Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মধ্যপ্ৰদেশ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


মধ্যপ্ৰদেশ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ  জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।শ্ৰী মোদীয়ে কয় যে মধ্যপ্ৰদেশ হৈছে গৌৰৱোজ্জ্বল ঐতিহ্য, সমৃদ্ধ সংস্কৃতি আৰু অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এখন ৰাজ্য।বিশ্ববিখ্যাত ঐতিহ্যক্ষেত্ৰসমূহেও ৰাজ্যখনৰ ঐতিহাসিক পৰিচয়ক অধিক সমৃদ্ধ কৰি তুলিছে।প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “মধ্যপ্ৰদেশৰ জনসাধাৰণে নিজৰ প্ৰতিভা আৰু উদ্যমিতাৰ জৰিয়তে প্ৰতিটো ক্ষেত্ৰতে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

কৃষি, উদ্যোগ, পৰ্যটন, শিক্ষা আৰু আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি উদ্ভাৱনলৈকে প্ৰতিটো ক্ষেত্ৰতে ৰাজ্যখনে নিত্য-নতুন সাফল্য অৰ্জন কৰিছে।”

 

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত  প্ৰকাশ কৰা  এটি বাৰ্তাত কয়—

“মধ্যপ্ৰদেশৰ সকলো ভাই-ভনীলৈ ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ!আমাৰ এই ৰাজ্যখন গৌৰৱোজ্জ্বল ঐতিহ্য, সমৃদ্ধ সংস্কৃতি আৰু অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ ভূমি।ইয়াৰ বিশ্ববিখ্যাত ঐতিহ্যক্ষেত্ৰসমূহে ৰাজ্যখনৰ ঐতিহাসিক পৰিচয়ক অধিক গৌৰৱময় কৰি তুলিছে।

মধ্যপ্ৰদেশৰ জনসাধাৰণে নিজৰ প্ৰতিভা আৰু উদ্যমিতাৰ জৰিয়তে প্ৰতিটো ক্ষেত্ৰতে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

কৃষি, উদ্যোগ, পৰ্যটন, শিক্ষা আৰু আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি উদ্ভাৱনলৈকে ৰাজ্যখনে প্ৰতিদিনে নতুন নতুন সাফল্য অৰ্জন কৰি আহিছে। সৰ্বাংগীণ উন্নয়নৰ সমান্তৰালভাৱে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰতো ৰাজ্যখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

এই বিশেষ উপলক্ষ্যই  ৰাজ্যখনৰ মোৰ পৰিয়ালৰ লোকসকলৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক,  সেয়াই কামনা কৰিছোঁ।”

 

****

MJPS/SS/VJ/DM