উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আজি পঞ্চম কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষ্যে আয়োজিত সভাত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ইমান বিশাল দক্ষতা বিকাশ সম্পৰ্কীয় অনুষ্ঠান আয়োজন কৰিবলৈ লক্ষ্ণৌক নিৰ্বাচন কৰাত সন্তুষ্টি প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে এই অনুষ্ঠান তেওঁৰ বাবেও গৌৰৱৰ বিষয় বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
প্ৰশিক্ষণ সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলে জীৱনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰি এতিয়া পোনপটীয়াকৈ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই)সমূহত তেওঁলোকে আহৰণ কৰা দক্ষতা তথা কাৰিকৰী জ্ঞানে বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত এক বৃহৎ চালিকাশক্তি হিচাপে কাম কৰিব। যুৱপ্ৰজন্মৰ দক্ষতাৰ জৰিয়তেই এখন দেশে প্ৰকৃতাৰ্থত সক্ষমতাৰে অগ্ৰগতি লভিবলৈ সমৰ্থ হয় বুলিও তেওঁ কয়।
কাৰিকৰী জ্ঞান আৰু শিল্পকলাৰ প্ৰতি থকা ভাৰতৰ সন্মানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌৰ চিকনকাৰী, সুন্দৰ মছলিন, বেনাৰস আৰু কাঞ্জিভৰমৰ ৰেচম, কাশ্মীৰৰ পছমিনা, কপাহী বস্ত্ৰ, কলমকাৰী, বিশ্বৰ উৎকৃষ্ট তৰোৱাল নিৰ্মাণৰ বাবে ব্যৱহৃত তীখা, ব্ৰঞ্জ তথা পঞ্চধাতুৰ মূৰ্তিকে ধৰি ভাৰতৰ শ শ পৰম্পৰাগত শিল্পকলাৰ কথা উল্লেখ কৰে। এই শিল্পকলাসমূহ এসময়ত সমাজৰ পৰিচয়ৰ ভেটি হিচাপে পৰিগণিত হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দীৰ্ঘদিন ধৰি বিশ্বৰ আগত ভাৰতৰ পৰিচয় এনেধৰণৰ দক্ষতা আৰু শিল্পকলাৰ জৰিয়তেই গঢ় লৈ উঠিছিল।”
ভাৰতৰ পূৰ্বৰ সামাজিক ব্যৱস্থা দক্ষতাক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ‘বসৱায়া’ পৰম্পৰাৰ উদাহৰণ দাঙি ধৰে। এই পৰম্পৰা অনুসৰি গাঁও এখনৰ জীৱনধাৰা বৰ্তাই ৰখা দক্ষ কাৰিকৰসকলে নতুনকৈ স্থাপন কৰা গাঁওসমূহত বসতি স্থাপন কৰিছিল। “এইসকল আছিল এনে দক্ষ লোক, যিসকলৰ অবিহনে গাঁও এখনৰ জীৱন কল্পনা কৰাটোও কঠিন আছিল”, বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে।
প্ৰাচীন কালৰে পৰা ভাৰতৰ প্ৰতিটো অঞ্চলতে এনে ব্যৱস্থা প্ৰচলিত হৈ আছিল যদিও সময়ৰ লগে লগে ইয়াৰ গুৰুত্ব হ্ৰাস পালে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত গ্ৰহণ কৰা এটা পদক্ষেপৰ কথা স্মৰণ কৰে। সেই সময়ত তেওঁ বিষয়াসকলক এজন ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে আৰু পুৱা শুই উঠাৰ পৰা নিশা শুবলৈ যোৱালৈকে প্ৰয়োজন হোৱা প্ৰতিটো কাম আৰু সেৱাৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল। এই অনুশীলনৰ জৰিয়তে সমাজৰ স্বাভাৱিক গতি অব্যাহত ৰখাৰ বাবে প্ৰায় এহেজাৰবিধ অত্যাৱশ্যকীয় দক্ষতাৰ সন্ধান পোৱা গৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই বিষয়াসকলক এই বিষয়টো সন্দৰ্ভত বিশেষভাৱে গুৰুত্ব দিবলৈ কৈছিলোঁ আৰু তাৰ পাছতেই গুজৰাটত দক্ষতা বিকাশৰ এক আধুনিক ব্যৱস্থা গঢ়ি তোলা হৈছিল।”
ঔপনিৱেশিক শিক্ষা ব্যৱস্থাৰ ফলত ভাৰতৰ দক্ষতাভিত্তিক সামাজিক ব্যৱস্থাটোৰ অৱনতি ঘটিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই শিক্ষা ব্যৱস্থাই দক্ষতাসম্পন্ন সমাজ এখনক কেৱল কাগজে-কলমে কাম কৰা কৰ্মচাৰী সৃষ্টি কৰা ব্যৱস্থালৈ পৰিৱৰ্তন কৰিছিল। আনহাতে, ব্ৰিটিছে নিজৰ উদ্যোগ আৰু উৎপাদন ব্যৱস্থাৰ বিকাশত গুৰুত্ব দিছিল।
স্বাধীনতাৰ পাছতো কেৰাণীৰ চাকৰিক অধিক সন্মানজনক বুলি গণ্য কৰা হৈছিল আৰু দক্ষ কাৰিকৰসকল হীনমন্যতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ফলত বহুতে নিজৰ পৰম্পৰাগত বৃত্তিৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰিছিল। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “দাসত্বৰ এই মানসিকতাৰ বাবে আমাৰ দেশে বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে।”
‘শ্ৰমেৱ জয়তে’ৰ আদৰ্শৰে পৰিচালিত হৈ চৰকাৰে ধাৰাবাহিকভাৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে এতিয়া আইটিআইৰ দক্ষতা বিষয়ৰ প্ৰমাণ-পত্ৰ লাভ কৰা প্ৰশিক্ষাৰ্থীসকলৰ বাবেও সমাৱৰ্তন অনুষ্ঠানৰ পৰম্পৰা আৰম্ভ কৰা হৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো দক্ষতা বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কাৰিকৰী জ্ঞান আৰু শিল্পকলাক সন্মান প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “একবিংশ শতিকাৰ ভাৰতে কেৱল দক্ষতাক সন্মান প্ৰদৰ্শন কৰিলেহে আগবাঢ়িব পাৰিব।”
বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তাই কৰ্মসংস্থাপন কাঢ়ি নিব নেকি, তাক লৈ বিভিন্ন আলোচনা আৰু উদ্বেগৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ৰ কথা স্মৰণ কৰে। সেই সময়ত সকলোৱে অসহায় অনুভৱ কৰাৰ মাজতো দক্ষতাসম্পন্ন কৰ্মীসকলেই গুৰুত্বপূৰ্ণ কাম-কাজ পৰিচালনা কৰি ব্যৱস্থাসমূহ সচল কৰি ৰাখিছিল। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “মোৰ এই কথাটো ভালদৰে বুজি লওক—যাৰ হাতত দক্ষতা আছে, তেওঁৰ কৰ্মসংস্থাপন কোনেও কাঢ়ি নিব নোৱাৰে।”
এটা কাৰিকৰী দক্ষতা আহৰণ কৰাৰ অৰ্থ কেৱল যন্ত্ৰ পৰিচালনা কৰাই নহয়, বৰং মানুহৰ জীৱন সহজ কৰি তোলাৰ লগতে ৰাষ্ট্ৰৰ সামৰ্থ্য তথা উৎপাদন ক্ষমতা শক্তিশালী কৰাও ইয়াৰ অংশ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
২০১৪ চনৰ পৰা আইটিআইসমূহৰ উন্নয়নৰ ক্ষেত্ৰত অভূতপূৰ্ব গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত এটা দশকত প্ৰায় ৫,০০০ নতুন আইটিআই স্থাপন কৰা হৈছে। “আইটিআইত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংখ্যাও পাঁচ লাখতকৈ অধিক বৃদ্ধি পাইছে আৰু ইয়াৰ ভিতৰত ছাত্ৰীসকলৰ সংখ্যা আঢ়ৈ গুণতকৈও অধিক হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।
আইটিআইসমূহত প্ৰশিক্ষণ, শিক্ষাৰ মান, প্ৰশিক্ষক আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বিষয়ত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বতে এই প্ৰতিষ্ঠানসমূহত পুৰণি পাঠ্যক্ৰম আৰু অপ্ৰাসংগিক কাৰিকৰী বিষয়ৰ প্ৰচলন আছিল। কিন্তু এতিয়া ইয়াত ৩০টাতকৈও অধিক নতুন যুগোপযোগী কাৰিকৰী বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।
এই নতুন বিষয়সমূহৰ ভিতৰত আছে বিমানৰ গাঁথনি নিৰ্মাণ, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ক, চাইবাৰ সুৰক্ষা সহায়ক, ড্ৰ’ন , সেউজ হাইড্ৰ’জেন , ঔদ্যোগিক ৰবট ব্যৱস্থা, বৈদ্যুতিক বাহন, এনিমেচন আৰু স্পেছিয়েল ইফেক্ট , অৰ্ধপৰিবাহী আদি। ভাৰতৰ লগতে বিশ্বৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়সমূহ প্ৰৱৰ্তন কৰা হৈছে। ভাৰতৰ বিভিন্ন বাণিজ্যিক চুক্তি আৰু মুক্ত বাণিজ্য চুক্তি সম্পৰ্কীয় আলোচনাৰ পৰিপ্ৰেক্ষিততো এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। শ্ৰী মোদীয়ে কয়, “এই সকলোবোৰ আপোনালোকৰ বাবে, যুৱপ্ৰজন্মৰ বাবে কৰা হৈছে। আপোনালোকৰ ভৱিষ্যতৰ বাবে নতুন নতুন সুযোগ সৃষ্টি কৰা হৈছে।”
আইটিআইসমূহৰ পাঠ্যক্ৰম আৰু যন্ত্ৰপাতিৰ আধুনিকীকৰণ, প্ৰশিক্ষকসকলক নতুন প্ৰযুক্তিৰ প্ৰশিক্ষণ প্ৰদান আৰু প্ৰশিক্ষণ ব্যৱস্থাৰ সৈতে উদ্যোগখণ্ডৰ পোনপটীয়া সংযোগ স্থাপনৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘পিএম-সেতু’ আঁচনিৰ অধীনত ৬০,০০০ কোটি টকা বিনিয়োগ কৰাৰ কথা উল্লেখ কৰে। “ইয়াৰ দ্বাৰা আমাৰ যুৱপ্ৰজন্ম যথেষ্ট উপকৃত হ’ব”, বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।
ভাৰতৰ দ্ৰুত উন্নয়নৰ ফলত দক্ষতাসম্পন্ন কৰ্মীসকলৰ বাবে কৰ্মসংস্থাপনৰ ব্যাপক সুযোগ সৃষ্টি হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১২ৰ পৰা ১৩ বছৰত চৰকাৰৰ বিভিন্ন সা-সুবিধা আৰু আঁচনিৰ ফলত ৫০ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু তেওঁলোকৰ মনত আত্মবিশ্বাসৰ সৃষ্টি হৈছে।
দৰিদ্ৰ লোকসকলৰ বাবে চাৰি কোটি ঘৰ নিৰ্মাণ, পানীৰ পাইপলাইন স্থাপন আৰু প্ৰথমবাৰৰ বাবে বিদ্যুৎ সংযোগ প্ৰদানৰ দৰে বৃহৎ অভিযানসমূহৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে এই কামসমূহত বিদ্যুতৰ কাম কৰা লোক, কাঠমিস্ত্ৰী আৰু অন্যান্য দক্ষতাসম্পন্ন যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিছে। শ্ৰী মোদীয়ে কয়, “এই বৃহৎ অভিযানৰ জৰিয়তে দেশৰ দক্ষ কৰ্মীসকলৰ বাবেও লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে।”
নতুনকৈ বিকশিত হোৱা বিভিন্ন খণ্ডত দক্ষতাসম্পন্ন কৰ্মীৰ চাহিদা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কেইমাহমান পূৰ্বে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত গেছৰ যোগানত সৃষ্টি হোৱা সমস্যাৰ উদাহৰণ দাঙি ধৰে। সেই সময়ত চৰকাৰে প্ৰতিদিনে কমেও এক লাখ পাইপযুক্ত প্ৰাকৃতিক গেছ (পিএনজি) সংযোগ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু পৰ্যালোচনা বৈঠকসমূহত লক্ষ্য পূৰণৰ ক্ষেত্ৰত নল-মিস্ত্ৰী (Plumber)ৰ অভাৱৰ বিষয়টো বাৰে বাৰে উত্থাপিত হৈছিল।
ইয়াৰ উপৰি সৌৰশক্তি খণ্ডত আৰু ক্ৰীড়া সামগ্ৰী নিৰ্মাণ, শৰীৰ চৰ্চা তথা স্বাস্থ্যচৰ্চাৰ দৰে দিশ সামৰি দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা ক্ৰীড়া অৰ্থনীতিত দক্ষতাসম্পন্ন কৰ্মীৰ বৃহৎ প্ৰয়োজনীয়তা আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, “আপোনাৰ দক্ষতা যিমানেই অধিক হ’ব, কৰ্মসংস্থাপন লাভৰ সুযোগো সিমানেই বৃদ্ধি পাব।”
ভাৰত বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱপ্ৰজন্ম আৰু উত্তৰ প্ৰদেশৰ বাবে এটা সুখবৰ দিয়ে। তেওঁ জনায় যে ২০২৭ চনত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত ভাৰতত প্ৰথমবাৰৰ বাবে‘ৱৰ্ল্ড স্কিলছ এছিয়া’ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাত বিভিন্ন দেশৰ যুৱ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব। “ইয়াৰ বাবেও উত্তৰ প্ৰদেশবাসীক মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ”, শ্ৰী মোদীয়ে কয়।
ৰাষ্ট্ৰৰ উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰৰ শাসনকালত ৰাজ্যখনৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে।তেওঁ কয় যে উত্তৰ প্ৰদেশ এতিয়া এক্সপ্ৰেছৱেৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনত একাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, বৃহৎ বিশ্ববিদ্যালয়, বিকশিত পৰ্যটন খণ্ড, বৃহৎ ম’বাইল নিৰ্মাণ উদ্যোগ, নিৰ্মাণৰ দিশত আগবঢ়া চিপ কাৰখানা আৰু ব্ৰহ্ম’ছ ক্ষেপণাস্ত্ৰৰ উৎপাদন আৰম্ভ হৈছে। ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত শত্ৰুপক্ষক কঁপাই তোলা ব্ৰহ্ম’ছ ক্ষেপণাস্ত্ৰৰ উৎপাদনো উত্তৰ প্ৰদেশত চলি আছে। শ্ৰী মোদীয়ে কয়, “উত্তৰ প্ৰদেশত হৈ থকা এই সকলোবোৰ উন্নয়নমূলক কামৰ ফলত যুৱক-যুৱতীসকলৰ বাবে নতুন নতুন সুযোগ সৃষ্টি হৈছে।”
বাৰাণসীৰ নিজৰ সংসদীয় সমষ্টিত এটা কাৰখানা উদ্বোধনৰ সময়ত দিয়া শেহতীয়া এক সাক্ষাৎকাৰৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তাত এগৰাকী যুৱতীয়ে তেওঁক জনাইছিল যে এতিয়া তেওঁ নিশা ১১ বজাতো নিৰাপদে ঘৰলৈ উভতি যাব পাৰে।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰৰ অধীনত ৰাজ্যখনত সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ ফলতে এয়া সম্ভৱ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। সুৰক্ষাৰ অনুভূতি আৰু সমৃদ্ধিৰ প্ৰতি আত্মবিশ্বাসে বিকশিত ভাৰত গঢ়াৰ পথ প্ৰশস্ত কৰিব বুলি তেওঁ মন্তব্য কৰে।
শেষত প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো যুৱক-যুৱতীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কয়, “এই সময়ত আপোনালোকৰ সন্মুখত সমগ্ৰ আকাশখনেই মুকলি হৈ আছে। ডাঙৰ সপোন দেখক, নিজৰ দক্ষতা বিকশিত কৰক আৰু সেই সপোন পূৰণৰ বাবে সম্পূৰ্ণ শক্তিৰে আগবাঢ়ি যাওক।”
*****
MJPS/SS/VJ/PRK/DM