Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নবীকৰণযোগ্য শক্তি খণ্ডৰ সহযোগিতাৰ বাবে ভাৰত আৰু ফিজিৰ মাজত স্বাক্ষৰিত চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত নৱীকৰণযোগ্য শক্তি খণ্ডৰ সহযোগিতাৰ বাবে ভাৰত আৰু ফিজিৰ মাজত স্বাক্ষৰিত চুক্তিত অনুমোদন জনায়। ২০১৭ৰ ২৪ মে’ত ফিজিৰ সুবাত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হৈছিল।

দুয়োখন দেশে প্ৰতিষ্ঠানগত সম্পৰ্কৰ সহযোগিতাৰ ভেঁটি প্ৰতিষ্ঠা কৰি নব্য আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত উৎসাহ আৰু দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি আৰু পাৰস্পৰিক লাভালাভৰ গুণাগুনৰ বিষয়টোত গুৰুত্ব আৰোপ কৰাটোৱেই বুজবুজি চুক্তিখনৰ লক্ষ্য। এই চুক্তিখনৰ অধীনত সহযোগিতাৰ বিভিন্ন দিশৰ পৰ্যালোচনা, নিৰীক্ষণ আৰু ইয়াৰ লগত জড়িত দিশবোৰৰ আলোচনাৰ অৰ্থে এক যুটীয়া কাৰ্যকৰী কমিটী গঠন কৰা হ’ব। ইয়াৰ জৰিয়তে বিশেষজ্ঞৰ লগতে অন্যান্য যাৱতীয় তথ্যৰ আদান প্ৰদানত সুবিধা হ’ব।

এই বুজাবুজি চুক্তিখনে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাত সহায় কৰিব।

***

AKT/VBA/DB