Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিকল্প ব্যৱস্থা অনুসৰণেৰে ৰাষ্ট্রীয়কৃত বেংকসমূহৰ একত্ৰিকৰণৰ প্রস্তাৱত নীতিগত অনুমোদন কেবিনেটৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এক বিকল্প ব্যৱস্থাৰ জৰিয়তে ৰাষ্ট্রীয়কৃ বেংকসমূহৰ একত্ৰিকৰণৰ প্রস্তাৱত আজি নীতিগত অনুমোদন জনায়। বেংকসমূহক অধিক শক্তিশালী আৰু প্রতিযোগিতাসম্পন্ন কৰি তোলাৰ লক্ষ্যৰে এই একত্ৰিকৰণৰ প্রস্তাৱত কেন্দ্রীয় কেবিনেটত বিবেচনা আৰু সিদ্ধান্ত গ্রহণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰা হৈছিল।

ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ একত্ৰিকৰণৰ বিকল্প ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ’ল:

• শক্তিশালী আৰু প্রতিযোগিতাসম্পন্ন বেংক গঢ়ি তোলাৰ সিদ্ধান্ত বাণিজ্যিক চিন্তা-ভাৱনা অনুসৰণ কৰিয়েই গ্রহণ কৰা হৈছে।

• বেংক পৰিষদসমূহৰ ফালৰ পৰা ইয়াৰ বাবে প্রথমেই কাম আৰম্ভ কৰা প্রয়োজন।

• নীতিগত অনুমোদনৰ বাবে বেংকসমূহৰ ফালৰ পৰা লাভ কৰা একত্ৰিকৰণৰ প্রস্তাৱ বিকল্প ব্যৱস্থা গঢ়ি তোলাৰ সৈতে জড়িত কর্তৃপক্ষৰ ওচৰত উত্থাপন কৰা হ’ব।

• নীতিগত অনুমোদনৰ পাছত প্রচলিত আইন আৰু ছেবিৰ নীতি-নির্দেশনা অনুসৰণ কৰি বেংকসমূহৰ ফালৰ পৰা পৰৱর্তী পদক্ষেপ গ্রহণ কৰা হ’ব।

• ভাৰতৰ শীর্ষ বেংকৰ পৰামর্শ ক্রমে কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা চূড়ান্ত কর্মসূচী বিজ্ঞপ্তিৰ জৰিয়তে প্রকাশ কৰা হ’ব।

পটভূমিঃ

উল্লেখ্য যে ১৯৯১ চনত এইটো কোৱা হয় যে ভাৰতত সীমিত সংখ্যক ৰাজহুৱা খণ্ডৰ বেংক আছে। অৱশ্যে ২০১৬ চনত খুব কম সময়ৰ ভিতৰতে ভাৰতীয় ষ্টেট বেংকৰ অধীনত ৬টা বেংক একত্ৰিকৰণ কৰা হয়। এয়াৰ লগতে ইণ্ডোৰ আৰু সৌৰাষ্ট্ৰ ৰাজ্যিক বেংকো একত্ৰিকৰণ কৰা হয়।

বৰ্তমান ভাৰতীয় ষ্টেট বেংকৰ প্ৰায় ২৪০০০ টা শাখা, ৫৯০০০ এটিএম, ৬ লাখ পিঅ’এছ মেচিন আৰু ৫০,০০০ তকৈ অধিক যোগাযোকাৰীৰে সমগ্ৰ দেশত সেৱা আগবঢ়াই আহিছে।

*****

AKT/VBA/SH/DB