পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটৰ বৈঠকত আজি বান্ধ নিৰাপত্তা বিধেয়ক সংসদত উত্থাপন কৰাৰ সিদ্ধান্তত অনুমোদনত জনায়।
লাভালাভঃ
দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত যাতে একে ধৰণৰ বান্ধ নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰিব পাৰে, সেই লক্ষ্যৰে এই বিধেয়কখন উত্থাপন কৰাৰ কথা চিন্তা কৰা হৈছে। তদুপৰি, এই বিধেয়কখনে মানুহৰ জীৱন, জীৱকূল আৰু সম্পত্তি সুৰক্ষাৰ ক্ষেত্রত সহায়ক হ’ব।
দেশ-বিদেশৰ বিশেষজ্ঞসকলৰ সৈতে ব্যাপকভাৱে আলোচনা কৰাৰ পাছত বিধেয়কখনৰ খচৰা চূড়ান্ত কৰা হৈছে।
বিৱৰণঃ
ৰাষ্ট্ৰীয় বান্ধ নিৰাপত্তা প্ৰাধিকৰণ
ৰাজ্যিক বান্ধ নিৰাপত্তা কমিটী
এই কমিটীয়ে ৰাজ্যখনত স্থাপন কৰা বান্ধৰ সন্দৰ্ভত অনুসন্ধান, পৰিদৰ্শন, কাম সম্পাদন আৰু ইয়াৰ পৰিচালনাৰ লগতে ইয়াৰ নিৰাপত্তা নিশ্চিত কৰিব। এই কমিটীয়ে ক্ষেত্ৰ বান্ধ সুৰক্ষাৰ সৈতে জড়িত বিষয়াবৰ্গক লৈ এটা “ৰাজ্যিক বান্ধ নিৰাপত্তা সংস্থা” গঠন কৰিব, যাৰদ্বাৰা বান্ধৰ ডিজাইন, হাইড্ৰমেকানিকেল ইঞ্জিনিয়াৰিং, জলবিদ্যা, ভূ-প্ৰযুক্তিগত অনুসন্ধান, যন্ত্ৰাংশৰ লগতে বান্ধৰ সমীপৰ লোকসকলৰ পুনৰ সংস্থাপন ইত্যাদি দিশবোৰ চোৱা-চিতা কৰিব।
পটভূমিঃ
ভাৰতত সৰ্বমুঠ ৫২০০টা বৃহৎ বান্ধ আছে আৰু ইয়াৰে প্রায় ৪৫০টা বান্ধ নির্মীয়মাণ অৱস্থাত আছে। দেশৰ বান্ধসমূহৰ বাবে উপযুক্ত আইনী আৰু প্ৰতিষ্ঠানগত সুৰক্ষাৰ কোনো ব্যৱস্থা নথকাটোৱে এই বান্ধবোৰৰ নিৰাপত্তাক লৈ চিন্তাৰ কাৰণ হৈ পৰিছে। অসুৰক্ষিত বান্ধবোৰ অতি ভয়ানক আৰু এইবোৰ ভাগিলে দুৰ্যোগৰ লগতে জীৱন আৰু সম্পত্তিৰ প্ৰচুৰ ক্ষতি হোৱাৰ আশংকা আছে। এই বান্ধসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এটি আইনগত আৰু প্রতিষ্ঠানগত ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰেই এই বিধেয়কখন উত্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে।
*****
AKT/VBA/DB