পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথীৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু কিউবা মাজত স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়। ২০১৮ৰ ২২ জুনত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিল।
এই বুজাবুজি চুক্তিয়ে দুয়ো দেশৰ মাজত পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথীৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিব। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মিলিত সাংস্কৃতিক ঐতিহ্যই যথেষ্ট গুৰুত্ব লাভ কৰিব।
উল্লেখ্য যে ভাৰতত পৰম্পৰাগত ঔষধ যেনে- আয়ুৰ্বেদ, যোগা, নেচাৰ’থেৰাপি, উনানী, সিদ্ধা, ছোৱা ৰিগপা আৰু হোমিঅ’পেথী ইত্যাদিবোৰ সু-সংগঠিত আৰু এইবোৰে বিশ্বৰ বিভিন্ন স্থানত সমাদৰ লাভ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আয়ুষ মন্ত্ৰালয়ে পৰম্পৰাগত ঔষধৰ প্ৰচাৰৰ উদ্দেশ্যে ১০খন দেশৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিছে। এই চুক্তিসমূহে ভাৰতৰ পৰম্পৰাগত ঔষধৰ ৰপ্তানি বৃদ্ধিত অৰিহণা যোগাব।
*****
AKT/SNC/SH/DB