Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু প্ৰদৰ্শনী ২০২৬


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ নৱেম্বৰৰ বিয়লি প্ৰায় ৪.৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু প্ৰদৰ্শনী ২০২৬ উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত  তেওঁ সমবেত লোকসকলক সম্বোধনো কৰিব। চাৰিদিনীয়া এই সন্মিলনখন ২০২৬ চনৰ ২ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। সন্মিলনখনৰ মূল বিষয়বস্তু হৈছে ‘বিনিয়োগ, উদ্ভাৱন আৰু প্ৰেৰণা’।

ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন ২০২৬ত ১৩০খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সন্মিলনত ৪০গৰাকীতকৈও অধিক মন্ত্ৰীৰ লগতে নীতি নিৰ্ধাৰক, বিনিয়োগকাৰী, বিত্তীয় প্ৰতিষ্ঠান আৰু উদ্যোগ জগতৰ নেতৃবৰ্গও উপস্থিত থাকিব। স্বচ্ছ শক্তিৰ ক্ষেত্ৰত বিনিয়োগ, উদ্যোগ খণ্ডৰ সহযোগিতা আৰু প্ৰযুক্তিগত অংশীদাৰিত্বৰ বাবে এই সন্মিলনখনে এখন বিশ্বজনীন মঞ্চ হিচাপে কাম কৰিব।

অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, ইউৰোপীয় সংঘ, ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ডছ, নৰৱে, ছুইডেন আৰু ব্ৰিটেইনে সহযোগী দেশ হিচাপে এই সন্মিলনত অংশগ্ৰহণ কৰিব।

অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, দিল্লী, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগকে ধৰি ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে নিজৰ নিজৰ নৱীকৰণযোগ্য শক্তিৰ সম্ভাৱনা, বিনিয়োগৰ সুযোগ আৰু উৎপাদন ক্ষমতা প্ৰদৰ্শন কৰিব।

এই সন্মিলনৰ সমান্তৰালভাৱে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ (আই এছ এ) নৱম অধিৱেশন তথা  চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন সন্মিলনো অনুষ্ঠিত হ’ব।

ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলনে স্বচ্ছ শক্তি খণ্ডৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ, উদ্যোগ আৰু প্ৰযুক্তিগত অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰিব। আনহাতে, আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ অধিৱেশনে বিত্তীয় সহযোগিতা তথা প্ৰতিষ্ঠানিক সক্ষমতাকে ধৰি সৌৰ শক্তিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আগবঢ়াই নিয়াত গুৰুত্ব দিব।

চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন সন্মিলনত সেউজ হাইড্ৰজেন প্ৰযুক্তি, বিনিয়োগ আৰু ইয়াৰ উৎপাদন তথা ব্যৱহাৰৰ পৰিসৰ সম্প্ৰসাৰণৰ বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হ’ব। এই তিনিওখন মঞ্চই একেলগে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ লগতে স্বচ্ছ শক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰাত সহায় কৰিব।

ভাৰতৰ নৱীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগৰ বাবে অনুষ্ঠিত প্ৰধান সন্মিলন ‘ৰি-ইনভেষ্ট’ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন ২০২৬-এ স্বচ্ছ শক্তিৰ সমগ্ৰ ক্ষেত্ৰখনতে বিশ্বজনীন সহযোগিতাৰ বাবে  বিস্তৃত মঞ্চ আগবঢ়াব।

বিনিয়োগ, অংশীদাৰিত্ব আৰু প্ৰকল্পৰ বিকাশক উৎসাহিত কৰাৰ উদ্দেশ্যে এই সন্মিলনত পূৰ্ণাংগ অধিৱেশন, মন্ত্ৰী পৰ্যায়ৰ আলোচনা, মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেল আৰু দেশ তথা ৰাজ্যভিত্তিক অধিৱেশনৰ আয়োজন কৰা হ’ব। ইয়াৰ উপৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ মাজত, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰৰ মাজত তথা চৰকাৰসমূহৰ মাজত আলোচনাৰ ব্যৱস্থাও থাকিব।

প্ৰদৰ্শনীখনত ৪০০তকৈও অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব। তেওঁলোকে সৌৰ আৰু বায়ু শক্তি, সেউজ হাইড্ৰজেন, শক্তি সংৰক্ষণ আৰু অন্যান্য উদীয়মান ক্ষেত্ৰৰ উন্নত প্ৰযুক্তি, ভাৰতীয় উৎপাদন ক্ষমতা আৰু স্বচ্ছ শক্তিৰ সমাধানসমূহ প্ৰদৰ্শন কৰিব।

 

****

MJPS/SS/VJ/ST/DM