Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৪ আৰু ১৫ জুলাই ২০১৮ তাৰিখে প্ৰধানমন্ত্ৰীৰ পূৰ্বীয় উত্তৰ প্ৰদেশ ভ্ৰমণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ আৰু ১৫ জুলাই ২০১৮ তাৰিখে উত্তৰ প্ৰদেশৰ বাৰাণসী, আজমগড় আৰু মিৰ্জাপুৰ জিলা ভ্ৰমণ কৰিব৷

আজমগড়ত ১৪ জুলাই তাৰিখে প্ৰধানমন্ত্ৰীয়ে ৩৪০ কিলোমিটাৰ দৈৰ্ঘৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন কৰিব৷ এই পথে উত্তৰ প্ৰদেশৰ বহুকেইখন ঐতিহাসিক চহৰ যেনে বাৰাবাংকি, আমেথি, চুলতানপুৰ, ফৈজাবাদ, আম্বেদকাৰ নগৰ, আজমগড়, মৌ আৰু গাজিপুৰৰ সৈতে ৰাজ্যখনৰ ৰাজধানী লক্ষ্ণৌক সংযোজিত কৰিব৷ এবাৰ এই এক্সপ্ৰেছৱে’ সম্পূৰ্ণ হোৱাৰ পিছত উক্ত পথটোৰ জৰিয়তে দিল্লী সংযোজিত হোৱাৰ লগতে উত্তৰ প্ৰদেশৰ নইডাৰ পশ্চিমৰ পৰা পূবৰ গাজিপুৰলৈ বিভিন্ন গুৰুত্বপূৰ্ণ চহৰ-নগৰ সংযোজিত কৰিব৷

বাৰাণসীত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৯০০ কোটি টকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা উচৰ্গা কৰিব৷ এই প্ৰকল্পসমূহৰ ভিতৰত বাৰাণসী চহৰ গেছ বিতৰণ প্ৰকল্প আৰু বাৰাণসী-বাল্লিয়া ইএমইউ ৰে’ল আদিও অন্যতম৷ তাৰোপৰি পাঞ্চকোছি পৰিক্ৰমা মাৰ্গ আৰু স্মাৰ্ট চিটী অভিযান তথা নমামি গংগাৰ অন্যান্য প্ৰকল্পসমূহৰো আধাৰশিলা স্থাপন কৰিব৷ আনহাতে বাৰাণসীত প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰিব৷

অন্য এটা পৃথক অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘‘মেৰী কাশী’’ শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰিব৷

১৫ জুলাই তাৰিখে প্ৰধানমন্ত্ৰী মিৰ্জাপুৰ ভ্ৰমণ কৰিব য’ত তেওঁ বাণসাগৰ কেনেল প্ৰকল্প ৰাষ্ট্ৰলৈ উচৰ্গা কৰিব৷ এই প্ৰকল্পটোৰ জৰিয়তে অঞ্চলটোত জলসিঞ্চনৰ ক্ষেত্ৰত এক বৃহৎ অৱদান আগবঢ়াব পৰা যাব আৰু উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ তথা এলাহাবাদ জিলাৰ কৃষকসকল অতিশয় লাভান্বিত হ’ব৷

সেই একেটা অনুষ্ঠানতে শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিৰ্জাপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব৷ তেওঁ ৰাজ্যখনত ১০৮টা জন ঔষধি কেন্দ্ৰ মুকলি কৰিব৷ তাৰোপৰি তেওঁ বালুঘাট, চুনাৰত গংগা নদীৰ ওপৰত মিৰ্জাপুৰ আৰু বাৰাণসী সংযোগী এখন দলং জনতালৈ উচৰ্গা কৰিব৷  

***

AKT/SH/SBP/MANN