিৰাপত্তা বাহিনীৰ সাফল্য আৰু শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ দিশত পূৰ্বে প্ৰভাৱিত অঞ্চলসমূহৰ ৰূপান্তৰত বিশেষ গুৰুত্ব দিয়া হ’ব।
উদযাপনৰ এটা মুখ্য আকৰ্ষণ হ’ব নেচনেল স্কুল অব ড্ৰামা (এনএছডি)ৰ দ্বাৰা পৰিবেশিত নক্সালমুক্ত ভাৰত বিষয়ক এখন বিশেষ নাটৰ প্ৰদৰ্শন, য’ত বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত ১২৬ খন জিলাৰ প্ৰায় ২,০০০ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিব। নাট পৰিবেশনৰ জৰিয়তে শিল্পীসকলে এই অঞ্চলসমূহৰ সম্প্ৰদায়সমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ লগতে শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ দিশত তেওঁলোকৰ যাত্ৰাক চিত্ৰায়িত কৰিব।
প্ৰদৰ্শনীমূলক সুসজ্জিত বাহন আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ ‘বন্দে মাতৰম’ৰ ওপৰত কেন্দ্ৰীভূত হ’ব, যিয়ে দেশপ্ৰেম, ৰাষ্ট্ৰীয় গৌৰৱ আৰু সামূহিক ভাতৃত্ববোধক প্ৰতিফলিত কৰিব। প্ৰদৰ্শনীমূলক সুসজ্জিত বাহনসমূহে জনসাধাৰণৰ প্ৰত্যাশা, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সাংস্কৃতিক চহকীতা আৰু জনসাধাৰণৰ উন্নয়নৰ যাত্ৰাক প্ৰদৰ্শন কৰিব।
সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় ৫,০০০ শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া এক বিশাল সাংস্কৃতিক প্ৰদৰ্শনীয়ে দেশৰ বৈচিত্ৰ্যময় শাস্ত্ৰীয় আৰু লোক পৰম্পৰা, সংগীত, নৃত্য আৰু কলাত্মক ঐতিহ্যক উদযাপন কৰিব।
****
MJPS/SS/VJ/ST/NB