Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মেনিলাত আছিয়ান শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

মেনিলাত আছিয়ান শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (২০২৬ চনৰ ১৭ নৱেম্বৰত) মেনিলাত অনুষ্ঠিত ২৩ সংখ্যক ভাৰত-আছিয়ান আৰু ২১ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী অনুতিন চাৰ্ণভিৰাকুলক সাক্ষাৎ কৰে।

এই বৈঠকে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰে, যাক ২০২৫ চনৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ থাইলেণ্ড ভ্ৰমণৰ সময়ত কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, যোগাযোগ ব্যৱস্থা, ডিজিটেল প্ৰযুক্তি আৰু ফিনটেক, সংস্কৃতি, পৰ্যটন আৰু জনসাধাৰণৰ মাজত থকা সম্পৰ্ককে ধৰি মূল খণ্ডসমূহত সহযোগিতা অধিক গভীৰ কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে।  তেওঁলোকে বিমষ্টেক, আইঅ’আৰএ, মেকং গংগা সহযোগিতা আৰু আছিয়ান নেতৃত্বাধীন মঞ্চসমূহৰ দৰে আঞ্চলিক মঞ্চত ঘনিষ্ঠভাৱে কাম কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।  দুয়োগৰাকী নেতাই পাৰস্পৰিক গুৰুত্ব থকা বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰে আৰু তেওঁলোকৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে।

ভাৰত আৰু থাইলেণ্ডৰ মাজৰ সম্পৰ্ক অংশীদাৰী সভ্যতা আৰু সাংস্কৃতিক ঐতিহ্য, জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু পাৰস্পৰিক বিশ্বাসৰ ওপৰত আধাৰিত। ভাৰতৰ এক্ট ইষ্ট নীতি আৰু আছিয়ানৰ সৈতে ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পৰিকাঠামোৰ ভিতৰত থাইলেণ্ড এক গুৰুত্বপূৰ্ণ অংশীদাৰ।

 

***

MJPS/SS/VJ/SS/NB