Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি পোহৰৰ উৎসৱে অন্ধকাৰৰ বিৰুদ্ধে সংকল্প প্ৰতিফলিত কৰে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে দীপাৱলীৰ শুভ ক্ষণত দেশবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে পোহৰৰ এই উৎসৱে সমগ্ৰ দেশ আলোকিত কৰাৰ লগতে অন্ধকাৰ দূৰ কৰাৰ দৃঢ় সংকল্প প্ৰতিফলিত কৰে। এই উৎসৱ আৰু আগন্তুক দিনবোৰে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক বুলি তেওঁ কামনা কৰে।

 

শ্ৰীমোদীয়ে উল্লেখ কৰে যে তেওঁ অত্যন্ত উৎসাহেৰে দীপাৱলী উদযাপন কৰাৰ লগতে পূৰ্বৰ বছৰবোৰৰ দৰেই এইবাৰো দেশৰ বীৰ জোৱানসকলৰ সৈতে উৎসৱ উদযাপনৰ পৰম্পৰা অব্যাহত ৰাখিব।

 

দীপাৱলীৰ শুভেচ্ছাৰে সমৃদ্ধ এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখে; “সকলোলৈকৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ!”

 

***********

MJPS/SS/ST