এই পৱিত্ৰ দীপাৱলী উৎসৱ উপলক্ষে আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ষঠী মাইয়াৰ পূজাৰ অনুষ্ঠানো সমাগত। সেই উপলক্ষে আপোনালোক সকলোলৈ আগতীয়াকৈ আন্তৰিক শুভকামনা জনালোঁ। সকলোকে মোৰ আন্তৰিক শুভেচ্ছা।
ইণ্ডিয়া টুডে গোষ্ঠীৰ অধ্যক্ষ তথা মুখ্য সম্পাদক শ্ৰীযুত অৰুণ পুৰী জী, কৃষি বিজ্ঞানীসকল, কৃষি উদ্যোগীসকল, কৃষক বন্ধুসকল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা বিশিষ্ট অতিথিসকল তথা উপস্থিত গণ্য-মান্য ব্যক্তিসকলক মোৰ আন্তৰিক সম্ভাষণ জনাইছোঁ।
সৰ্বপ্ৰথমে, এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মই ইণ্ডিয়া টুডে গোষ্ঠীক আন্তৰিক অভিনন্দন জনাইছোঁ। দেশে যেতিয়া স্বচ্ছতা অভিযান আৰম্ভ কৰিছিল, তেতিয়া ইণ্ডিয়া টুডে গোষ্ঠীয়ে অতি উৎসাহেৰে এই অভিযানত অংশগ্ৰহণ কৰিছিল। এতিয়া আপোনালোকে এই কৃষক মেলাৰ আয়োজন কৰিছে আৰু ইয়াৰ বাবে সম্পূৰ্ণ দুটা দিন উৎসৰ্গা কৰিছে। এয়া অতি ইতিবাচক আৰম্ভণি। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ। অৰুণ জীয়ে ইমান সুন্দৰ হিন্দী ভাষাত কথা কয়, গতিকে তেওঁলৈ দুগুণ অভিনন্দন।
বন্ধুসকল,
দেশৰ চৌদিশে উৎসৱৰ আনন্দ বিৰাজ কৰি থকাৰ সময়তে এই অনুষ্ঠান অনুষ্ঠিত হৈছে। দুই-তিনি দিন পূৰ্বে আমি দীপাৱলী উৎসৱ পালন কৰিলোঁ আৰু এতিয়া স
ষঠ মহাপৰ্বৰ আনন্দময় পৰিৱেশে সকলোকে আৱৰি ধৰিছে। ষঠ উৎসৱৰ সৈতে কৃষিজীৱনৰ গভীৰ সম্পৰ্ক আছে। আমাৰ দেশৰ অধিকাংশ উৎসৱ-পাৰ্বণেই কৃষি আৰু কৃষিকাৰ্যৰ সৈতে জড়িত। বিহু, পংগল, ওনাম, বৈশাখী, চৰহুল, পোলা আদি বহু উৎসৱ কৃষিৰ সৈতে সম্পৰ্কিত। অৰ্থাৎ কৃষি আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা আৰু সামাজিক জীৱনৰ ভেটি।
বন্ধুসকল,
লালকিল্লাৰ পৰা মই এখন বিকশিত ভাৰত গঢ়াৰ বাবে শক্তিৰ সাতটা ধাৰাৰ কথা উল্লেখ কৰিছিলোঁ। ইয়াৰ ভিতৰত কৃষি হৈছে এটা প্ৰধান ধাৰা। কৃষিৰ উন্নয়ন নকৰাকৈ, কৃষিক অধিক আধুনিক আৰু বুদ্ধিদীপ্ত কৰি নোতোলাকৈ তথা কৃষকসকলক শক্তিশালী নকৰাকৈ বিকশিত ভাৰত গঢ়া কোনোপধ্যে সম্ভৱ নহয়। সেইবাবেই এনে কৃষক সন্মিলনৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে।
বন্ধুসকল,
কৃষি আৰু দেশৰ প্ৰগতিৰ মাজৰ সম্পৰ্ক দুটা গুৰুত্বপূৰ্ণ তথ্যৰ জৰিয়তে আপোনালোকে বুজিব পাৰিব। শেহতীয়াকৈ বিশ্ব বেংকৰ দৰিদ্ৰতা সম্পৰ্কীয় এখন অধ্যয়ন প্ৰকাশ পাইছে আৰু সমগ্ৰ বিশ্বতে ইয়াক লৈ চৰ্চা চলিছে। এই অধ্যয়নত কোৱা হৈছে যে মাত্ৰ ১২-১৩ বছৰৰ ভিতৰতে ভাৰতৰ ৫০ কোটি দৰিদ্ৰ লোকে দৰিদ্ৰতাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে। ইয়াত লগতে কোৱা হৈছে যে গাঁও অঞ্চলত দৰিদ্ৰতা অতি দ্ৰুতগতিত হ্ৰাস পাইছে। ইয়াৰ অৰ্থ হৈছে, বহু সংখ্যক ক্ষুদ্ৰ কৃষক আৰু কৃষি শ্ৰমিক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে।
এতিয়া এই কথাৰ সৈতে আন এটা তথ্যৰ মিল চাওক। বিগত এটা দশকত ভাৰতৰ কৃষি খণ্ডৰ বিকাশৰ হাৰ ৪ শতাংশৰ ওপৰত আছে। স্বাধীনতাৰ পিছত এইটোৱেই হৈছে প্ৰথমটো দশক, য’ত দেশৰ কৃষি খণ্ডৰ গড় বিকাশৰ হাৰ ৪ শতাংশতকৈ অধিক হৈছে। আৰু একে সময়ছোৱাতে গাঁও অঞ্চলৰ বহু দৰিদ্ৰ লোকে দৰিদ্ৰতাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সংবাদ পৰিৱেশনৰ নিৰ্দিষ্ট দৃষ্টিভংগী আৰু নিজস্ব স্বাৰ্থৰ মাজত আৱদ্ধ হৈ থকা একাংশ লোকে দেশৰ এই সাফল্য লক্ষ্য কৰিবলৈ সক্ষম নহয়।
বন্ধুসকল,
কৃষিকাৰ্যৰ সৈতে জড়িত লোকসকল আৰু কৃষি বিশেষজ্ঞসকলে ভালদৰে জানে যে কৃষি নীতি আৰু কৃষি পদ্ধতিত নিৰন্তৰ পৰিৱৰ্তন কিমান প্ৰয়োজনীয়। দশক দশক ধৰি দেশ শাসন কৰা লোকসকলে কেৱল দেশৰ কৃষকসকলে খাদ্যশস্যৰ ভঁৰালসমূহ ভৰাই তোলাকে যথেষ্ট বুলি ভাবিছিল। কিন্তু তাৰ বিনিময়ত কৃষকসকলে কি লাভ কৰিছিল? কেৱল খাদ্যশস্যৰ ভঁৰাল টনকিয়াল কৰাই যথেষ্ট নহয়। সময়ৰ লগে লগে বিশ্বৰ পৰিৱৰ্তন হৈছে, বজাৰৰ পৰিৱৰ্তন হৈছে, মানুহৰ প্ৰয়োজনীয়তা সলনি হৈছে, খাদ্যাভ্যাস সলনি হৈছে, বতৰ সলনি হৈছে আৰু প্ৰযুক্তিৰো পৰিৱৰ্তন ঘটিছে। এই পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই কৃষকসকলক নতুন ধৰণে শক্তিশালী কৰাৰ প্ৰয়োজন আছিল। কিন্তু পূৰ্বতে এই দিশটোৰ প্ৰতিও গুৰুত্ব দিয়া হোৱা নাছিল।
বন্ধুসকল,
বিগত এটা দশকত দেশে এই পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলাফল আজি আমাৰ সন্মুখত স্পষ্ট। বৰ্তমান ভাৰতে প্ৰতি বছৰে চাৰি লাখ কোটি টকাৰো অধিক মূল্যৰ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰে। এই ৰপ্তানিৰ জৰিয়তে লাভ কৰা ধনে আমাৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিছে।
আজি গাখীৰ উৎপাদনত ভাৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থানত আছে। দাইল উৎপাদনতো ভাৰত প্ৰথম স্থানত আছে। মৰাপাট উৎপাদনতো ভাৰত প্ৰথম। ধান উৎপাদনতো ভাৰতে প্ৰথম স্থান লাভ কৰিছে। ঘেঁহু উৎপাদনত ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। কপাহ, ফল-মূল আৰু শাক-পাচলি উৎপাদনতো ভাৰত দ্বিতীয় স্থানত আছে। মাছ উৎপাদনত ভাৰতৰ স্থান দ্বিতীয়। লগতে বাজৰা আৰু অন্যান্য ক্ষুদ্ৰ মিলেটজাতীয় শস্য উৎপাদনতো ভাৰত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ উৎপাদক দেশ। এইবোৰ কেৱল পৰিসংখ্যা নহয়। এই তথ্যসমূহে ভাৰতীয় কৃষকসকলৰ সামৰ্থ্য কিমান বৃদ্ধি পাইছে, সেয়া প্ৰতিফলিত কৰে।
বন্ধুসকল,
ভাৰতৰ কৃষকসকলৰ সমৃদ্ধিৰ বাবে আৰু এটা বিষয়ত গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়। তেওঁলোক কেৱল ঘেঁহু, ধান আৰু কুঁহিয়াৰৰ দৰে পৰম্পৰাগত শস্যৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগিব। মই পুনৰ কৈছোঁ, কৃষক ভাইসকলে কেৱল ঘেঁহু, ধান আৰু কুঁহিয়াৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগে। সেইবাবেই চৰকাৰে অন্যান্য শস্য আৰু কৃষিৰ সৈতে জড়িত আন আন কৰ্মক্ষেত্ৰৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে।
এই প্ৰসংগত মই ইণ্ডিয়া টুডে গোষ্ঠীক এটা কথা মনত পেলাই দিব বিচাৰিছোঁ। ‘বিপ্লৱ’ শব্দটো ইণ্ডিয়া টুডে গোষ্ঠীৰ বিশেষভাৱে প্ৰিয়। সেয়েহে এতিয়া মই আপোনালোকৰ আগত কেইটামান বিপ্লৱৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ।
বন্ধুসকল,
এটা সময়ত সেউজ বিপ্লৱৰ জৰিয়তে দেশে খাদ্যশস্য উৎপাদনত আত্মনিৰ্ভৰশীলতা লাভৰ দিশত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ পিছত শ্বেত বিপ্লৱে ভাৰতক বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদক দেশ হিচাপে প্ৰতিষ্ঠা কৰিছিল।
আজি মই আপোনালোকক আৰু কেইটামান পৰিসংখ্যা দিম, যিয়ে দেখুৱাইছে যে এই যাত্ৰা এতিয়া কিমান দ্ৰুতগতিত আগবাঢ়িছে। বিগত এটা দশকত ভাৰতৰ গাখীৰ উৎপাদন প্ৰায় ৭০ শতাংশ বৃদ্ধি পাইছে। পুনৰ কৈছোঁ, ৭০ শতাংশ। কণী উৎপাদনো প্ৰায় ৯০ শতাংশ বৃদ্ধি পাইছে।
নীল বিপ্লৱৰ কথা ক’বলৈ গ’লে, এটা দশকত ভাৰতৰ মাছ উৎপাদন দুগুণতকৈও অধিক বৃদ্ধি পাইছে। মধু বিপ্লৱৰ জৰিয়তে মৌ-পালনৰ ক্ষেত্ৰতো নতুন নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। দেশত মৌ উৎপাদন প্ৰায় ৮০ হাজাৰ টনৰ পৰা বৃদ্ধি পাই ১.৫০ লাখ টন হৈছে। উদ্যান শস্যৰ ক্ষেত্ৰতো ভাৰতৰ উৎপাদন ২৮০ নিযুত টনৰ পৰা বৃদ্ধি পাই ৩৫০ নিযুত টনতকৈ অধিক হৈছে।
বন্ধুসকল,
এই সকলোবোৰ বিপ্লৱক বৃহত্তৰ দৃষ্টিভংগীৰে চালে দেখা যায় যে ইয়াৰ জৰিয়তে দেশৰ কৃষকসকলৰ বাবে উপাৰ্জনৰ একাধিক উৎস সৃষ্টি হৈছে। কৃষিৰ ভৱিষ্যতৰ বাবে এয়া অত্যন্ত প্ৰয়োজনীয়।
মই আপোনালোকক আৰু এটা উদাহৰণ দিবলৈ বিচাৰিছোঁ। সেয়া হৈছে সৌৰশক্তি বিপ্লৱ। এই বিপ্লৱে অন্নদাতাক শক্তিদাতালৈ ৰূপান্তৰিত কৰিছে। প্ৰধানমন্ত্ৰী-কিষাণ উৰ্জা সুৰক্ষা তথা উত্থান মহাভিযান (পি এম-কুছুম) আঁচনিৰ অধীনত ইতিমধ্যে প্ৰায় ১২ লাখ সৌৰ পাম্প বিতৰণ কৰা হৈছে। ইয়াৰ ফলত কৃষকসকলৰ বিদ্যুতৰ বিল হ্ৰাস পাইছে। একে সময়তে কৃষকসকলে নিজৰ পথাৰত সৌৰশক্তি উৎপাদন কেন্দ্ৰ স্থাপন কৰি উপাৰ্জনো কৰিবলৈ আৰম্ভ কৰিছে। উৎপাদনৰ লগতে উৎপাদনশীলতা আৰু কৃষকসকলৰ লাভৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰিছোঁ।
বন্ধুসকল,
শেহতীয়াকৈ মই চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰিছোঁ। যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলোঁ, তেতিয়াৰ পৰাই কৃষি খণ্ডৰ আধুনিকীকৰণৰ বাবে নিৰন্তৰ কাম কৰি আহিছিলোঁ।সেই সময়তে মই বৃহৎ পৰিসৰত কৃষি উৎসৱৰ আয়োজন আৰম্ভ কৰিছিলোঁ। মোৰ মনত আছে, মে’ আৰু জুনৰ ৪০-৪৫ ডিগ্ৰী চেলছিয়াছ উষ্ণতাৰ মাজতো শ শ কৃষি বিজ্ঞানী, কৃষি বিশেষজ্ঞ আৰু প্ৰগতিশীল কৃষক একত্ৰিত হৈছিল। আমি কৃষি ৰথ প্ৰস্তুত কৰিছিলোঁ আৰু সেই ৰথসমূহ লৈ বিভিন্ন অঞ্চললৈ গৈছিলোঁ। আমি গাঁও আৰু পথাৰলৈ গৈছিলোঁ। কৃষকসকলৰ পথাৰ পৰিদৰ্শন কৰি তেওঁলোকৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিছিলোঁ।
কোনো অঞ্চলৰ মাটি কেনে ধৰণৰ, তাত পানীৰ উপলব্ধতা কিমান, কোনবোৰ শস্যৰ উৎপাদন তাত ভাল হ’ব, কেনে ধৰণৰ কৃষি পদ্ধতি গ্ৰহণ কৰিব লাগে—এই সকলোবোৰ বিষয় কৃষকসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰা হৈছিল।
আমাৰ উদ্দেশ্য আছিল বিজ্ঞানীসকলৰ গৱেষণাগাৰত থকা জ্ঞান যাতে পোনপটীয়াকৈ কৃষকৰ পথাৰলৈ যাব পাৰে। অৰ্থাৎ আমি ‘গৱেষণাগাৰৰ পৰা পথাৰলৈ’ ধাৰণাৰে আগবাঢ়িছিলোঁ আৰু ইয়াৰ ফলত গুজৰাটৰ কৃষকসকল যথেষ্ট উপকৃত হৈছিল।
বন্ধুসকল,
গুজৰাটত থকা সময়ৰ সেই অভিজ্ঞতাই কেন্দ্ৰীয় চৰকাৰলৈ অহাৰ পিছতো মোক যথেষ্ট সহায় কৰিছে। ২০১৪ চনত দেশত মাত্ৰ কেইশমান মাটিৰ গুণাগুণ পৰীক্ষাগাৰহে আছিল। আজি সেই সংখ্যা ৮,৪০০ৰো অধিক হৈছে। চিকিৎসা বিজ্ঞানত যিদৰে ৰোগ নিৰ্ণয়ৰ পৰীক্ষাগাৰ বৃদ্ধি পাইছে, ঠিক তেনেদৰে আজি মাটিৰ গুণাগুণ পৰীক্ষাগাৰৰ সংখ্যাও বৃদ্ধি পাইছে।
বৰ্তমান সমগ্ৰ দেশত ৭৫০টাতকৈও অধিক কৃষি বিজ্ঞান কেন্দ্ৰ আছে। পশুধনক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়াৰ ক্ষেত্ৰতো আমি অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। পশুধনক খুৰা আৰু মুখৰ ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ৮ কোটিৰো অধিক কৃষকৰ পশুক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হৈছে।
ক’ভিডৰ সময়ত আমি বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰিছিলোঁ আৰু সেই কথা সকলোৱে মনত ৰাখিছে। কিন্তু এয়া মোদী, যিয়ে জীৱ-জন্তুকো বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰে।
বন্ধুসকল,
পুৰণি চিন্তাধাৰাৰ কিছুমান লোকে প্ৰায়ে ভাবে যে আমাৰ গাঁওসমূহত বৃহৎ পৰিসৰত প্ৰযুক্তিৰ ব্যৱহাৰ সম্ভৱ নহয়। কিন্তু নমো ড্ৰোন দিদিসকলে এনে চিন্তাধাৰাক ভুল প্ৰমাণিত কৰিছে।
এবাৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সকলো ড্ৰোন দিদিৰ সৈতে কথা পাতি থকাৰ সময়ত মই এখন গাঁৱৰ এগৰাকী কন্যাৰ সৈতে কথা পাতিছিলোঁ। সম্ভৱতঃ তেওঁ ঝাৰখণ্ডৰ আছিল। তেওঁ মোক কৈছিল, “এতিয়া মোৰ সামাজিক মৰ্যাদা সলনি হৈছে।”মই সুধিছিলোঁ, “কিয়?”
তেওঁ উত্তৰ দিছিল, “গোটেই গাঁৱৰ মানুহে মোক এতিয়া পাইলট বুলি মাতে। আনকি মোৰ সৰু দেওৰকেইজনেও মোক ‘পাইলট ভাবী’ বুলি মাতে।”
এবাৰ কল্পনা কৰি চাওকচোন, ইয়াৰ ফলত এগৰাকী মহিলাৰ আত্মসন্মান কিমান বৃদ্ধি পায়।
বৰ্তমান নমো ড্ৰোন দিদিসকলে ড্ৰোনৰ সহায়ত পথাৰত সাৰ আৰু কীটনাশক ছটিয়াই আছে। এতিয়া এই ড্ৰোনসমূহৰ ব্যৱহাৰৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
বন্ধুসকল,
আজিৰ ভাৰতে কৃষিখণ্ডত অভিযান্ত্ৰিক বিদ্যাৰ ভূমিকাও সম্প্ৰসাৰিত কৰিছে। আমাৰ কৃষি বিজ্ঞানী, অভিযন্তা আৰু যুৱক-যুৱতীসকলে একেলগে এনে বিভিন্ন সঁজুলি আৰু যন্ত্ৰ উদ্ভাৱন কৰি আছে, যাৰ ফলত কৃষিকাৰ্যৰ ব্যয় হ্ৰাস পাইছে।কিছুমান ঠাইত এনে যন্ত্ৰ প্ৰস্তুত কৰা হৈছে, যাৰ সহায়ত বীজ সিঁচা আৰু শস্য চপোৱা অধিক সহজ হৈ পৰিছে।
ইয়াত উপস্থিত উদ্যোগ জগতৰ প্ৰতিনিধিসকল, কৃষকৰ বাবে কৃষি সঁজুলি প্ৰস্তুত কৰা উদ্যোগীসকল আৰু নতুন উদ্যোগৰ প্ৰতিষ্ঠাপকসকলক মই বিশেষভাৱে আহ্বান জনাব বিচাৰিছোঁ যে এতিয়াৰ পৰা আপোনালোকে নিৰ্মাণ কৰা প্ৰতিটো সঁজুলি সৌৰশক্তিচালিত কৰাৰ ওপৰত গুৰুত্ব দিয়ক। কাৰণ আমি সৌৰশক্তি প্ৰতিখন পথাৰলৈ লৈ যোৱাৰ লক্ষ্যৰে আগবাঢ়িছোঁ।
সমগ্ৰ বিশ্বই যিদৰে বৈদ্যুতিক বাহনৰ দিশে আগবাঢ়িছে, ঠিক তেনেদৰে মই প্ৰতিটো ধৰণৰ কৃষি সঁজুলি সৌৰশক্তিচালিত কৰাৰ পক্ষপাতী। এই দিশত মই যথেষ্ট প্ৰচেষ্টাও চলাই আছোঁ। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা সৰু উদ্যোগসমূহকো এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ মই আহ্বান জনাইছোঁ। ভৱিষ্যতে এই ক্ষেত্ৰখন বৃহৎ বিপ্লৱৰ কেন্দ্ৰবিন্দু হৈ পৰিব।
কেৱল সেয়াই নহয়, কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ সৈতে সংযুক্ত সংবেদকভিত্তিক সঁজুলিও এতিয়া নিৰ্মাণ কৰা হৈছে। এইবোৰে কৃষকসকলক সঠিক তথ্য প্ৰদান কৰিব পাৰিব আৰু ক্ষুদ্ৰ কৃষকসকলেও যাতে এইবোৰ ক্ৰয় কৰিব পাৰে, তাৰ বাবে ইয়াৰ মূল্য সুলভ কৰি ৰখা হ’ব।
ম’বাইল ফোনৰ জৰিয়তে মাটিৰ পৰীক্ষা কৰাৰ ব্যৱস্থাও গঢ়ি তোলা হৈছে। আপুনি ম’বাইলভিত্তিক সঁজুলিটোত অলপ মাটি ৰাখিলেই আপোনাৰ ফোনত তৎক্ষণাৎ এখন প্ৰতিবেদন লাভ কৰিব। সেই প্ৰতিবেদনত আপোনাৰ মাটিত কোনটো শস্যৰ খেতি উপযোগী, কিমান পৰিমাণৰ সাৰ প্ৰয়োজন আৰু কেনেধৰণৰ সাৰ ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিব পাৰিব।
অৰ্থাৎ পৰিৱৰ্তন কিমান দ্ৰুতগতিত সংঘটিত হৈছে, সেয়া এবাৰ লক্ষ্য কৰক। কৃষি অভিযান্ত্ৰিক বিদ্যাৰ পৰা আৰম্ভ কৰি কৃষিভিত্তিক নতুন উদ্যোগলৈকে আজি ভাৰতত অপাৰ সম্ভাৱনা আছে।
আমি আমাৰ অন্নদাতাসকলক কৃষি উদ্যোগীলৈ ৰূপান্তৰিত কৰিব লাগিব। অৰ্থাৎ কৃষকসকলক কৃষিভিত্তিক উদ্যোগৰ সৈতে জড়িত উদ্যোগী হিচাপে গঢ়ি তুলিব লাগিব। উৎপাদনস্থলীতে কৃষিজাত সামগ্ৰীৰ মূল্য সংযোজন কেনেদৰে কৰিব পাৰি, সেই সন্দৰ্ভত সমগ্ৰ দেশতে এতিয়া দ্ৰুতগতিত কাম চলি আছে।
বন্ধুসকল,
বিগত কেইটামান বছৰত ক্ষুদ্ৰ কৃষকসকলে চৰকাৰৰ সৈতে মিলি ১০ হাজাৰ কৃষক উৎপাদক সংগঠনৰ বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে। এই সংগঠনসমূহে ক্ষুদ্ৰ কৃষকৰ গোটসমূহক মূল্য সংযোজনকাৰীলৈ ৰূপান্তৰিত কৰাৰ লগতে তেওঁলোকক খাদ্য সংসাধন উদ্যোগৰ সৈতে সংযুক্ত কৰিছে।
গুজৰাটত থকা সময়ৰ এটা ঘটনা মোৰ স্পষ্টকৈ মনত আছে। গুজৰাটত আমি জ্যোতিগ্ৰাম যোজনা আৰম্ভ কৰিছিলোঁ। ইয়াৰ অধীনত কৃষিৰ বাবে ব্যৱহৃত বিদ্যুৎ যোগানৰ ব্যৱস্থাক ঘৰুৱা বিদ্যুৎ যোগানৰ ব্যৱস্থাৰ পৰা পৃথক কৰা হৈছিল আৰু কৃষকসকলক যথাসম্ভৱ অধিক বিদ্যুৎ যোগান ধৰিবলৈ আৰম্ভ কৰা হৈছিল। ইয়াৰ ফলত কৃষকসকল যথেষ্ট উপকৃত হৈছিল।
গান্ধীনগৰৰ ওচৰৰ কিছুমান গাঁৱত অধিকাংশ লোকেই জলকীয়াৰ খেতি কৰে। কিন্তু সেই অঞ্চলৰ কৃষকসকলে এটা সমস্যাৰ সন্মুখীন হৈছিল। উৎপাদন বৃদ্ধি হ’লে বজাৰত দাম কমি যায় আৰু উৎপাদন হ্ৰাস হ’লে উপাৰ্জন কমি যায়। অৰ্থাৎ দুয়োটা পৰিস্থিতিতে তেওঁলোক ক্ষতিগ্ৰস্ত হৈছিল। জলকীয়াৰ উৎপাদন অত্যধিক হ’লে তেওঁলোকে সেইবোৰ বিক্ৰী কৰিব নোৱাৰিছিল।
কিন্তু জ্যোতিগ্ৰাম যোজনাৰ জৰিয়তে বিদ্যুৎ যোগান আৰম্ভ হোৱাৰ পিছত তেওঁলোকে জলকীয়াৰ পৰা ৰঙা জলকীয়াৰ গুড়ি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে সেই গুড়ি পেকেটত ভৰাই, বিজ্ঞাপন প্ৰচাৰ কৰি, পেকেটত বিশিষ্ট ব্যক্তিৰ ফটো ছপা কৰি বৃহৎ পৰিসৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে।
এই মূল্য সংযোজনৰ জৰিয়তে তেওঁলোক যথেষ্ট সফল উপাৰ্জনকাৰী হৈ পৰিল। আগতে তেওঁলোকে নিজৰ জলকীয়াৰ উচিত মূল্যও লাভ কৰিব পৰা নাছিল। কিন্তু পিছলৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰী নিজস্ব ব্ৰেণ্ড হিচাপে পৰিচিত হৈ পৰিল।
ইয়াৰ পৰা বুজা যায় যে প্ৰতিটো সৰু-সুৰা দিশৰ প্ৰতিও গুৰুত্ব দিলে কেনেধৰণৰ পৰিৱৰ্তন সম্ভৱ হৈ উঠিব পাৰে। ক্ষুদ্ৰ কৃষকসকলক ৰপ্তানি বজাৰৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টাও দ্ৰুতগতিত আগবাঢ়িছে।
বন্ধুসকল,
আমাৰ নীতি আৰু উদ্দেশ্য একেবাৰে স্পষ্ট। কৃষিকাৰ্য যাতে কৃষকসকলৰ বাবে বোজা হৈ নপৰে, সেয়াই আমাৰ অগ্ৰাধিকাৰ। কৃষকসকলক সুলভ মূল্যত সাৰ যোগান ধৰাৰ বাবে যোৱা ১২ বছৰত দেশে ১৬ লাখ কোটি টকা ব্যয় কৰিছে। বন্ধুসকল, এয়া বৃহৎ পৰিমাণৰ ধন। ১৬ লাখ কোটি টকা বহু দেশৰ বাৰ্ষিক বাজেটতকৈও অধিক।
বৰ্তমান ইৰাণ আৰু উপসাগৰীয় দেশসমূহৰ আশে-পাশে চলি থকা যুদ্ধৰ পৰিস্থিতিৰ মাজতো ৫,০০০ টকীয়া ডি এ পি সাৰৰ বস্তা ভাৰতীয় কৃষকসকলক মাত্ৰ ১,৩০০ টকাত যোগান ধৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩,০০০ টকা মূল্যৰ ইউৰিয়াৰ বস্তা ভাৰতীয় কৃষকসকলক ৩০০ টকাতকৈও কম মূল্যত প্ৰদান কৰা হৈছে।
বন্ধুসকল,
মই আৰু এটা বিষয় উল্লেখ কৰিবলৈ বিচাৰিছোঁ। এই বিষয়ে মই আগতেও কথা কৈছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ নেটৱৰ্কৰ বাবে আজি মই যিটো কথা ক’বলৈ ওলাইছোঁ, সেয়া এটা বিশেষ তথ্য।
বন্ধুসকল,
পশ্চিম এছিয়াত যুদ্ধৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ সময়ত মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭০ ডলাৰৰ পৰা ১২২ ডলাৰলৈ বৃদ্ধি পাইছিল। সেই সময়ত ভাৰতেও এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।
সেই পৰিস্থিতিত ভাৰতত ডিজেলৰ মূল্য প্ৰতি লিটাৰত কমেও ৫০ টকা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল। অৰ্থাৎ প্ৰতি লিটাৰত ৫০ টকাৰ মূল্যবৃদ্ধি অনিবাৰ্য হৈ পৰিছিল।
কিন্তু সেই সময়ত চৰকাৰে কৃষকসকলৰ স্বাৰ্থত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্যবৃদ্ধিৰ সম্পূৰ্ণ বোজা নাগৰিক আৰু কৃষকসকলৰ ওপৰত জাপি দিয়া নহ’ব বুলি আমি সিদ্ধান্ত লৈছিলোঁ।
চৰকাৰে ডিজেলৰ মূল্য মাত্ৰ ৭ টকাহে বৃদ্ধি কৰিছিল, যদিও প্ৰয়োজন আছিল ৫০ টকাৰ। অৰ্থাৎ প্ৰতি লিটাৰত ৪৩ টকাৰ অতিৰিক্ত বোজা চৰকাৰে নিজে বহন কৰিছিল।চুবুৰীয়া দেশসমূহতো ডিজেলৰ মূল্য ৪০ৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি পাইছিল। কিন্তু ভাৰতত তেনে হ’বলৈ দিয়া হোৱা নাছিল।
সেই সময়ৰ পৰা আজিলৈকে চৰকাৰে প্ৰতি মাহে ১৪,০০০ কোটি টকাৰ লোকচান বহন কৰি আহিছে। প্ৰতিমাহে। তথাপি আমি দেশৰ কৃষকসকলৰ কোনো ক্ষতি হ’বলৈ দিয়া নাই।যেতিয়া কৃষকসকলৰ কল্যাণ সৰ্বোচ্চ অগ্ৰাধিকাৰ হয়, যেতিয়া নাগৰিকক দেৱতাৰ সমান জ্ঞান কৰাৰ মনোভাব থাকে, তেতিয়াহে এনে সংবেদনশীল সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বন্ধুসকল,
ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়ে ইমানবোৰ আলোচনা চলি থকাৰ মাজতে মই নিশ্চিত যে আজ তকৰ লোকসকলে হয়তো ভাবি আছে যে এতিয়ালৈকে কোনো নেতিবাচক শিৰোনামৰ সৃষ্টি হোৱা নাই। সেয়েহে এতিয়া হয়তো আমি এনে এটা বিষয় আলোচনা কৰা উচিত, যিয়ে সংবাদ শিৰোনাম দখল কৰিব পাৰে।এতিয়ালৈকে মই দেশৰ বিষয়ে কথা পাতি আছিলোঁ আৰু হয়তো সেইবোৰ কথাই সংবাদ মাধ্যমৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰা নাই। গতিকে এতিয়া বিতৰ্কৰ বিষয়ে কথা পাতোঁ আহক।
বন্ধুসকল,
আজিকালি কিছুমান লোকে নিজৰ পকেটৰ পৰা সংবিধান উলিয়াই আনে। তেওঁলোকে কি কৰিবলৈ বিচাৰিছে, সেই কথা দেশৰ জনসাধাৰণে ভালদৰেই বুজি পায়। তেওঁলোকে যেন ভাবে যে দেশৰ সংবিধান আৰু গণতন্ত্ৰ তেওঁলোকৰ পকেটতে আছে।ক্ষমতাত নাথাকিলেও তেওঁলোকৰ মনত ক্ষমতাৰ অহংকাৰ বিৰাজ কৰি থাকে। কিন্তু এই একেই লোকসকল যেতিয়া ক্ষমতাত আছিল, তেতিয়া তেওঁলোকৰ আচৰণ কেনে আছিল? মই আপোনালোকক এটা সৰু ঘটনাৰ বিষয়ে ক’বলৈ বিচাৰিছোঁ।
বন্ধুসকল,
আপোনালোকে হয়তো মনত পেলাব পাৰিব যে এটা সময়ত সংবাদ মাধ্যমত বিভিন্ন ৰাজ্যৰ প্ৰদৰ্শনৰ ভিত্তিত শ্ৰেষ্ঠ ৰাজ্যৰ তালিকা প্ৰকাশ কৰা হৈছিল।এনে এখন অৰ্থনৈতিক প্ৰদৰ্শন সম্পৰ্কীয় তালিকাত গুজৰাটে প্ৰথম স্থান লাভ কৰিছিল আৰু সেই সময়ত মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলোঁ।গুজৰাটক প্ৰথম স্থান প্ৰদান কৰা প্ৰতিষ্ঠানটোৰ নাম ভাৰতৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নামেৰে ৰখা হৈছিল। এই ইংগিতেই যথেষ্ট। আপোনালোকে নিজেই সেই নাম বিচাৰি উলিয়াব পাৰিব।দেশৰ কেইগৰাকীমান সন্মানীয় অৰ্থনীতিবিদৰ গৱেষণাৰ ভিত্তিত এই স্থান নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু দিল্লীত ক্ষমতাত থকা লোকসকলে গুজৰাটে এই স্বীকৃতি লাভ কৰাটো ভাল পোৱা নাছিল।তেওঁলোকে গৱেষণা কৰা প্ৰতিষ্ঠানটোক আনুষ্ঠানিকভাৱে নিৰ্দেশ দিছিল যে এইদৰে কাম চলি থাকিব নোৱাৰে। তেওঁলোকে কৈছিল যে তেতিয়াৰ পৰা তেওঁলোকৰ অনুমোদন অবিহনে কোনো প্ৰতিবেদন প্ৰকাশ কৰিব নোৱাৰিব।
বন্ধুসকল,
সেই সময়ত পৰিস্থিতি এনেকুৱাই আছিল। অথচ আজি সেই একেই লোকসকলে সহনশীলতা আৰু গণতন্ত্ৰৰ বিষয়ে বক্তৃতা দি ফুৰে।আৰু এই ঘটনাটো ঠিক কেতিয়া সংঘটিত হৈছিল? তাৰ পিছত কি হৈছিল? আপোনালোকে নিজেই গৱেষণা কৰি সেই তথ্য বিচাৰি উলিয়াব পাৰিব।এতিয়া মই মোৰ ভাষণৰ সামৰণিৰ দিশে আগবাঢ়িছোঁ।
বন্ধুসকল,
নিঃসন্দেহে বিগত বছৰবোৰত দেশৰ কৃষকসকলে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। বিকশিত ভাৰত গঢ়াৰ বাবে এতিয়া আমি আমাৰ প্ৰচেষ্টা আৰু অধিক সম্প্ৰসাৰিত কৰিব লাগিব।আমি এনে ভৱিষ্যৎ গঢ়িব লাগিব, য’ত কৃষকসকল সমৃদ্ধিশালী হ’ব, গাঁওসমূহ সমৃদ্ধিশালী হ’ব আৰু কৃষি আধুনিক তথা লাভজনক হৈ উঠিব।মোৰ বিশ্বাস, এই সন্মিলনত হোৱা আলোচনা-বিলোচনাই দেশক যথেষ্ট উপকৃত কৰিব। ইয়াৰ পৰা ওলাই অহা উত্তম পৰামৰ্শ আৰু সমাধানসমূহৰ ওপৰতো চৰকাৰে কাম কৰিব।
আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ যিহেতু, সেয়েহে এটা বিশেষ আহ্বান জনাব বিচাৰিছোঁ।আৰম্ভণিতে অঞ্জনা জীয়ে তেওঁৰ আদৰণি ভাষণত কৈছিল যে কৃষকসকল দুটা বিষয়ৰ সৈতে জড়িত—এটা হৈছে অন্নদাতা আৰু আনটো হৈছে ধৰিত্ৰী মাতৃ।
মই মোৰ কৃষক ভাই-ভনীসকলক সুধিবলৈ বিচাৰিছোঁ—আমি সঁচাকৈয়ে আমাৰ এই ধৰিত্ৰী মাতৃক সুৰক্ষা প্ৰদান কৰিছোঁনে? নিজৰ বিবেকক সুধি চাওক।অত্যধিক ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ জৰিয়তে আমি যিদৰে ধৰিত্ৰী মাতৃক ধ্বংস কৰি আহিছোঁ, সেয়া অত্যন্ত চিন্তনীয়। আমি তেওঁৰেই সন্তান। অথচ আমাৰ চকুৰ সন্মুখতে আমি এই মাতৃক ধ্বংস কৰি আছোঁ।যদি আমি সময় থাকোঁতেই সজাগ নহওঁ, যদি ধৰিত্ৰী মাতৃক ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰোঁ, তেন্তে আজি যিগৰাকী মাতৃয়ে আমাক জীৱন ধাৰণৰ সকলো সমল যোগান ধৰিছে, এদিন তেওঁক আমি হেৰুৱাবলগীয়া হ’ব পাৰে। এনে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
সেইবাবেই চৰকাৰে প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। যিসকলে প্ৰাকৃতিক কৃষি পদ্ধতিৰ পৰীক্ষামূলক প্ৰয়োগ কৰিছে, তেওঁলোকে যথেষ্ট সফলতা লাভ কৰিছে।এটা গৰুৱে ৩০ একৰ মাটিত প্ৰাকৃতিক কৃষি কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ গোবৰ যোগান ধৰিব পাৰে। ইয়াৰ বাবে কোনো ৰাসায়নিক উপাদানৰ প্ৰয়োজন নহয়।
আজি আপোনালোকৰ আলোচনাতো এনে বহু বিষয় নিশ্চয়কৈ উত্থাপিত হৈছে। সেয়েহে মই সকলো কৃষকলৈ আহ্বান জনাইছোঁ যে আমি ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰমুক্ত কৃষি পদ্ধতিৰ দিশে আগবাঢ়িব লাগে।মই জৈৱিক কৃষিৰ কথা কোৱা নাই, মই প্ৰাকৃতিক কৃষিৰ কথা কৈছোঁ। প্ৰতিগৰাকী কৃষকে সহজেই এই পদ্ধতি গ্ৰহণ কৰিব পাৰে।
ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ পৰা মুক্ত হৈ আমি আমাৰ মাটিক সুৰক্ষা প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ।আমাৰ কৃষক ভাই-ভনীসকলৰ এটা বিশেষ স্বভাৱ আছে। তেওঁলোকে নিজৰ চকুৰে কিবা এটা নেদেখালৈকে সেই কথা সহজে বিশ্বাস নকৰে। যিমানেই দীঘলীয়া ভাষণ দিয়া নহওক কিয়, কৃষকসকলে কেৱল কথাৰ ওপৰত ভিত্তি কৰি কোনো কথা গ্ৰহণ নকৰে। তেওঁলোকে নিজৰ চকুৰে দেখাৰ পিছতহে বিশ্বাস কৰে।অন্যথা তেওঁলোকৰ মনত কেৱল এই কথাবোৰেই থাকি যায় যে হালধীয়া ৰঙৰ গুড়ি ব্যৱহাৰ কৰিব লাগিব, সেউজীয়া বটলটো ব্যৱহাৰ কৰিব লাগিব, সেউজীয়া পাত্ৰটো আনিব লাগিব, ৰঙা পাত্ৰটো আনিব লাগিব।
চুবুৰীয়া কৃষকজনে যদি দুবস্তা সাৰ ব্যৱহাৰ কৰে, তেন্তে তেওঁলোকেও দুবস্তা ব্যৱহাৰ কৰিব। চুবুৰীয়াজনে যদি চাৰি বস্তা ব্যৱহাৰ কৰে, তেন্তে তেওঁলোকেও চাৰি বস্তা ব্যৱহাৰ কৰিব।এই মানসিকতাৰ পৰা কৃষকসকলক মুক্ত কৰাটো আমাৰ সকলোৰে দায়িত্ব। বিশেষকৈ প্ৰগতিশীল কৃষকসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।
আমি তেওঁলোকক ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰমুক্ত প্ৰাকৃতিক কৃষি পদ্ধতিৰ দিশে আগবঢ়াই নিয়াত সহায় কৰিব লাগিব।আমাৰ প্ৰথম কৰ্তব্য হৈছে ধৰিত্ৰী মাতৃক সুৰক্ষা প্ৰদান কৰা। এই মাতৃয়ে আমাক প্ৰয়োজনীয় সকলো বস্তু যোগান ধৰিবলৈ সক্ষম। আমি তেওঁক সুৰক্ষা প্ৰদান কৰিলে তেওঁ আমাক কেতিয়াও অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে।
আমি ধৰিত্ৰী মাতৃৰ সন্তান। তেওঁৰ পুত্ৰ-কন্যা হিচাপে এই দায়িত্ব পালন কৰাটো আমাৰ কৰ্তব্য।এই বিশ্বাসেৰে মই আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।ইণ্ডিয়া টুডে গোষ্ঠীকো মই পুনৰ অভিনন্দন জনাইছোঁ। আপোনালোকে এনে এটা গুৰুত্বপূৰ্ণ কাম হাতত লৈছে, যিয়ে আগন্তুক বছৰবোৰত দেশক যথেষ্ট সহায় কৰিব।আপোনালোক সকলোকে অশেষ ধন্যবাদ।
ঘোষণাঃ এয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ভাবানুবাদ। মূল ভাষণটো তেওঁ হিন্দী ভাষাত প্ৰদান কৰিছিল।
************
MJPS/SS/VJ/ST/DM
Speaking at the Bharat Agriculture Conference. @IndiaToday @aajtak https://t.co/zSM5kaRsvi
— Narendra Modi (@narendramodi) November 12, 2026
Agricultural development, smarter farming and farmer empowerment are key to building a Viksit Bharat. https://t.co/NWTi6lnlww
— PMO India (@PMOIndia) November 12, 2026
Annadatas are becoming Urjadatas. https://t.co/LviAj1ttmG
— PMO India (@PMOIndia) November 12, 2026
From Lab to Land. https://t.co/7eR74emO2n
— PMO India (@PMOIndia) November 12, 2026
Namo Drone Didis are demonstrating how advanced technology can be effectively used in villages. https://t.co/ASbNPzrbvu
— PMO India (@PMOIndia) November 12, 2026
India offers growing opportunities in everything from agri-engineering to agri-startups. The focus is on empowering farmers to become agricultural entrepreneurs. https://t.co/Cr5OuKvPuu
— PMO India (@PMOIndia) November 12, 2026