Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০ নৱেম্বৰত প্ৰথম এছ চি অ’ সভ্যতা বিষয়ক আলোচনা মঞ্চ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২০ নৱেম্বৰত নতুন দিল্লীৰ পুৰানা কিলাত সন্ধিয়া প্ৰায় ৫.৩০ বজাত প্ৰথম ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’) সভ্যতাৰ আলোচনা মঞ্চ উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।

২০২৬ চনৰ ২০ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই মঞ্চৰ লক্ষ্য হৈছে অঞ্চলটোৰ সমৃদ্ধ আৰু আন্তঃসংযুক্ত সভ্যতাৰ ঐতিহ্য উদযাপন কৰা, জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰা আৰু আন্তঃসাংস্কৃতিক আলোচনা তথা সহযোগিতা বৃদ্ধি কৰা।

২০২৫ চনত চীনৰ টিয়ানজিনত অনুষ্ঠিত এছ চি অ’ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে এছ চি অ’ পৰিকাঠামোৰ অধীনত সভ্যতাৰ আলোচনাৰ বাবে এখন সমৰ্পিত মঞ্চ স্থাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত এছ চি অ’ৰ বিছকেক ঘোষণাপত্ৰত এই প্ৰস্তাৱক আদৰণি জনোৱা হৈছিল।

উদ্বোধনী অনুষ্ঠানত ‘কথোপকথনত সভ্যতা-সাংস্কৃতিক কাৰ্যসূচী’ প্ৰদৰ্শিত হ’ব, যি হৈছে সংগীত, নৃত্য, দৃশ্যগত কাহিনী আৰু বৰ্ণনাৰ সংমিশ্ৰণ। ‘বসুধৈৱ কুটুম্বকম-সমগ্ৰ বিশ্ব এটা পৰিয়াল’ বিষয়বস্তুৰ ওপৰত আধাৰিত এই কাৰ্যসূচীয়ে সমগ্ৰ ভাৰত আৰু ইউৰেছিয়াৰ সাংস্কৃতিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰিব।

মঞ্চত ভাৰতৰ পুৰাতাত্ত্বিক, শৈল্পিক আৰু সাহিত্যিক ঐতিহ্য প্ৰদৰ্শন কৰা ‘অস্তিত্ব (এএছটিআইটিভিএ)-আমাৰ অস্তিত্বৰ সাৰমৰ্ম’ শীৰ্ষক প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব। ইয়াত ১২০০ খ্ৰীষ্টপূৰ্বৰ পৰা ১২০০ খ্ৰীষ্টাব্দলৈকে পুৰাতাত্ত্বিক প্ৰমাণৰ জৰিয়তে দিল্লীৰ ইতিহাসৰ এক বিশদ বিৱৰণ দাঙি ধৰা হ’ব, য’ত খনন কৰা অৱশিষ্ট, শিল্পকলা, স্থাপত্যৰ অৱশেষ আৰু অন্যান্য গুৰুত্বপূৰ্ণ আবিস্কাৰ অন্তৰ্ভুক্ত থাকিব। ‘মহাভাৰত স্ক্ৰ’ল পেভিলিয়ন-অনন্তঃ এক বিৰল অষ্টাদশ শতিকাৰ মহাভাৰত স্ক্ৰ’ল’ত ভাৰতৰ সমৃদ্ধ মহাকাব্য আৰু শৈল্পিক পৰম্পৰাক প্ৰতিফলিত কৰা এখন সচিত্র স্ক্ৰ’ল প্ৰদৰ্শন কৰা হ’ব।

২১ আৰু ২২ নৱেম্বৰত বিদ্বান, শিক্ষাবিদ, বিষয় বিশেষজ্ঞ আৰু সাংস্কৃতিক প্ৰতিনিধিসকলক একত্ৰিত কৰি চাৰিটা বিষয়ভিত্তিক সত্ৰ অনুষ্ঠিত হ’ব। আলোচনাসমূহত সংগীত আৰু পৰিবেশ্য কলা, বস্ত্ৰ, ৰন্ধন প্ৰণালী, পৰম্পৰাগত খেল-ধেমালিৰ দৰে সাংস্কৃতিক অভিব্যক্তি; কলা আৰু স্থাপত্যৰ অংশীদাৰী পৰম্পৰা; লিপি আৰু পাণ্ডুলিপিকে ধৰি ভাষা আৰু সাহিত্যিক পৰম্পৰা; মঠ বা সত্ৰৰ পথ আৰু দাৰ্শনিক পৰম্পৰা আদি অন্তৰ্ভুক্ত থাকিব।

****

MJPS/SS/ST/NB