পি এম ইণ্ডিয়া

ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী ডিমিট্ৰি ৰোগোজিনে আজি আবেলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষত তৃতীয় বাৰলৈ ভাৰত ভ্ৰমণৰ বাবে অহা উপ-প্ৰধানমন্ত্ৰী ডিমিট্ৰি ৰোগোজিনক আদৰণী জনায়। তেওঁ সন্তোষেৰে উল্লেখ কৰে যে চলিত বৰ্ষত কেইবালানিও উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে আৰু যোৱা জুন মাহত বাৰ্ষিক দ্বিপাক্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ছেইণ্ট পিটাৰ্ছবাৰ্গত ভ্ৰমণ কৰাৰ কথাও দোঁহাৰে।
প্ৰধানমন্ত্ৰী আৰু উপ-প্ৰধানমন্ত্ৰী ডিমিট্ৰি ৰোগোজিনে দ্বিপাক্ষিক সম্পৰ্ক, বিশেষকৈ শক্তি খণ্ডত পূৰ্ণ সহযোগিতা আৰু উচ্চ-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ব্যাপক সহযোগিতাক গুৰুত্ব আৰোপ কৰি ইয়াৰ দ্ৰুত সম্প্ৰসাৰণ আৰু বিবিধতাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে।
উপ-প্ৰধানমন্ত্ৰী ডিমিট্ৰি ৰোগোজিনে প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি পুটিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু প্ৰধানমন্ত্ৰীয়েও পুটিনলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
****
AKT/NT/DB
Had a productive meeting with the Deputy Prime Minister of Russia, Mr. Dmitry Rogozin. This year saw increased high-level exchanges between India and Russia, which benefits our nations. We discussed cooperation in areas including energy and technology. https://t.co/9entqNF01c
— Narendra Modi (@narendramodi) December 23, 2017