Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কানাড়া ৰাজ্যোৎসৱ উপলক্ষে কৰ্ণাটকৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


কানাড়া ৰাজ্যোৎসৱ উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে কৰ্ণাটক হৈছে সমৃদ্ধ পৰম্পৰা, উল্লেখযোগ্য সাফল্য আৰু অপৰিসীম সম্ভাৱনাৰে পৰিপূৰ্ণ এখন ৰাজ্য। ৰাজ্যখনৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু চিৰন্তন ৰীতি-নীতিয়ে আমাৰ দেশৰ সাংস্কৃতিক পৰিচয়ক সমৃদ্ধ কৰি আহিছে।প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “কৰ্ণাটকৰ জনসাধাৰণে নিজৰ কঠোৰ পৰিশ্ৰম, উদ্যম আৰু অসাধাৰণ দক্ষতাৰ জৰিয়তে বিশেষ পৰিচয় লাভ কৰিছে, বিশেষকৈ ভৱিষ্যমুখী উদ্যোগসমূহত।তথ্য-প্ৰযুক্তি, জৈৱ-প্ৰযুক্তি আৰু মহাকাশ উদ্যোগৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তা, উন্নত উৎপাদন উদ্যোগ আৰু নৱীন উদ্যোগলৈকে বিভিন্ন ক্ষেত্ৰত কৰ্ণাটকৰ জনসাধাৰণে বাৰে বাৰে নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছে।”

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা বাৰ্তাত এনেদৰে কয়—

 

“কানাড়া ৰাজ্যোৎসৱৰ আনন্দময় উপলক্ষ্যত কৰ্ণাটকৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ!

কৰ্ণাটক হৈছে সমৃদ্ধ পৰম্পৰা, উল্লেখযোগ্য সাফল্য আৰু অপৰিসীম সম্ভাৱনাৰে পৰিপূৰ্ণ এখন ৰাজ্য। ৰাজ্যখনৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু চিৰন্তন ৰীতি-নীতিয়ে আমাৰ দেশৰ সাংস্কৃতিক পৰিচয়ক সমৃদ্ধ কৰি আহিছে।

কৰ্ণাটকৰ জনসাধাৰণে নিজৰ কঠোৰ পৰিশ্ৰম, উদ্যম আৰু অসাধাৰণ দক্ষতাৰ জৰিয়তে বিশেষ পৰিচয় লাভ কৰিছে, বিশেষকৈ ভৱিষ্যমুখী উদ্যোগসমূহত।তথ্য-প্ৰযুক্তি, জৈৱ-প্ৰযুক্তি আৰু মহাকাশ উদ্যোগৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তা, উন্নত উৎপাদন উদ্যোগ আৰু নৱীন উদ্যোগলৈকে বিভিন্ন ক্ষেত্ৰত কৰ্ণাটকৰ জনসাধাৰণে বাৰে বাৰে নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছে। বিশ্বৰ সমূখত থকা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ সমাধান আগবঢ়োৱাৰ ক্ষেত্ৰতো তেওঁলোক অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

এই বিশেষ উপলক্ষ্যই জনসাধাৰণৰ জীৱনলৈ আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই আনক।”

 

***

MJPS/SS/VJ/DM