Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম বাৰ্ষিকী উপলক্ষে মৌলানা আবুল কালাম আজাদ আৰু আচাৰ্য জে বি কৃপালিনীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৌলানা আবুল কালাম আজাদ আৰু আচাৰ্য জে বি কৃপালিনীৰ জন্ম বাৰ্ষিকীত তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতীয় ইতিহাসৰ দুই পুৰোধা ব্যক্তি মৌলানা আবুল কালাম আজাদ আৰু আচাৰ্য জে বি কৃপালিনীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। ভাৰতৰ স্বাধীনতা আন্দোলন আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ অৱদানে আমাৰ দেশ নিৰ্মাণত ব্যাপক ধৰণে উপকৃত কৰিছিল।”

*****

AKT/NT/DB