হাৰিয়ানা ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে কয় যে গৌৰৱোজ্জ্বল ইতিহাস, অসাধাৰণ বীৰত্ব আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ হাৰিয়ানা দেশবাসীৰ বাবে গৌৰৱৰ উৎস।
ৰাজ্যখনৰ লোক-পৰম্পৰা আৰু প্ৰাণৱন্ত গ্ৰাম্য সংস্কৃতিয়ে সদায় ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰি আহিছে।প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “কৃষি, ক্ৰীড়া, প্ৰতিৰক্ষা সেৱা, উদ্যোগ, শিক্ষা আৰু নতুন উদ্যোগকে ধৰি বিভিন্ন ক্ষেত্ৰত হাৰিয়ানাৰ জনসাধাৰণে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে নিজৰ প্ৰতিভা আৰু দৃঢ় সংকল্পৰ পৰিচয় দাঙি ধৰিছে।ৰাজ্যখনৰ খেলুৱৈসকলে ত্ৰিৰংগাৰ সন্মান বৃদ্ধি কৰিছে, আনহাতে কৃষকসকলে দেশৰ খাদ্য সুৰক্ষা অধিক শক্তিশালী কৰি তুলিছে।”
প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এটি বাৰ্তাত কয়—
“হাৰিয়ানা দিৱস উপলক্ষে ৰাজ্যখনৰ মোৰ সকলো পৰিয়ালৰ লোকসকললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ!
গৌৰৱোজ্জ্বল ইতিহাস, অসাধাৰণ বীৰত্ব আৰু সমৃদ্ধ সংস্কৃতিৰে সমৃদ্ধ আমাৰ এই ৰাজ্যখন দেশৰ গৌৰৱ।ইয়াৰ লোক-পৰম্পৰা আৰু প্ৰাণৱন্ত গ্ৰাম্য সংস্কৃতিয়ে সদায় দেশৰ সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰি আহিছে।
হাৰিয়ানাৰ জনসাধাৰণে নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে কৃষি, ক্ৰীড়া আৰু প্ৰতিৰক্ষা সেৱাৰ পৰা আৰম্ভ কৰি উদ্যোগ, শিক্ষা আৰু নৱীন উদ্যোগলৈকে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু দৃঢ় সংকল্পৰ পৰিচয় দাঙি ধৰিছে।ইয়াৰ খেলুৱৈসকলে ত্ৰিৰংগাৰ সন্মান বৃদ্ধি কৰিছে, আনহাতে অন্নদাতাসকলে দেশৰ খাদ্য সুৰক্ষা অধিক শক্তিশালী কৰি তুলিছে।
এই বিশেষ উপলক্ষ্যই ৰাজ্যখনৰ প্ৰতিগৰাকী লোকৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক, সেয়াই কামনা কৰিছোঁ।”
हरियाणा दिवस की राज्य के मेरे सभी परिवारजनों को बहुत-बहुत बधाई और शुभकामनाएं!
गौरवशाली इतिहास, अद्भुत पराक्रम और समृद्ध संस्कृति से सुसज्जित हमारा यह प्रदेश देश की शान है। यहां की लोक परंपराओं और जीवंत ग्रामीण संस्कृति ने राष्ट्र की सांस्कृतिक धरोहर को हमेशा समृद्ध किया है।
हरियाणा के लोगों ने अपने परिश्रम और समर्पण से कृषि, खेल और रक्षा सेवाओं से लेकर उद्योग, शिक्षा और स्टार्टअप तक अपनी प्रतिभा और संकल्प का लोहा मनवाया है। यहां के खिलाड़ी तिरंगे का मान बढ़ा रहे हैं, तो अन्नदाता देश की खाद्य सुरक्षा को मजबूती दे रहे हैं।
मैं कामना करता हूं कि यह विशेष अवसर यहां के सभी लोगों के जीवन में खुशहाली लेकर आए।
— Narendra Modi (@narendramodi) November 1, 2026
****
MJPS/SS/VJ/DM
हरियाणा दिवस की राज्य के मेरे सभी परिवारजनों को बहुत-बहुत बधाई और शुभकामनाएं! गौरवशाली इतिहास, अद्भुत पराक्रम और समृद्ध संस्कृति से सुसज्जित हमारा यह प्रदेश देश की शान है। यहां की लोक परंपराओं और जीवंत ग्रामीण संस्कृति ने राष्ट्र की सांस्कृतिक धरोहर को हमेशा समृद्ध किया है। हरियाणा के लोगों ने अपने परिश्रम और समर्पण से कृषि, खेल और रक्षा सेवाओं से लेकर उद्योग, शिक्षा और स्टार्टअप तक अपनी प्रतिभा और संकल्प का लोहा मनवाया है। यहां के खिलाड़ी तिरंगे का मान बढ़ा रहे हैं, तो अन्नदाता देश की खाद्य सुरक्षा को मजबूती दे रहे हैं। मैं कामना करता हूं कि यह विशेष अवसर यहां के सभी लोगों के जीवन में खुशहाली लेकर आए।
— Narendra Modi (@narendramodi) November 1, 2026