প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰু–মুম্বাই বন্দে ভাৰত শয়নযান ৰে’লক ৰে’ল যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত উল্লেখযোগ্য সংযোজন হিচাপে অভিহিত কৰিছে।
শ্ৰী মোদীয়ে কয় যে বন্দে ভাৰত শয়নযান ৰে’ল সেৱাই বেংগালুৰু আৰু মুম্বাইৰ মাজৰ যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
এই সেৱাই ৰে’ল যাত্ৰা অধিক সুবিধাজনক কৰি তোলাৰ লগতে ৰাজ্যসমূহৰ মাজৰ যোগাযোগ ব্যৱস্থাও উন্নত কৰিব বুলি তেওঁ ব্যক্ত কৰে।
তেওঁ কয় যে এই সেৱাৰ জৰিয়তে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ জনসাধাৰণ উপকৃত হ’ব।বিশেষকৈ যুৱ প্ৰজন্ম, তথ্য-প্ৰযুক্তি খণ্ডৰ কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ বাবে এই ৰে’ল সেৱা বিশেষভাৱে লাভজনক হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত এই সন্দৰ্ভত এনেদৰে প্ৰকাশ কৰিছে—
“উন্নত ৰে’ল যোগাযোগ ব্যৱস্থাৰ দিশত আন এটা পদক্ষেপ, সেয়াও প্ৰযুক্তি আৰু উদ্ভাৱনৰ নগৰী বেংগালুৰুৰ পৰা!
বন্দে ভাৰত শয়নযান ৰে’লে বেংগালুৰু আৰু মুম্বাইৰ মাজৰ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন আনিব।
এই ৰে’লখনে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ জনসাধাৰণক উপকৃত কৰিব। বিশেষকৈ যুৱ প্ৰজন্ম, তথ্য-প্ৰযুক্তি খণ্ডৰ কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকল ইয়াৰ দ্বাৰা বিশেষভাৱে লাভান্বিত হ’ব।”
Another step towards better rail connectivity and that too from Bengaluru, the city of technology and innovation!
The Vande Bharat Sleeper Train will be a game changer for connectivity between Bengaluru and Mumbai.
This train will benefit Karnataka, Andhra Pradesh and Maharashtra, especially benefitting youngsters, IT professionals and students.
— Narendra Modi (@narendramodi) November 1, 2026
****
MJPS/SS/VJ/DM
Another step towards better rail connectivity and that too from Bengaluru, the city of technology and innovation! The Vande Bharat Sleeper Train will be a game changer for connectivity between Bengaluru and Mumbai. This train will benefit Karnataka, Andhra Pradesh and Maharashtra, especially benefitting youngsters, IT professionals and students.
— Narendra Modi (@narendramodi) November 1, 2026