উত্তৰ প্ৰদেশৰ উদ্যমী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ জ্যেষ্ঠ সহযোগী তথা এই সংসদীয় সমষ্টিৰ প্ৰতিনিধি শ্ৰী ৰাজনাথ সিং জী, শ্ৰী জয়ন্ত চৌধুৰী জী, সংসদৰ মোৰ সহযোগী পংকজ চৌধুৰী জী, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য জী, ব্ৰজেশ পাঠক জী, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ যুৱ বন্ধুসকল।
মই আনন্দিত হৈছো যে আমাৰ সহযোগী জয়ন্ত চৌধুৰী জীয়ে দক্ষতা বিকাশৰ ইমান বৃহৎ কাৰ্যসূচীৰ বাবে লক্ষ্ণৌক বাছনি কৰিছে। আপোনালোকে হাতচাপৰি বজালে যদিও মই এতিয়াও মোৰ কথা ক’বলৈ বাকী আছে। মোৰ আনন্দৰ কাৰণ এয়াই যে উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে এয়া মোৰ বাবে গৌৰৱৰ বিষয় আৰু মোৰ সৌভাগ্য যে উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে আজি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ বন্ধুসকলক আদৰণি জনোৱাৰ সুযোগ লাভ কৰিছোঁ।
বন্ধুসকল,
আজি আপোনালোকে জীৱনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। এতিয়া আপোনালোক প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হ’বলৈ আগবাঢ়িছে। আজিৰ দিনটো মোৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ। আজি পুৱা মই দিল্লীৰ পৰা ৰাওনা হৈ পশ্চিমবংগলৈ গৈছিলোঁ। আজিৰ দিনটোৰ মোৰ প্ৰথম কাৰ্যসূচী আছিল আই আই টিত। দেশৰ প্ৰথমখন আই আই টি খড়গপুৰ প্ৰতিষ্ঠা হোৱাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে তাত মহাৰজত জয়ন্তী উদযাপন কৰা হৈছিল। যি উদ্যম, যি সপোন, যি আশা আৰু আকাংক্ষা লৈ মই আই আই টিৰ শিক্ষাৰ্থীসকলৰ মাজলৈ গৈছিলোঁ, ঠিক একেই উৎসাহ আৰু উদ্দীপনাৰে আজি মই আই টি আইৰ শিক্ষাৰ্থীসকলৰ মাজলৈ আহিছোঁ।
আই আই টিয়েই হওক বা আই টি আইয়েই হওক, মোৰ বাবে দুয়োটাই দেশৰ সম্পদ, দেশৰ সামৰ্থ্য আৰু দেশৰ ভৱিষ্যৎ। আই টি আইত অধ্যয়ন কৰি আপোনালোকে যি দক্ষতা আৰু কাৰিকৰী জ্ঞান আহৰণ কৰিছে, সেয়া এতিয়া বিকশিত ভাৰতৰ এক বৃহৎ শক্তি। এই বিকশিত ভাৰত আপোনালোকৰ হাতৰ কাম আৰু আপোনালোকৰ দক্ষতাৰ জৰিয়তেই গঢ় লৈ উঠিব। এখন দেশে নিজৰ যুৱপ্ৰজন্মৰ দক্ষতাৰ জৰিয়তেই এনেদৰে দক্ষতাৰে আগবাঢ়ি যায়। আমাৰ দেশত সদায় দক্ষতাক সন্মান জনোৱা পৰম্পৰা আছে।
আপোনালোকে ইয়াত লক্ষ্ণৌতে চাওক, চিকনকাৰীৰ কাম কিমান উন্নত। দীৰ্ঘদিন ধৰি এনে দক্ষতাপূৰ্ণ কামৰ জৰিয়তেই বিশ্বত ভাৰতৰ পৰিচয় প্ৰতিষ্ঠা হৈছিল। অতি মিহি মছলিন কাপোৰ, বেনাৰস আৰু কাঞ্জিভৰমৰ ৰেচম, কাশ্মীৰৰ পছমিনা, আমাৰ কপাহী বস্ত্ৰ, কলমকাৰী শিল্প, বিশ্বৰ উৎকৃষ্ট তৰোৱাল নিৰ্মাণত ব্যৱহৃত তীখা, ব্ৰঞ্জ আৰু পঞ্চধাতুৰ মূৰ্তি নিৰ্মাণ আদি এনে অগণন কৰ্ম আছে, যিবোৰ হয়তো এজন ব্যক্তিয়ে হিচাপ কৰিও শেষ কৰিব নোৱাৰে। এইবোৰেই এসময়ত আমাৰ সমাজৰ ভেটি আছিল।
বন্ধুসকল,
আমাৰ দেশৰ পূৰ্বৰ সমাজ ব্যৱস্থাটো দক্ষতাক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছিল। মোৰ জন্ম গুজৰাটত হৈছিল। গুজৰাটৰ এটা অভিজ্ঞতাৰ কথা আপোনালোকক ক’ব বিচাৰিছোঁ। গুজৰাটত ‘ৱছৱায়া’ (Vasvaya) বুলি এটা শব্দ ব্যৱহাৰ কৰা হয়। এয়া এক পৰম্পৰা আছিল। অৰ্থাৎ য’তেই এখন গাঁও স্থাপন কৰা হ’ব, তাত গাঁৱৰ জীৱন পৰিচালনা কৰিব পৰা দক্ষতাসম্পন্ন লোকসকলেও বসতি স্থাপন কৰিব। তেওঁলোক নাথাকিলে গাঁও এখনৰ জীৱন ধাৰণৰ কথা কল্পনাই কৰিব নোৱাৰি। এনে দক্ষ লোকসকলৰ অবিহনে গাঁৱৰ জীৱন যাপন কৰাটো কঠিন আছিল।
বন্ধুসকল,
প্ৰাচীন কালৰে পৰা আমাৰ দেশৰ প্ৰতিটো অঞ্চলতে এনে ব্যৱস্থা প্ৰচলিত আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সময়ৰ লগে লগে এই ব্যৱস্থাই গুৰুত্ব হেৰুৱাবলৈ ধৰিলে।
মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলোঁ, তেতিয়া এবাৰ মোৰ মনত এটা প্ৰশ্ন উদয় হৈছিল যে আমাৰ জীৱনটো সুচাৰুৰূপে চলাই নিবলৈ কিমান ধৰণৰ দক্ষতাৰ প্ৰয়োজন হয়? মই বিষয়াসকলক এই দায়িত্ব দিছিলোঁ। তেওঁলোকে প্ৰথমে প্ৰায় ৩০ৰ পৰা ৩৫ বিধ কামৰ তালিকা প্ৰস্তুত কৰি আনিছিল। মই তেওঁলোকক ক’লোঁ যে এনেদৰে নকৰিব, মই আপোনালোকক এটা পথ দেখুৱাই দিছোঁ, সেই অনুসৰি চিন্তা কৰক।
মই তেওঁলোকক ক’লোঁ, এজন ব্যক্তিয়ে পুৱা শুই উঠাৰ পৰা নিশা শুবলৈ যোৱালৈকে আৰু জন্মৰ পৰা মৃত্যুলৈকে এজন ব্যক্তি, এটা পৰিয়াল তথা এখন সমাজক কি কি বস্তুৰ প্ৰয়োজন হয়? কিমান ধৰণৰ সেৱাৰ প্ৰয়োজন হয়? প্ৰতিজন ব্যক্তিৰ বাবে কোনবোৰ সেৱা অপৰিহাৰ্য? আপোনালোকে নিজৰ অভিজ্ঞতাৰ ভিত্তিত সেইবোৰৰ এখন তালিকা প্ৰস্তুত কৰক।
প্ৰথমবাৰ বিভাগৰ বিষয়াসকলে মোৰ ওচৰলৈ ৩০-৩৫ বিধ কামৰ তালিকা লৈ আহিছিল। কিন্তু যেতিয়া তেওঁলোকে পুনৰ বহি চিন্তা-চৰ্চা কৰি তালিকা প্ৰস্তুত কৰিলে, এসপ্তাহৰ পাছত মোৰ ওচৰলৈ প্ৰায় এহেজাৰবিধ কামৰ তালিকা লৈ আহিল। অৰ্থাৎ আমাক ফুলৰ থোপা প্ৰস্তুত কৰা লোকৰো প্ৰয়োজন, খেলনা নিৰ্মাণ কৰা লোকৰো প্ৰয়োজন, মেহেন্দি লগোৱা লোকৰো প্ৰয়োজন। এনেদৰে কিমান ধৰণৰ সেৱাৰ প্ৰয়োজন হয়। এই দক্ষতাসমূহেই আমাৰ সমাজখনক গতিশীল কৰি ৰাখিছে। মই বিষয়াসকলক এই দিশটোৰ ওপৰত গুৰুত্ব দিবলৈ কৈছিলোঁ আৰু তাৰ পাছত গুজৰাটত দক্ষতা বিকাশৰ এক আধুনিক ব্যৱস্থা গঢ়ি তোলা হৈছিল।
বন্ধুসকল,
ভাৰতৰ দক্ষতা ব্যৱস্থাৰ অৱক্ষয়ৰ আঁৰত আন এটা কাৰণো আছিল। যেতিয়া আমাৰ দেশলৈ আক্ৰমণকাৰীসকল আহিছিল, তেতিয়া ভাৰত আছিল সোণালী যুগৰ দেশ। সমগ্ৰ বিশ্বৰ বাবে ভাৰত আকৰ্ষণৰ কেন্দ্ৰ আছিল, ঈৰ্ষাৰো কেন্দ্ৰ আছিল।
আক্ৰমণকাৰীসকলে ভাৰতলৈ আহি প্ৰথম আঘাত কৰিছিল আমাৰ দক্ষতাৰ ওপৰত। আপোনালোকৰ মাজৰ বহুতে ইতিহাসত পঢ়িছে যে আমাৰ দেশত এনে বহু কাৰিকৰ আছিল, যিসকলে কোনো সামগ্ৰী নিৰ্মাণ কৰিলে সেয়া বিশ্বৰ ভিতৰতে সৰ্বোৎকৃষ্ট হৈছিল। সেই সামগ্ৰী নিৰ্মাণ কৰা কাৰিকৰসকলৰ বুঢ়া আঙুলি কাটি পেলোৱা হৈছিল। কিয়? কাৰণ সেই অত্যাচাৰীসকলে জানিছিল যে এই দক্ষতাই, তেওঁলোকৰ হাতৰ কাৰিকৰী জ্ঞানেই ভাৰতক মহান আৰু সমৃদ্ধিশালী কৰি তুলিছে। সেয়েহে ভাৰতৰ শক্তি ধ্বংস কৰিবলৈ তেওঁলোকৰ বুঢ়া আঙুলি কাটি পেলোৱা হৈছিল।
পাছত ইংৰাজসকল আহিল। তেওঁলোক কিছু বেছি কৌশলী আছিল। তেওঁলোকে পদ্ধতি সলনি কৰিলে। মেকলেৰ জৰিয়তে ভাৰতৰ জনসাধাৰণৰ ওপৰত এনে এক শিক্ষাব্যৱস্থা জাপি দিয়া হ’ল, য’ত আমাৰ দক্ষতাভিত্তিক ব্যৱস্থাক কেৱল কাগজ-কলমেৰে কাম কৰা কেৰাণী সৃষ্টি কৰাৰ মাজতে সীমাবদ্ধ কৰি ৰখা হ’ল।
ইংৰাজসকলে ভাৰতৰ দক্ষতা ধ্বংস কৰি নিজৰ দেশৰ উদ্যোগসমূহৰ বিকাশ ঘটালে। ভাৰতৰ পৰা সকলো সামগ্ৰী লৈ গৈ নিজৰ দেশত উৎপাদন ব্যৱস্থা আগবঢ়াই নিলে। সময়ৰ লগে লগে ইংৰাজৰ দৰে কাগজ-কলমেৰে কাম কৰা কেৰাণী হোৱাটো সমাজত সন্মানৰ বিষয় হৈ পৰিল।
আমাৰ সমাজৰ অৱস্থা কেনে হৈছিল চাওক। কোনো এজন শিক্ষাৰ্থীয়ে যদি আই টি আইত নামভৰ্তি কৰে, তেন্তে তেওঁৰ পিতৃ-মাতৃ, বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনক সেই কথা ক’বলৈও সংকোচ কৰে। তেওঁলোকে লুকুৱাই ৰাখে। তেওঁলোকৰ লাজ লাগে। কিয়নো তেওঁ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়লৈ যোৱা নাই। তেওঁ নীলা পোছাক পিন্ধি হাতেৰে কাম কৰি আছে। আমাৰ সমাজত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে। মই এই পৰিস্থিতি সলনি কৰাৰ সংকল্প লৈছোঁ। আই আই টিৰ শিক্ষাৰ্থীসকলে যিমান সন্মান লাভ কৰিব, মোৰ আই টি আইৰ শিক্ষাৰ্থীসকলেও সিমানেই সন্মান লাভ কৰিব। এটা ডাঙৰ কোম্পানীতে চাওক, কাগজী প্ৰমাণপত্ৰ লৈ ঘূৰি ফুৰা দুই-তিনিজন লোক থাকিব পাৰে, কিন্তু সেই কোম্পানীটো পৰিচালনা কৰিবলৈ ২০০ৰ পৰা ৩০০জন আই টি আইৰ প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ প্ৰয়োজন হয়। তেতিয়াহে কোম্পানীটো সুচাৰুৰূপে চলিব পাৰে।
বন্ধুসকল,
আমাৰ সামাজিক জীৱনত এক বৃহৎ মানসিক পৰিৱৰ্তনৰ প্ৰয়োজন আছে। মই জয়ন্ত চৌধুৰী জী আৰু তেওঁৰ সকলো বিষয়াক অভিনন্দন জনাইছোঁ।
অলপ আগতে মই লক্ষ্য কৰি আছিলোঁ, যিসকল যুৱক-যুৱতীয়ে আজি প্ৰমাণপত্ৰ গ্ৰহণ কৰিবলৈ আহিছে, তেওঁলোকৰ সাজ-পোছাক আৰু ব্যক্তিত্বৰ আভিজাত্য লক্ষ্য কৰিছিলোঁ। কোনো এখন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানতো এনে সাজ-পোছাক দেখা নাযায়, যেনেকুৱা মোৰ আই টি আইৰ শিক্ষাৰ্থীসকলে পৰিধান কৰিছে।
এই আভিজাত্য, এই গৌৰৱ চাওক। দেশৰ প্ৰধানমন্ত্ৰীয়ে আই টি আইৰ শিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ পশ্চিমবংগৰ ভ্ৰমণ কৰাৰ পিছত দৌৰি আহি লক্ষ্ণৌত তেওঁলোকৰ কাষত থিয় হৈ গৌৰৱ অনুভৱ কৰিছে।
বন্ধুসকল,
সেয়া আছিল পৰাধীনতাৰ মানসিকতা, যাৰ পৰা স্বাধীনতাৰ পাছতো দেশ মুক্ত হ’ব পৰা নাছিল। স্বাধীনতাৰ পাছতো কেৰাণীৰ চাকৰিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল আৰু দক্ষতা পিছ পৰি ৰৈছিল।
এবাৰ মই দাদা ধৰ্মাধিকাৰীৰ এখন কিতাপ পঢ়িছিলোঁ। এজন স্নাতকোত্তৰ ডিগ্ৰীধাৰী ব্যক্তি তেওঁৰ ওচৰলৈ আহিছিল। তেওঁ কৈছিল যে যদি কোনো চিনাকি থাকে, তেন্তে তেওঁক এটা চাকৰি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে।
তেতিয়া দাদা ধৰ্মাধিকাৰীয়ে তেওঁক সুধিছিল, ‘আপুনি কি কাম জানে?’
তেওঁ উত্তৰ দিছিল, ‘মই স্নাতকোত্তৰ ডিগ্ৰীধাৰী।’
দাদা ধৰ্মাধিকাৰীয়ে পুনৰ সুধিছিল, ‘আপুনি স্নাতকোত্তৰ ডিগ্ৰীধাৰী, ঠিক আছে। কিন্তু আপুনি কি কাম জানে, সেইটো কওক।’
তেওঁ কৈছিল, ‘মোৰ সোণৰ পদক আছে, মোৰ প্ৰমাণপত্ৰ আছে, মই স্নাতকোত্তৰ ডিগ্ৰীধাৰী।’
দাদা ধৰ্মাধিকাৰীয়ে পুনৰ সুধিছিল, ‘আপুনি কিবা কাম জানেনে?’
কিন্তু তেওঁ কথাটো বুজি পোৱা নাছিল। বাৰে বাৰে কৈ আছিল, ‘মই স্নাতকোত্তৰ ডিগ্ৰীধাৰী।’
তেতিয়া দাদা ধৰ্মাধিকাৰীয়ে সুধিছিল, ‘ঠিক আছে, আপুনি মোক কওকচোন, আপুনি গাড়ী চলাব জানেনে?’
তেওঁ কৈছিল, ‘নাজানো।’
‘ৰান্ধিবলৈ জানেনে?’
তেওঁ কৈছিল, ‘নাজানো।’
‘তেন্তে আপুনি কি কাম জানে?’
তেওঁৰ উত্তৰ আছিল, ‘মোৰ প্ৰমাণপত্ৰ আছে।’
আমাৰ দেশত এসময়ত কেৱল কাগজী প্ৰমাণপত্ৰৰ এক যুগ চলিছিল। কিন্তু এতিয়া সময় সলনি হৈছে। আজি মই আপোনালোকক এটা কথা ক’ব বিচাৰিছোঁ।
আপোনালোকে নিশ্চয় সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত চলি থকা এটা চৰ্চাৰ বিষয়ে জানে। তাত সকলোৱে কৈছে যে ২০২৩ চনত সংসদত মোদীজীয়ে কৈছিল, ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ (PSU)-ত বিনিয়োগ কৰক, আপোনালোক লাভাৱান্বিত হ’ব। সেই সময়ত বহুতে মোৰ কথাক লৈ উপহাস কৰিছিল। কিন্তু আজি ইতিহাস সাক্ষী যে যিসকলে বিনিয়োগ কৰিছিল, তেওঁলোক লাভাৱান্বিত হৈছে।
মই এবছৰ পূৰ্বে আন এটা কথাও কৈছিলোঁ। মই দেশবাসীক আহ্বান জনাইছিলোঁ যে যদি অত্যন্ত প্ৰয়োজন নহয়, তেন্তে এবছৰৰ বাবে সোণ ক্ৰয় নকৰিব। সোণ ক্ৰয় কৰাটো হ্ৰাস কৰক।
মোৰ আনন্দ লাগিছে যে যিদৰে লালবাহাদুৰ শাস্ত্ৰীয়ে দেশবাসীক এবেলা আহাৰ ত্যাগ কৰিবলৈ আহ্বান জনাইছিল আৰু দেশবাসীয়ে তেওঁৰ আহ্বান মানি লৈছিল, ঠিক তেনেদৰে মোৰ দেশৰ চৰিত্ৰ আজিও একেই আছে।
মোৰ দৰে এজন সাধাৰণ ব্যক্তিয়ে যেতিয়া দেশবাসীক কম পৰিমাণে সোণ ক্ৰয় কৰিবলৈ আহ্বান জনালে, তেতিয়া দেশবাসীয়ে সোণ ক্ৰয় কৰাটো হ্ৰাস কৰিলে আৰু সোণৰ মূল্যও হ্ৰাস পালে। আজি বহুতে মোক কৈছে, ‘মোদী জী, আপুনি কোৱাৰ বাবে আমি আপোনাৰ কথা মানি চলিলোঁ আৰু আমাৰ ধন ৰাহি হ’ল।’
আজি মই আপোনালোকক আৰু এটা কথা ক’ব বিচাৰিছোঁ। লিখি ৰাখক, সময় সলনি হৈছে। কাগজৰ প্ৰমাণপত্ৰ লৈ কোট-পেণ্ট-টাই পিন্ধি ঘূৰি ফুৰা লোকসকলতকৈ দক্ষতাসম্পন্ন লোকৰ মূল্য আৰু অধিক বৃদ্ধি পাব। যিসকলৰ দক্ষতা আছে, যিসকলৰ কাৰিকৰী জ্ঞান আছে, তেওঁলোকৰ চাহিদা বৃদ্ধি পাব।
মই যেতিয়া ছৌদি আৰব, ডুবাই, আবুধাবি, কাটাৰ আৰু কুৱেইটলৈ যাওঁ, তেতিয়া সেই দেশসমূহৰ ৰাজপৰিয়ালৰ লোকসকলে সদায় এটা কথা কয়। তেওঁলোকে কয় যে আপোনালোকে আজি যিবোৰ সুন্দৰ আধুনিক নগৰ দেখিছে, সেইবোৰ কেৱল আমাৰ ধনেৰে নিৰ্মাণ হোৱা নাই, ভাৰতীয় কাৰিকৰসকলৰ পৰিশ্ৰমৰ ফলতহে গঢ় লৈ উঠিছে।
ডুবাইৰ সৌন্দৰ্য, আবুধাবিৰ চকুত লগা আভিজাত্য আৰু ছৌদি আৰৱৰ আধুনিক উন্নয়নৰ আঁৰত ভাৰতীয় কাৰিকৰসকলৰ দক্ষতা আৰু পৰিশ্ৰম জড়িত হৈ আছে। প্ৰতিটো ৰাজপৰিয়ালেই ভাৰতৰ শক্তি আৰু সামৰ্থ্যৰ প্ৰশংসা কৰে।
আজি বিশ্বৰ যিমানবোৰ চৰকাৰে আমাৰ সৈতে চুক্তি সম্পাদন কৰিছে, তেওঁলোকৰ প্ৰতিখন চুক্তিতে এটা বিষয় থাকে। তেওঁলোকে কয়, আমাক প্ৰতি বছৰে ৯০ হাজাৰ লোকৰ প্ৰয়োজন, আমাক প্ৰতি বছৰে ডেৰ লাখ লোকৰ প্ৰয়োজন অথবা আমাক প্ৰতি বছৰে এক লাখ লোকৰ প্ৰয়োজন।
আজি সমগ্ৰ বিশ্বই ভাৰতীয় লোকৰ চাহিদাৰ কথা প্ৰকাশ কৰিছে। তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা লোকৰ প্ৰয়োজন নাই, তেওঁলোকক আই টি আইৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ প্ৰয়োজন। যিসকলৰ দক্ষতা আৰু কাৰিকৰী জ্ঞান আছে, বিশ্বত তেওঁলোকৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছে।
সেয়েহে মই কৈছোঁ বন্ধুসকল, আগন্তুক ২০ বছৰ, হয়, ২০ বছৰৰ পাছত—মই কোনো চলচ্চিত্ৰৰ সংলাপ কোৱা নাই—ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হ’ব।
বন্ধুসকল,
একবিংশ শতিকাৰ ভাৰতে দক্ষতাক সন্মান জনাইহে আগবাঢ়িব পাৰিব। সেয়েহে যোৱা কেইবছৰমানত আমাৰ চৰকাৰে ‘শ্ৰমেৱ জয়তে’ৰ আদৰ্শৰে এটাৰ পাছত এটাকৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে।আমি এটা সুকীয়া দক্ষতা বিকাশ মন্ত্ৰালয় গঠন কৰিছোঁ। তাৰ পৰাই এই যাত্ৰা আৰম্ভ হৈছিল।
আমাৰ দেশত পূৰ্বতে কেৱল মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবেহে দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হৈছিল। তেওঁলোকে ডাঙৰ ডাঙৰ টুপী আৰু কোট পৰিধান কৰি আহিছিল। মই কৈছিলোঁ, নহয়। যদি আড়ম্বৰ আৰু সন্মানেৰে দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰা হয়, তেন্তে মোৰ আই টি আইৰ শিক্ষাৰ্থীসকলৰ বাবেও তেনে অনুষ্ঠান অনুষ্ঠিত হ’ব লাগিব। মই তেওঁলোকৰ আঙুলিত ভাৰতৰ ভৱিষ্যৎ দেখিবলৈ পাওঁ। তেওঁলোকৰ দক্ষতাৰ মাজত মই ভাৰতৰ সামৰ্থ্য দেখিবলৈ পাওঁ।আমি যেতিয়া নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তুত কৰিছিলোঁ, তেতিয়াও দক্ষতা বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল।
বন্ধুসকল,
আজিৰ আধুনিক যুগত কৃত্ৰিম বুদ্ধিমত্তা (AI)ক লৈ বিভিন্ন ধৰণৰ আলোচনা চলিছে। কোৱা হৈছে যে এ আইয়ে এই কাম কৰিব, সেই কাম কৰিব। এ আইৰ বাবে কাৰোবাৰ কৰ্মসংস্থাপন হেৰাই যাব, আন কাৰোবাৰ চাকৰি নোহোৱা হ’ব।
কিন্তু মোৰ এই কথাটো ভালদৰে বুজি লওক, যিসকলৰ দক্ষতা আছে, তেওঁলোকৰ কৰ্মসংস্থাপন কোনেও কাঢ়ি নিব নোৱাৰে।
ক’ভিডৰ সময়ছোৱাত আমি দেখিছিলোঁ, প্ৰতিটো পৰিয়ালৰ অৱস্থা কেনে হৈছিল। মানুহ অসহায় হৈ পৰিছিল। যিসকল লোকৰ সেৱাৰ ওপৰত তেওঁলোকৰ জীৱন নিৰ্ভৰশীল আছিল, সেইসকল লোকেই মৃত্যুৰ ভয়ত নিজৰ গাঁৱলৈ উভতি গৈছিল।
তেতিয়া মানুহে উপলব্ধি কৰিছিল যে আমাৰ হাতত যিমানেই ধন-সম্পত্তি নাথাকক কিয়, দক্ষতাসম্পন্ন কৰ্মশক্তি অবিহনে আমি জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ। সেই সময়ত দক্ষতাসম্পন্ন কৰ্মীসকলেহে দেশৰ বহু গুৰুত্বপূৰ্ণ কাম-কাজ চম্ভালিছিল।
বন্ধুসকল,
যেতিয়া আপোনালোকে কোনো এটা দক্ষতা আহৰণ কৰে, তেতিয়া আপোনালোকে কেৱল যন্ত্ৰক লৈয়েই কাম নকৰে। আপোনালোকে মানুহৰ জীৱন সহজ কৰি তোলে। দেশৰ সামৰ্থ্য বৃদ্ধি কৰে।
এটা সময়ত ভাৰতে ম’বাইল ফোন আমদানি কৰিছিল। কিন্তু আজি মোৰ দেশৰ যুৱক-যুৱতীসকলে সেই ম’বাইল ফোন নিৰ্মাণ কৰে। ভাৰতত নিৰ্মিত ম’বাইল ফোন আজি বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছে।আপোনালোকৰ বাবেই দেশৰ উৎপাদন ক্ষমতা বৃদ্ধি পাইছে। সেয়েহে আজি আই টি আইক ইমান গুৰুত্ব দিয়া হৈছে।
২০১৪ চনৰ পাছত আমাৰ চৰকাৰে মাত্ৰ এটা দশকৰ ভিতৰতে প্ৰায় ৫ হাজাৰ নতুন আই টি আই স্থাপন কৰিছে। আই টি আইত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংখ্যাও ৫ লাখতকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ছাত্ৰীসকলৰ সংখ্যা আঢ়ৈ গুণতকৈও অধিক বৃদ্ধি পাইছে।
বন্ধুসকল,
আই টি আইৰ প্ৰশিক্ষণ, গুণগত মান, শিক্ষক-প্ৰশিক্ষক আৰু আন্তঃগাঁথনি আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ আহিছে।পূৰ্বতে আই টি আইৰ ব্যৱস্থা ক্ৰমাৎ পিছ পৰি গৈ আছিল। দক্ষতা আৰু বৃত্তিমূলক পাঠ্যক্ৰমৰ নামত পুৰণি কাৰিকৰী বিষয়সমূহেই পঢ়োৱা হৈছিল।কিন্তু আজি আই টি আইসমূহত ৩০টাতকৈও অধিক নতুন যুগোপযোগী কাৰিকৰী বিষয়ৰ প্ৰশিক্ষণ দিয়া হৈছে। জেন জিৰ শিক্ষাৰ্থীসকলেও এই বিষয়ে উল্লেখ কৰিছে।বিমান নিৰ্মাণৰ গাঁথনি, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ক, চাইবাৰ নিৰাপত্তা সহায়ক, ড্ৰোন কাৰিকৰী, সেউজ হাইড্ৰ’জেন কাৰিকৰী, ঔদ্যোগিক ৰবট প্ৰযুক্তি, বৈদ্যুতিক বাহন, এনিমেচন আৰু স্পেছিয়েল ইফেক্টছ, ছেমিকণ্ডাক্টৰ কাৰিকৰী আদি বিভিন্ন পাঠ্যক্ৰম বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আই টি আইত প্ৰৱৰ্তন কৰা হৈছে।
আপোনালোকৰ চহৰত যিমানেই ডাঙৰ চিকিৎসালয় নাথাকক কিয়, বিশ্বৰ বিভিন্ন প্ৰান্তত উচ্চ শিক্ষাগ্ৰহণ কৰি অহা এজন বিখ্যাত চিকিৎসক তাত থাকিলেও চিকিৎসালয়খনত থকা যন্ত্ৰপাতিসমূহ পৰিচালনা কৰিবলৈ যদি আই টি আইৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতী নাথাকে, তেন্তে এজনো ৰোগী সুস্থ কৰি তুলিব পৰা নাযাব। চিকিৎসকজন যিমানেই ডাঙৰ নহওক কিয়, এই শক্তি আপোনালোকৰ হাতত আছে।
মই আপোনালোকক সেই শক্তিৰ বিষয়ে উপলব্ধি কৰাবলৈ ইয়ালৈ আহিছোঁ। আপোনালোকৰ সামৰ্থ্যক সন্মান জনাবলৈ আহিছোঁ। আপোনালোকৰ এই সামৰ্থ্যক স্বীকৃতি দিবলৈ আহিছোঁ। কাৰণ মই জানো যে আই টি আইয়ে আগন্তুক ভৱিষ্যতৰ বাবে এক গৌৰৱোজ্জ্বল ইতিহাস ৰচনা কৰিব।
বন্ধুসকল,
এইবোৰ কাম কেৱল ভাৰতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হোৱা নাই। সমগ্ৰ বিশ্বৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিও এইবোৰ প্ৰস্তুত কৰা হৈছে।আপোনালোকে প্ৰায়ে শুনিবলৈ পায় যে ভাৰতে এখন দেশৰ সৈতে বাণিজ্যিক চুক্তি সম্পাদন কৰিছে, আন এখন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি (FTA)ৰ বিষয়ে আলোচনা চলিছে। এই সকলোবোৰ আপোনালোক যুৱক-যুৱতীসকলৰ বাবেই কৰা হৈছে। ইয়াৰ জৰিয়তে আপোনালোকৰ বাবে নতুন নতুন সুযোগ সৃষ্টি হৈছে।
বন্ধুসকল,
আমাৰ প্ৰচেষ্টা হৈছে আই টি আইৰ পাঠ্যক্ৰম সলনি কৰা, ইয়াৰ যন্ত্ৰপাতি আধুনিকীকৰণ কৰা, প্ৰশিক্ষকসকলক নতুন প্ৰযুক্তিৰ বিষয়ে প্ৰশিক্ষণ দিয়া আৰু প্ৰশিক্ষণ ব্যৱস্থাটোক উদ্যোগসমূহৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত কৰা।এই লক্ষ্যৰেই পি এম সেতু আঁচনিৰ অধীনত ৬০ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ ফলত আপোনালোক সকলো যুৱক-যুৱতী যথেষ্ট উপকৃত হ’ব।
বন্ধুসকল,
আজি ভাৰতে যি দ্ৰুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে, তাৰ ফলত আপোনালোকৰ দৰে যুৱক-যুৱতী আৰু দক্ষ কৰ্মীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হৈছে।আপোনালোকে হয়তো শুনিছে যে বিগত ১২-১৩ বছৰত ভাৰতত ৫০ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। এয়া এক বৃহৎ ঘটনা। স্বাধীনতাৰ পাছত ভাৰতৰ আটাইতকৈ ডাঙৰ সফলতা যদি কিবা আছে, তেন্তে মোৰ দৃষ্টিত সেয়া হৈছে ৫০ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা।বিকশিত ভাৰতৰ যাত্ৰাও এই পথেৰেই আগবাঢ়িব।চৰকাৰে এই লোকসকলক বিভিন্ন সা-সুবিধা প্ৰদান কৰিছে, দৰিদ্ৰ লোকসকলক সবল কৰি তুলিছে আৰু তেওঁলোকৰ মনত দৰিদ্ৰতাৰ পৰা মুক্ত হ’ব পাৰিব বুলি বিশ্বাসৰ সৃষ্টি কৰিছে।
এই বৃহৎ অভিযানৰ ফলত দেশত দক্ষতাসম্পন্ন কৰ্মীসকলৰ বাবেও লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে।যেনে, ৪ কোটি দৰিদ্ৰ পৰিয়ালৰ বাবে গৃহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত বিদ্যুতৰ কাম কৰা লোক , কাঠমিস্ত্ৰী আদিয়ে কাম লাভ কৰিছে। কোনো ঠাইত পানীৰ পাইপলাইন স্থাপন কৰা হৈছে, আন কোনো ঠাইত প্ৰথমবাৰৰ বাবে বিদ্যুতৰ সংযোগ প্ৰদান কৰা হৈছে। এই সকলোবোৰ কাম আপোনালোকৰ দৰে যুৱক-যুৱতীৰ দক্ষতাৰ জৰিয়তেই সফল হৈছে।
বন্ধুসকল,
আজি দেশৰ বিভিন্ন নতুন নতুন খণ্ডত বিভিন্ন ধৰণৰ দক্ষতাৰ চাহিদা বৃদ্ধি পাইছে। মই আপোনালোকক আন এটা উদাহৰণ দিছোঁ।কেইমাহমান পূৰ্বে পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ পাছত গেছৰ যোগান ব্যাহত হৈছিল। এল পি জি উপলব্ধ হ’বনে নহ’ব, তাক লৈ সংকটপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল।আমাৰ কিছুমান বিশেষ শুভাকাংক্ষী লোক তেতিয়া উৎফুল্লিত হৈ পৰিছিল। তেওঁলোকে কৈছিল, এতিয়া গেছ নাপাব, চৌকা নজ্বলিব, মানুহ ভোকত থাকিব লাগিব, পেট্ৰ’ল পাম্পত দীঘলীয়া শাৰী লাগিব। আপোনালোকে বাতৰি কাকত উলিয়াই চালে সেই সময়ত কি কি কথা কোৱা হৈছিল, সেয়া দেখিবলৈ পাব।কিন্তু তেনে একো নহ’ল।
আনহাতে, হৰমুজৰ সংকটৰ সৃষ্টি হোৱাৰ পাছত এল পি জিৰ যোগান অব্যাহত থাকিবনে নাই, তাকে লৈ চিন্তা হৈছিল। আমি হাত সাবটি বহি থাকিব বিচৰা নাছিলোঁ। আমিও পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছিলোঁ।
সেয়েহে চৰকাৰে সিদ্ধান্ত লৈছিল যে চহৰাঞ্চলত প্ৰতিদিনে কমেও এক লাখ ঘৰত পাইপযোগে প্ৰাকৃতিক গেছ (PNG)ৰ সংযোগ স্থাপন কৰা হ’ব। প্ৰতিটো ঘৰত পাইপলাইন সংযোগ কৰি গেছ যোগানৰ ব্যৱস্থা কৰা হ’ব, যাতে ভৱিষ্যতে কোনো সংকটৰ সৃষ্টি হ’লেও আমি তাৰ সৈতে মোকাবিলা কৰিব পাৰোঁ। মই নিজেই এই কামৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিলোঁ। মোৰ লক্ষ্য আছিল প্ৰতিদিনে এক লাখ সংযোগ স্থাপন কৰা, যাতে কোনো ডাঙৰ সংকটৰ সৃষ্টি হোৱাৰ আগতেই আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ।
কিন্তু যেতিয়াই মই পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিলোঁ, তেতিয়াই এটা কথাই সন্মুখলৈ আহিছিল। মই বিষয়াসকলক সুধিছিলোঁ, আপোনালোকৰ সংখ্যা প্ৰতিদিনে ১৫-২০ হাজাৰৰ পৰা কিয় বৃদ্ধি পোৱা নাই? কেতিয়াবা ২২ হাজাৰ, কেতিয়াবা ২৩ হাজাৰ, কেতিয়াবা ২০ হাজাৰ। প্ৰতিদিনে এক লাখত উপনীত হ’ব পৰা নাই কিয়? চৰকাৰ ধন ব্যয় কৰিবলৈ সাজু আছিল।আপোনালোকে জানেনে, তেওঁলোকে কি উত্তৰ দিছিল?
তেওঁলোকে কৈছিল, ‘ছাৰ, আমি আমাৰ সকলো শক্তি প্ৰয়োগ কৰিছোঁ, কিন্তু আমি পৰ্যাপ্ত সংখ্যক নল-মিস্ত্ৰী (Plumbers) বিচাৰি পোৱা নাই। নল-মিস্ত্ৰীৰ অভাৱ হৈছে।’
চাওক, আপোনালোকৰ দক্ষতাৰ শক্তি কিমান! সমগ্ৰ দেশে নল-মিস্ত্ৰীৰ বাবে অপেক্ষা কৰি আছিল। অৰ্থাৎ আপোনালোকৰ যদি দক্ষতা আছে, তেন্তে কৰ্মসংস্থাপনৰ সুযোগো আপোনালোকৰ বাবে অধিক।আজি সৌৰশক্তিৰ সৈতে জড়িত খণ্ডত বৃহৎ সংখ্যক দক্ষ কৰ্মীৰ প্ৰয়োজন হৈছে।
দেশত আজি এক নতুন ক্ৰীড়া অৰ্থনীতিৰ সৃষ্টি হৈছে। ক্ৰীড়াৰ সামগ্ৰী নিৰ্মাণ কৰা লোক, খেলৰ সৈতে জড়িত অন্যান্য সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ, শাৰীৰিক সক্ষমতা আৰু সুস্থতাৰ সৈতে জড়িত ব্যৱস্থাকে ধৰি সমগ্ৰ ক্ৰীড়া পৰিৱেশতন্ত্ৰত আপোনালোকৰ বাবে নতুন নতুন সুযোগ সৃষ্টি হৈছে।
এনেদৰে আপোনালোকৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি হৈ আছে। আমাৰ যুৱক-যুৱতীসকলে এই সুযোগসমূহৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিব লাগিব।
বন্ধুসকল,
আজি ভাৰত বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে। এই দক্ষতাৰ ৰাজধানীৰ কেন্দ্ৰবিন্দু হ’ব আপোনালোক।মই কেৱল ভাৰতৰ কথা কোৱা নাই, সমগ্ৰ বিশ্বৰ কথা কৈছোঁ। আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে।
আজি সকলো যুৱক-যুৱতীৰ বাবে আৰু বিশেষকৈ উত্তৰ প্ৰদেশৰ বাবে এটা সুখবৰ আছে।
অহা বছৰ অৰ্থাৎ ২০২৭ চনত ভাৰতে বিশ্ব দক্ষতা এছিয়া প্ৰতিযোগিতা (World Skills Asia Competition) আয়োজন কৰিব। এছিয়াৰ বিভিন্ন দেশৰ যুৱক-যুৱতীসকল ইয়ালৈ আহিব। এই প্ৰতিযোগিতা ২০২৭ চনত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হ’ব।
বিশ্বৰ বিভিন্ন দেশৰ যুৱক-যুৱতীসকলক উত্তৰ প্ৰদেশে আদৰণি জনাব। এই আয়োজনৰ বাবে মই উত্তৰ প্ৰদেশক আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ।
বন্ধুসকল,
আজি উত্তৰ প্ৰদেশে দেশৰ উন্নয়নৰ গতিক ত্বৰান্বিত কৰিছে। এটা সময়ত ইয়াৰ যুৱক-যুৱতীসকলৰ সন্মুখত সুযোগৰ যথেষ্ট অভাৱ আছিল।আমাৰ যোগী জী, মৌৰ্য জী, ব্ৰজেশ জী আৰু পংকজ চৌধুৰী জীকে ধৰি সকলোৰে নেতৃত্বত দ্বৈত ইঞ্জিন চৰকাৰে এই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটাইছে।
আজি উত্তৰ প্ৰদেশৰ লোকসকলে গৌৰৱেৰে কয় যে উত্তৰ প্ৰদেশ হৈছে এক্সপ্ৰেছৱেৰ ৰাজ্য। ইয়াত বহুতো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। বৃহৎ বৃহৎ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। পৰ্যটন উদ্যোগৰ বিকাশ ঘটিছে। ইয়াত ম’বাইল ফোন নিৰ্মাণ কৰা বৃহৎ কাৰখানা আছে। উত্তৰ প্ৰদেশত চিপ নিৰ্মাণৰ কাৰখানাও স্থাপন কৰা হৈছে। যিটো বিষয়ৰ বিষয়ে আটাইতকৈ বেছি চৰ্চা হৈছে, সেয়া হৈছে অপাৰেচন সিন্দূৰ। অপাৰেচন সিন্দূৰত শত্ৰুৰ টোপনি হৰণ কৰা ব্ৰহ্ম’ছ ক্ষেপণাস্ত্ৰও এতিয়া উত্তৰ প্ৰদেশতে নিৰ্মাণ কৰা হৈছে।
উত্তৰ প্ৰদেশত চলি থকা এই সকলোবোৰ উন্নয়নমূলক কামৰ ফলত আজি আপোনালোক যুৱক-যুৱতীসকলৰ বাবে নতুন নতুন সুযোগ সৃষ্টি হৈছে।
বন্ধুসকল,
উত্তৰ প্ৰদেশত পূৰ্বতে কি পৰিস্থিতি আছিল, সেয়াও আমি পাহৰি যোৱা উচিত নহয়।কেইদিনমান পূৰ্বে মই মোৰ সংসদীয় সমষ্টি কাশীত আছিলোঁ। তাত এটি কাৰখানাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল। তাত এগৰাকী যুৱতীয়ে মোক কৈছিল যে এতিয়া তেওঁ নিশা ১১ বজাতো কাৰখানাত কাম কৰি নিৰাপদে ঘৰলৈ উভতি যাব পাৰে।
এয়া কোনো সাধাৰণ কথা নহয়। উত্তৰ প্ৰদেশৰ লোকসকলে ভালদৰে জানে যে সূৰ্য অস্ত যোৱাৰ পাছত এগৰাকী ছোৱালীৰ ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ অৰ্থ কি আছিল।
সেই যুৱতীগৰাকীয়ে মোক কৈছিল যে নিশা ১১ বজাত কাৰখানাত কাম শেষ কৰি তেওঁ অকলে ঘৰলৈ উভতি যায়।যোগী জীৰ নেতৃত্বত ইয়াৰ বিজেপি চৰকাৰে নিৰাপত্তাৰ এনে এক পৰিৱেশ সৃষ্টি কৰিছে।নিৰাপত্তাৰ অনুভূতি আৰু সমৃদ্ধিৰ প্ৰতি বিশ্বাসেই বিকশিত ভাৰত গঢ়ি তুলিব।
সেয়েহে মই দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীক কওঁ যে এই সময়ত আপোনালোকৰ সন্মুখত সমগ্ৰ আকাশখন মুকলি হৈ আছে। ডাঙৰ সপোন দেখক, নিজৰ দক্ষতা বিকাশ কৰক আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰক।
কেতিয়াও নিজকে অকলশৰীয়া বুলি অনুভৱ নকৰিব। যেতিয়াই আপোনালোকৰ এনে অনুভৱ হ’ব যে আপোনালোক অকলশৰীয়া, তেতিয়াই মনত ৰাখিব যে মই আপোনালোকৰ সৈতে থিয় হৈ আছোঁ।
এই বিশ্বাসৰ সৈতে আপোনালোকে জীৱনৰ এক নতুন অধ্যায়ৰ দিশে আগবাঢ়িছে। আপোনালোকৰ পিতৃ-মাতৃয়ে দেখা সকলো সপোন পূৰণ কৰক। আপোনালোকে যি সফলতা অৰ্জন কৰিছে, সেই সফলতাক সমাজৰ শক্তি বৃদ্ধিৰ বাবে উৎসৰ্গা কৰক।আপোনালোকো আগবাঢ়িব, দেশো আগবাঢ়িব আৰু আপোনালোকৰ পৰিয়ালেও গৌৰৱ অনুভৱ কৰিব।এই অনুভূতিৰেই এই বিশেষ উপলক্ষে আপোনালোক সকলোকে মই পুনৰবাৰ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।
অলপ আগতে মই টেলিভিছনত দেখিছিলোঁ যে বিভিন্ন আই টি আইৰ বহুতো যুৱক-যুৱতীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আপোনালোক সকলোকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।
মোৰ সৈতে কওক—
ভাৰত মাতা কি জয়!
ভাৰত মাতা কি জয়!
ভাৰত মাতা কি জয়!
ভাৰত মাতা কি জয়!
অশেষ ধন্যবাদ।
***
MJPS/SS/SS/AV/DM
Celebrating the hard work and achievements of India's skilled youth at the Kaushal Deekshant Samaroh in Lucknow. https://t.co/HJ8DAt1bpY
— Narendra Modi (@narendramodi) November 21, 2026
21वीं सदी का भारत कौशल को, स्किल को सम्मान देकर ही आगे बढ़ सकता है। इसलिए, बीते वर्षों में हमारी सरकार ने श्रमेव जयते की भावना से एक के बाद एक कई कदम उठाए हैं: PM @narendramodi
— PMO India (@PMOIndia) November 21, 2026
जब आप कोई हुनर सीखते हैं, तो आप केवल मशीनों पर काम नहीं करते। आप लोगों की जिंदगी को आसान बनाते हैं। आप देश का सामर्थ्य बढ़ाते हैं: PM @narendramodi during Kaushal Deekshant Samaroh in Lucknow
— PMO India (@PMOIndia) November 21, 2026
आज भारत, विश्व की स्किल कैपिटल बनने की तरफ आगे बढ़ रहा है: PM @narendramodi at Kaushal Deekshant Samaroh in Lucknow
— PMO India (@PMOIndia) November 21, 2026
मैं देश के हर युवा से कहता हूं कि आपके सामने इस समय पूरा आसमान है…बड़े सपने देखिए, अपने कौशल का विकास करिए और अपने सपनों को पूरा करने के लिए पूरी ताकत लगा दीजिए: PM @narendramodi at Kaushal Deekshant Samaroh in Lucknow
— PMO India (@PMOIndia) November 21, 2026