পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত তথ্য যোগাযোগ প্ৰযুক্তি আৰু বৈদ্যুতিন(আইচিটি এণ্ড ই) খণ্ডৰ সহযোগিতাৰ অৰ্থে ভাৰত আৰু বেলজিয়ামৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়। বেলজিয়ামৰ ৰজা ফিলিপৰ ভাৰত ভ্ৰমণৰ সময়ত ২০১৭ চনৰ ৭ নৱেম্বৰত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিল।
এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু বেলজিয়ামৰ মাজত আইচিটি এণ্ড ই নীতিৰ উন্নত অনুশীলন; আইচিটি এণ্ড ইৰ নিৰ্মাণ আৰু সেৱাক বিশেষ গুৰুত্ব প্ৰদান কৰি এই ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তি আৰু গৱেষণাৰ বিষয়; ই-প্ৰশাসন আৰু ই-ৰাজহৱা সেৱা প্ৰদান, সন্মিলনত অংশগ্ৰহণ, অধ্যয়নমুলক ভ্ৰমণ আৰু বিশেষজ্ঞৰ আদান-প্ৰদান, চাইবাৰ নিৰাপত্তা আৰু ডাটাৰ শুদ্ধতা সম্পৰ্কীয় বিষয়ৰ সমাধান, বজাৰ ব্যৱস্থা, বাণিজ্য আৰু সেৱা ইত্যাদি দিশত সহযোগিতা আগবঢ়াব।
পটভূমিঃ
ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযু্ক্তি মন্ত্ৰালয়ে(MeitY) তথ্য যোগাযোগ প্ৰযুক্তিৰ দিশত সহযোগিতাৰ অৰ্থে বিভিন্ন দেশৰ সৈতে দ্বিপাক্ষিক আৰু বহুপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছে। বৰ্তমান সময়ত এই তথ্য যোগাযোগ প্ৰযুক্তিয়ে দেশৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ সমান্তৰালভাৱে অন্যান্য দিশত অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰত চৰকাৰে শেহতীয়াভাৱে গ্ৰহণ কৰা নতুন প্ৰচেষ্টা ‘ডিজিটেল ইণ্ডিয়া’ আৰু ‘মেক ইন ইণ্ডিয়া’ৰ দৰে বিষয়ত বিভিন্ন দেশৰ সহযোগিতা বৃদ্ধিৰ লগতে ইয়াৰ ব্যৱসায় প্ৰসাৰৰ সূযোগ আৰু প্ৰযুক্তি খণ্ডত আগ্ৰহী লোকসকলৰ বিনিয়োগৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে।
ভাৰত আৰু বেলজিয়ামৰ মাজত সম্পৰ্ক সুদৃঢ়। ইউৰোপীয়ান সংঘৰ ভিতৰত বেলজিয়াম হৈছে ভাৰতৰ বৃহত্তম বাণিজ্য সহযোগী। যোগাযোগ প্ৰযুক্তি খণ্ডত বেলজিয়াম এখন অভিজ্ঞ দেশ, বিশেষকৈ ই-প্ৰশাসন আৰু ইলেক্ট্ৰনিক আইডি কাৰ্ড আৰু ৱেবৰ জৰিয়তে কৰ সংগ্ৰহ ইত্যাদি দিশত দেশখন অধিক আগবঢ়া। ২০১৬ৰ মাৰ্চত প্ৰধানমন্ত্ৰী ইউৰোপীয়ান সংঘৰ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ব্ৰুছেলছ ভ্ৰমণ কৰাৰ সময়তে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ খণ্ডত দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তাৱ দিছিল। তাৰপাছতে ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযু্ক্তি মন্ত্ৰালয়ে বেলজিয়ামৰ উপ-প্ৰধানমন্ত্ৰী তথা বেলজিয়ামৰ উন্নয়ন সহযোগিতা, ডিজিটেল এজেণ্ডা, দূৰসংযোগ আৰু ডাক সেৱা বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰী যুত আলেক্সজেণ্ডাৰ ক্ৰুৰ প্ৰতিনিধিত্বত ভাৰত ভ্ৰমণ কৰাৰ বেলজিয়ামৰ দলৰ সৈতে (৭ ফেব্ৰুৱাৰী, ২০১৭ত) এক বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে দুয়ো দেশৰ নাগৰিকক ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেল বেলজিয়াম আঁচনিৰ অধীনত ডিজিটেলৰ দিশত সবলীকৰণ কৰাৰ পৰস্পৰে আগ্ৰহ প্ৰকাশ কৰে।
******
AKT/VBA/SH/DB