Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ খেলো ইণ্ডিয়া স্কুল গেমছ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১জানুৱাৰীত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত প্ৰথমবাৰ্ষিক খেলো ইণ্ডিয়া স্কুল গেমছ উদ্বোধন কৰিব৷

দেশত তৃণমূল পৰ্যায়ত এক সুস্থ ক্ৰীড়া সংস্কৃতি গঢ় দিয়া আৰু ভাৰতবৰ্ষক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰৰ এখন শ্ৰেষ্ঠ দেশত পৰিণত কৰাৰ লক্ষ্যৰে খেলো ইণ্ডিয়া আঁচনি ৰূপায়ন কৰা হৈছে৷ ক্ৰীড়াক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্পষ্ট নীতিৰ অংশ হিচাপে খেলো ইণ্ডিয়াই স্কুলীয়া প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতলৈ একোগৰাকী চেম্পিয়ন খেলুৱৈ হৈ উঠাত সহায় কৰিব৷

বিভিন্ন পৰ্যায়ত অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ৰীড়া ইভেণ্টত প্ৰতিভাৰ প্ৰমাণ দিবলৈ সক্ষম হোৱা খেলুৱৈসকলক বছৰি ৫লাখকৈ টকাৰ বিত্তীয় সাহায্য ৮বছৰৰ বাবে আগবঢ়োৱা হ’ব৷

উল্লেখ্য যে খেলো ইণ্ডিয়া স্কুল গেমছ ৩১ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব৷ ১৭বছৰ অনুৰ্ধ খেলুৱৈসকলক নিম্নোক্ত ১৬টা ক্ৰীড়া ইভেণ্টত খেলিবলৈ আমন্ত্ৰণ জনোৱা হৈছে—আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বাস্কেটবল, বক্সিং, ফুটবল, জিমনাষ্টিক, হকী, জুডো, কাবাডী, খো-খো, শ্বুটিং, সাঁতোৰ, ভলীবল, ভাৰোত্তোলন আৰু মল্লযুঁজ৷ প্ৰতিযোগিতাখনে ভাৰতৰ যুৱ ক্ৰীড়া প্ৰতিভা আৰু ক্ৰীড়া সম্ভাৱনীয়তাক উদ্ভাসিত কৰিব৷

খেলো ইণ্ডিয়া স্কুল গেমছত খেলুৱৈসকলে ১৯৯টা স্বৰ্ণ, ১৯৯টা ৰূপ আৰু ২৭৫টা ব্ৰঞ্জৰ পদকৰ বাবে যুঁজ দিব৷ ১৭বছৰ অনুৰ্ধ পৰ্যায়ৰ দেশৰ সবাতোকৈ প্ৰতিভাৱান খেলুৱৈসকলক এই গেমছত দেখা যাব৷

***

AKT/SH/MS