Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চাৰিদিনীয়া ষট মহাপৰ্বৰ আৰম্ভণি উপলক্ষে ৰাষ্ট্ৰক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ


লোকবিশ্বাস আৰু সূৰ্য পূজাৰ বাবে উৎসর্গীকৃত চাৰিদিনীয়া পবিত্ৰ অনুষ্ঠান ষট মহাপৰ্বৰ আৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত শ্বেয়াৰ কৰিছেঃ

“লোকবিশ্বাস আৰু সূৰ্য উপাসনাৰ চাৰিদিনীয়া পবিত্ৰ উৎসৱ ষটৰ আৰম্ভণিতে সমগ্ৰ দেশবাসীলৈ শুভেচ্ছা জনালোঁ। আজি ‘নহায়-খায়’। ব্ৰত পালন কৰি থকা সকলো ভক্তক মোৰ শুভেচ্ছা জনালোঁ। সকলোৱে ষঠি মাইয়াৰ আশীৰ্বাদ লাভ কৰক, সেয়াই কামনা।”

*****

MJPS/SS/PRK/HS