Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্র’লিয়াম এণ্ড এনার্জি(আইআইপিই) স্থাপনৰ সিদ্ধান্তত কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সংসদত ‘এক ৰাষ্ট্ৰীয় গুৰুত্বপূর্ণ সংস্থা হিচাপে গঢ়ি তুলিবলৈ’ উত্থাপিত এক আইনৰ ভিত্তিত অন্ধ্রপ্রদেশৰ বিশাখাপট্টনমত ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্ৰ’লিয়াম এণ্ড এনার্জি(আইআইপিই) প্ৰতিষ্ঠান স্থাপনৰ সিদ্ধান্তত অনুমোদন জনোৱা হয়। এই প্ৰতিষ্ঠানটোৰ প্ৰশাসনিক কাঠামোৰ সমান্তৰালভাৱে আইআইটিৰ দৰে ডিগ্রী প্রদানৰ আইনী ব্যৱস্থাও থাকিব। এই প্রতিষ্ঠানটোক পেট্র’লিয়ামৰ লগতে সংশ্লিষ্ট অন্যান্য শক্তি খণ্ডৰ এক উৎকর্ষ কেন্দ্র হিচাপে গঢ়ি তোলাৰ অৰ্থে আৰু এখন আইন প্ৰণয়ন কৰা হ’ব।

আইআইপিই স্থাপন বাবে কেবিনেটে ৬৫৫.৪৬ কোটি টকা মূলধনী ব্যয় হিচাপে অনুমোদন জনাইছে। তদুপৰি, এটা জমা পুঁজি গঢ়ি তুলিবলৈ ২০০ কোটি টকা চৰকাৰৰ ফালৰ পৰাও প্ৰদান কৰা হ’ব। এই পুঁজিত অৱশ্যে তেল সংস্থাসমূহৰ ফালৰ পৰাও ২০০ কোটি টকাৰ বৰঙণি লোৱা হ’ব।

পেট্ৰ’লিয়াম খণ্ডত দক্ষ মানৱ সম্পদ সৃষ্টি কৰা আৰু খণ্ডটোৰ বিকাশৰ বাবে গৱেষণামুলক কাৰ্য-কলাপৰ প্ৰচাৰৰ উদ্দেশ্যে অন্ধ্ৰপ্ৰদেশ চৰকাৰে ‘অন্ধ্ৰপ্ৰদেশ ৰিঅৰ্গেনাইডেচন আইন, ২০১৪’ ৰ ১৩ নং অনূচ্ছেদ অনুসৰি এই প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তাৱ দিছিল। আইআইপিইৰ পাঠ্যক্ৰমিক শিক্ষা আৰু গৱেষণামুলক কাম-কাজে বিশাখাপট্টনমৰ কেজি-বেছিন শোধনাগাৰৰ খণ্ডভিত্তিক কাম-কাজ আৰু কাকিনাড়াত স্থাপনৰ পৰিকল্পনা কৰা পেট্ৰ’কেমিকেল চৌহদৰ নিৰ্মাণত যথেষ্ট সহায় কৰিব।

পটভূমিঃ

অন্ধ্রপ্রদেশ চৰকাৰে আইআইপিই স্থাপনৰ উদ্দেশ্যে ইতিমধ্যে বিনামুলীয়াকৈ ২০০একৰ ভূমি আবণ্টন দিছে। বিশাখাপট্টনম জিলাৰ সাব্বাভৰম মণ্ডলত এই প্রতিষ্ঠানটি স্থাপন কৰা হ’ব। অন্ধ্র বিশ্ববিদ্যালয়ৰ চৌহদত ২০১৬-১৭ শিক্ষা বর্ষত পেট্ৰ’লিয়াম ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম শুভাৰম্ভ কৰাৰ বাবে আইআইপিইৰ এটা অস্থায়ী স্থানো চিহ্নিত কৰা হৈছে। এই প্ৰতিষ্ঠানটোৰ চোৱা-চিতাৰ দায়িত্ব আইআইটি, খড়গপুৰৰ।

***

AKT/VBA/SH/DB