পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু কলম্বিয়াৰ মাজত বিনিয়োগৰ প্রসাৰ আৰু সুৰক্ষা সন্দৰ্ভত ২০০৯ৰ ১০ নৱেম্বৰত স্বাক্ষৰিত চুক্তিৰ যৌথ ঘোষণাপত্রৰ ব্যাখ্যাৰ প্রস্তাৱত অনুমোদন জনায়।
এই সহযোগিতা চুক্তিখনৰ সম্পর্কত দুয়োদেশৰ ফালৰ পৰা প্রয়োজনীয় ব্যাখ্যা আৰু ঘোষণাৰ জৰিয়তে বিনিয়োগকাৰীৰ সংজ্ঞা, বিনিয়োগৰ সংজ্ঞা. স্বচ্চ আৰু সমতাপূৰ্ণ চুক্তি(FET), ৰাষ্ট্ৰীয় চুক্তি আৰু দেশৰ হিতকৰ চুক্তি, বাজেয়াপ্তকৰণ, বিনিয়োগ-ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ব্যৱস্থা আৰু লাভালাভৰ অস্বীকাৰ ইত্যাদিৰ দৰে যাৱতীয় বিষয় আৰু স্পষ্ট কৰি তোলা হ’ব।
বিনিয়োগৰ প্রসাৰ আৰু সুৰক্ষাৰ ক্ষেত্রত এই ঘোষণাপত্রৰ বিশেষ গুৰুত্ব আছে বুলি কেবিনেটে ধাৰণা কৰিছে।
*****
AKT/VBA/SH/DB