পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ইৰাণৰ মাজত স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি পত্ৰৰ বাবে পূৰ্বৱৰ্তী প্ৰস্তাৱৰ অনুমোদন প্ৰদান কৰিছে৷ এই বুজাবুজিৰ পত্ৰখন ইৰাণৰ ৰাষ্ট্ৰপতিয়ে ১৭ ফেব্ৰুৱাৰী ২০১৮ তাৰিখে ভাৰত ভ্ৰমণ কৰাৰ সময়ত স্বাক্ষৰিত হৈছিল৷
এই বুজাবুজিৰ পত্ৰখনে দুয়োখন দেশৰ মাজত সহযোগিতাৰ দ্বিপাক্ষিক গাঁথনিৰ সবলীকৰণৰ বাবে উৎসাহিত কৰিব৷
এই বুজাবুজিৰ পত্ৰখনে নিম্নোক্ত ক্ষেত্ৰসমূহৰ সহযোগিতা প্ৰদান কৰিবঃ-
১. চিকিৎসক তথা অন্যান্য পেছাদাৰী ব্যক্তিসকলৰ প্ৰশিক্ষণৰ অভিজ্ঞতা বিনিময়;
২. মানৱ সম্পদ বিকাশত সহযোগিতা তথা স্বাস্থ্যৰ যত্নৰ সুবিধাৰ ব্যৱস্থাপনা;
৩. ফাৰ্মাচিউটিকেল, চিকিৎসা সামগ্ৰী আৰু কছমেটিকছৰ নিয়ামক তথা সেইসমূহৰ তথ্যৰ বিনিময়;
৪. চিকিৎসাৰ গৱেষণা, নতুন প্ৰযুক্তি আৰু জ্ঞানভিত্তিক পদক্ষেপসমূহত সহযোগিতা;
৫. জনস্বাস্থ্য, বহনক্ষম বিকাশ লক্ষ্য (এছডিজি) আৰু আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্যৰ সহযোগিতা; আৰু
৬. সহযোগিতাৰ অন্য যিকোনো ক্ষেত্ৰ পাৰস্পৰিকভাৱে সিদ্ধান্ত লোৱা হ’ব পাৰে৷
এই বুজাবুজিৰ পত্ৰখনৰ প্ৰণয়নৰ নিৰীক্ষণ তথা সহযোগিতাৰ বিৱৰণৰ পৰৱৰ্তী প্ৰসাৰণৰ বাবে এক কৰ্মগোট স্থাপন কৰা হ’ব৷
****
AKT/VBA/SH/MANN