পি এম ইণ্ডিয়া
দুদিন পিছতে ৰক্ষা বন্ধনৰ উৎসৱ আৰু আপোনালোক ভগ্নীসকলে ইমান ডাঙৰ ৰাখী লৈ আহিছে, মই আপোনালোকৰ প্ৰতি কৃতজ্ঞ৷ আৰু দেশৰ মাতৃ-ভগ্নীসকলে আশীৰ্বাদ প্ৰদান কৰি মোক যি ৰক্ষা কৱচ প্ৰদান কৰিছে ইয়াৰ বাবে মই সকলো মাতৃ-ভগ্নীলৈ হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
ৰক্ষা বন্ধন উৎসৱৰ প্ৰাক্-মুহূৰ্তত গুজৰাটত এক লাখতকৈও অধিক পৰিয়ালক, ভগ্নীসকলে নিজৰ নামৰ ঘৰ পাব, মই ভাবোঁ ৰক্ষা বন্ধনত ইয়াতকৈ ডাঙৰ উপহাৰ একো হ’ব নোৱাৰে৷
যিসকল ভগ্নীয়ে আজি ঘৰ পাইছে; ঘৰ নাথাকিলে সেই পীড়া কেনে হয়, জীৱন কিদৰে অতিবাহিত হয়, ভৱিষ্যত কেনে অন্ধকাৰময় হয়; প্ৰতিটো পুৱা এটা সপোন দেখি সাৰ পায় আৰু সন্ধিয়া সেই সপোন মৰহি যায়, সেয়াই লাঞ্ছিত জীৱন৷
কিন্তু যেতিয়া নিজৰ ঘৰ থাকে তেতিয়া সপোনেও বাস্তৱ ৰূপ পায় আৰু এই সপোন পূৰণ কৰিবলৈ সমগ্ৰ পৰিয়াল; আবাল-বৃদ্ধ-বনিতা সকলোৱে শ্ৰম কৰে, পুৰুষাৰ্থ কৰে আৰু জীৱন পৰিৱৰ্তন হোৱা আৰম্ভ কৰে৷
এই ৰক্ষা বন্ধনৰ পবিত্ৰ উৎসৱৰ পূৰ্বে এই মাতৃ-ভগ্নীসকলক, এক লাখতকৈও অধিক পৰিয়ালক এই ঘৰ প্ৰদান কৰি আপোনালোকৰ ভাতৃৰ ৰূপত মই বৰ সন্তোষ লাভ কৰিছোঁ৷
আজি আৰু এটা ৬০০ কোটি টকাৰ অন্য যোজনা, এই যোজনাটোও এইদৰে ৰক্ষা বন্ধনৰ পবিত্ৰ উৎসৱৰ পূৰ্বে আমাৰ মাতৃ-ভগ্নীসকললৈ উপহাৰ স্বৰূপ৷ পানীৰ সংকট যদি পৰিয়ালৰ লোকে ভুগিবলগীয়া হয় তেন্তে পৰিয়ালটোৰ ভিতৰত মাতৃ-ভগ্নীসকলে অধিক ভুগিবলগীয়া হয়৷ ঘৰখনৰ বাবে পানীৰ ব্যৱস্থা আমাৰ মাতৃ-ভগ্নীসকলে কৰিবলগীয়া হয়৷ আৰু বিশুদ্ধ পানীৰ অভাৱত সেই ঘৰ ৰুগীয়াৰ ঘৰলৈ পৰিৱৰ্তিত হয়৷ পৰিষ্কাৰ পানীয়ে ঘৰখনক বহু বেমাৰৰ পৰা উদ্ধাৰ কৰে৷
মই মোৰ যৌৱনৰ অধিক সময় এই আদিবাসী এলেকাত অতিবাহিত কৰিছোঁ৷ মই যেতিয়া ধৰ্মপুৰ ছিদমবাৰীত আছিলো তেতিয়া মোৰ মনত সদায়েই এটা প্ৰশ্ন উত্থাপিত হৈছিল যে ইয়াত ইমান বৰষুণ হয় কিন্তু দেৱালীৰ পিছত ইয়াত পানী নাথাকে আৰু খোৱা পানীৰো অভাৱ হয়৷ আৰু মোৰ সম্পূৰ্ণ মনত আছে যে সেইসময়ত ধৰ্মপুৰত, ছিদমবাৰীত, সেই আদবাসীসকলৰ পৰা আৰম্ভ কৰি ওমৰগাঁৱলৈ য’ত অধিক বৰষুণ হয় সেয়া সাগৰৰ পিনে গুচি যায় আৰু সেই অঞ্চল পানীৰ পৰা বঞ্চিত হয়৷
আৰু যেতিয়া মই মুখ্যমন্ত্ৰী আছিলো তেতিয়া হাজাৰ কোটি টকাৰে এই সিদ্ধান্ত লোৱা হৈছিল যে ওমৰ গাঁৱৰ পৰা আম্বাজী লৈ, সকলো আদিবাসী গাঁও যি গুজৰাটৰ পূব পিনে আছে, প্ৰত্যেকখন গাঁৱক পাইপৰ দ্বাৰা পানী প্ৰদান কৰা, এই সপোন দেখিছিলো৷
যি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ল, তাত কোৱা হৈছে যে দহটা যোজনা, আজি তাৰ শেষৰটোৰ কাম আৰম্ভ হৈছে৷ যিসকলে এই তথ্যচিত্ৰ প্ৰদৰ্শন কৰিলে তেওঁলোকেও আচৰিত হৈছে৷ সকলোতকৈ উচ্চতাত য’ত পানী প্ৰদান কৰা হ’ব সেয়া ২০০ মহলা বিল্ডিং এটাৰ সমান ওখ স্থানলৈ প্ৰদান কৰা হ’ব৷ ইমান ওপৰলৈ পানী লৈ যোৱা হ’ব৷ অৰ্থাৎ ২০০ মহলা ওপৰলৈ নদী লৈ যোৱা হ’ব আৰু তাৰ পৰা পানী তলত থকা মানুহসকলে পাব৷ এয়া প্ৰযুক্তিৰ চমৎকাৰিতা৷
আমাৰ দেশত গিৰ হাবিত ভোটদানৰ বাবে এটা পোলিং বুথ আছে৷ এজন ভোটদাতা আৰু এটা পোলিং বুথ৷ সমগ্ৰ বিশ্বতে এয়া এক আশ্বৰ্যজনক খবৰ যে ভাৰতৰ গিৰ হাবিত এনে এটা পোলিং বুথ আছে য’ত মাত্ৰ এজন ভোটদাতাহে আছে কিন্তু তাতেও নিৰ্বাচনী ব্যৱস্থাপনা আছে৷
মই ভাবোঁ যে এয়া এক আশ্বৰ্যকৰ ঘটনা হ’ব যে এখন গাঁৱত ২০০-৩০০ ঘৰ মানুহ আছে, কিন্তু তালৈ পানী প্ৰদান কৰাৰ বাবে এখন সংবেদনশীল চৰকাৰে ২০০ মহলা ওপৰলৈ পানী লৈ গৈ আছে৷ এয়া প্ৰতিজন নাগৰিকৰ প্ৰতি আমাৰ কিমান ভক্তি তাৰ জাগ্ৰত উদাহৰণ৷
পূৰ্বতেও চৰকাৰ আছিল৷ আদিবাসী মুখ্যমন্ত্ৰী হৈছিল৷ আৰু মই যেতিয়া নতুনকৈ মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া মোৰ পূৰ্বে যিজন আদিবাসী মুখ্যমন্ত্ৰী আছিল, তেওঁৰ গাঁৱলৈ মই গৈছিলো৷ গাঁৱত টেংকী আছিল কিন্তু তাত পানী নাছিল৷ সেই গাঁওখনলৈও পানী যোগান ধৰাৰ সৌভাগ্য মই প্ৰাপ্ত কৰিলো৷
আজিও লাখা বলধাৰাৰ কথা যিয়ে পানীৰ বাবে কাম কৰিছে, গুজৰাট আৰু ৰাজস্থানবাসীৰ সেয়া মুখে মুখে৷ কিয়? কাৰণ কোনোবাই পানীৰ বাবে কাম কৰিছে৷ আজি মই গৰ্ববোধ কৰিছোঁ যে গুজৰাট চৰকাৰে ঘৰে ঘৰে পাইপেৰে পানী যোগান ধৰাৰ বাবে যি অভিযান আৰম্ভ কৰিছে সেয়া স্বয়ংক্ৰিয়ভাৱে সম্পন্ন হৈছে৷
আমাৰ গুজৰাট আগলৈ গৈ কেনে হ’ব, দুখীয়াৰ জীৱন কেনে হ’ব, আমাৰ কেনে সপোন হ’ব, সেই সপোন বাস্তৱায়িত কৰাৰ বাবে আমাৰ প্ৰয়াস কেনে হ’ব, সেয়া পৰিলক্ষিত হয়৷
আপোনালোকে দেখিছে যে আজি এক প্ৰকাৰে আধা ঘণ্টা-পঞ্চলিশ মিনিটত মই সম্পূৰ্ণ গুজৰাট ঘূৰাৰ সুযোগ পাইছোঁ৷ সকলো জিলালৈ গৈছোঁ, মাতৃ-ভগ্নীসকলক সাক্ষাৎ কৰিছোঁ৷ মই তেওঁলোকৰ কথা শুনাৰ লগতে মোৰ দৃষ্টি গৈছিল সেই ঘৰসমূহলৈ, ঘৰসমূহ কেনেদৰে বনোৱা হৈছে৷ আপোনালোকেও দেখিছে, ভাবিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰসমূহ ভাল হ’ব পাৰেনে? এয়া এইবাবেই সম্ভৱ হৈছে কিয়নো cut ৰ কোম্পানী বন্ধ হৈছে৷
দিল্লীৰ পৰা এক টকা আহিলে দুখীয়াই আজি সম্পূৰ্ণ ১০০ পইচা পায়৷ সেইবাবেই এয়া সম্ভৱ হৈছে৷ আৰু এই চৰকাৰৰ সাহস আছে যে ইমান সংবাদ মাধ্যমৰ সন্মুখতো, ইমান জনতাৰ সন্মুখতো, আৰু সমগ্ৰ দেশে ইয়াক টিভিত চাই থৰাৰ মুহূৰ্ততো, মই কোনো মাতৃক সুধিব বিচাৰিছোঁ যে আপোনালোকে ভেটি দিবলগীয়া হৈছে নেকি? কোনোবাই দালালীৰ টকা লৈছে নেকি?
আমি এই চৰিত্ৰ নিৰ্মাণৰ বাবে জড়িত হৈ আছোঁ আৰু মই সুখী যে যেতিয়া মাতৃ-ভগ্নীসকলে ইমান আত্মবিশ্বাসেৰে, সন্তোষেৰে কৈছিল যে নহয়, আমি আমাৰ অধিকাৰ পাইছোঁ, নিয়মানুসৰি পাইছোঁ, আমি কাকো এটকাও দিবলগীয়া হোৱা নাই৷
সেই ঘৰসমূহ আপোনালোকে দেখিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই ঘৰসমূহৰ গুণগততা যেতিয়া মই প্ৰত্যক্ষ কৰিছিলো তেতিয়া এনে লাগিছিল যে বাহ! চৰকাৰে এনে ঘৰ প্ৰদান কৰিব পাৰে জানো? এয়া সত্য যে চৰকাৰে টকা দিছে কিন্তু চৰকাৰৰ টকাৰ সৈতে সেই পৰিয়ালটোৰ শ্ৰমৰ ঘামো মিহলি হৈ আছে৷ আৰু তাৰবাবে তেওঁলোকে নিজে নিজৰ ঘৰ কেনে হ’ব সেয়া নিৰ্ধাৰণ কৰিছে৷ কি সামগ্ৰী ব্যৱহাৰ হ’ব সেয়া পৰিয়ালে নিৰ্ধাৰণ কৰিছে৷ ঘৰ কিদৰে নিৰ্মাণ কৰিব সেয়া তেওঁলোকে নিৰ্ধাৰণ কৰিছে৷
চৰকাৰী ঠিকাদাৰৰ ভৰসাত আমি কাম কৰা নাই, আমি সেই পৰিয়ালৰ ভৰসাত কাম কৰিছোঁ আৰু যেতিয়া পৰিয়াল এটাই নিজৰ বাবে ঘৰ বনাই তেতিয়া সেই উত্তমতকৈও অধিক উত্তম হয় আৰু মই সুখী যে গুজৰাটৰ প্ৰতিখন গাঁৱত এই পৰিয়ালসকলে উত্তম ঘৰ নিৰ্মাণ কৰিছে৷ মই ইয়াৰ বাবে তেওঁলোকক অভিনন্দন জনাইছোঁ৷
দেশক দৰিদ্ৰতাৰ পৰা মুক্তি দিবলৈ আমি এক অভিযান আৰম্ভ কৰিছোঁ৷ কিন্তু এয়া দুখীয়াৰ সৱলীকৰণৰ দ্বাৰা কৰিছোঁ৷ বেংক আছিল কিন্তু বেংকত দুখীয়াসকলে প্ৰৱেশ কৰিব পৰা নাছিল৷ আমি প্ৰধানমন্ত্ৰী জন-ধন যোজনাৰ দ্বাৰা বেংকক দুখীয়াৰ ঘৰৰ ওচৰলৈ আনি থিয় কৰালো৷
গাঁৱত ধনী ঘৰত বিদ্যুতৰ সংযোগ আছিল, দুখীয়াসকলে ভাবিছিল যে আমাৰ ঘৰৰ পৰাও কেতিয়াবা আন্ধাৰ আঁতৰিবনে? আজি উজ্বলা যোজনাৰ অধীনত প্ৰতিখন ঘৰত সৌভাগ্য যোজনাৰ দ্বাৰা প্ৰতিখন ঘৰত বিদ্যুতৰ সংযোগ প্ৰদান কৰাৰ এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছে আৰু অনাগত এক-ডেৰ বছৰৰ ভিতৰত বিজুলীবিহীন ঘৰ নাথাকিব৷
ঘৰ হওক, ঘৰত শৌচালয় হওক, খোৱা পানী হওক, গেছৰ চৌকা হওক-এক প্ৰকাৰে তেওঁলোকৰ জীৱনত আমূল পৰিৱৰ্তনৰ এক প্ৰয়াস কৰা হৈছে৷
আৰু মোৰ মৰমৰ ভাই-ভনীসকল, আপোনালোকে মোক ডাঙৰ-দীঘল কৰিছে৷ আপোনালোক গুজৰাটবাসীয়ে মোক পৰিচৰ্যা কৰিছে৷ গুজৰাটে মোক বহু কিবা-কিবি শিকাইছে৷ আৰু আপোনালোকৰ পৰা মই যি শিকিছোঁ, তাৰ পৰিণামস্বৰূপেই এই সপোন সময়মতে পূৰণ কৰাৰ প্ৰয়াস কৰিছোঁ আৰু ২০২২ চনত যেতিয়া ভাৰতৰ স্বতন্ত্ৰতাৰ ৭৫ বৰ্ষ পূৰণ হ’ব তেতিয়া দেশত এনেকুৱা পৰিয়াল নাথাকিব যাৰ নিজৰ ঘৰ নাথাকিব৷ এনেকুৱা ভাৰত নিৰ্মাণৰ সপোন দেখিছোঁ৷
আগতে খবৰ আহি আছিল যে নেতাসকলৰ ডাঙৰ ডাঙৰ ঘৰ নিৰ্মাণৰ কথা, নেতাসকলৰ ঘৰ সজোৱাৰ কথা, এতিয়া খবৰ আহিছে দুখীয়াৰ ঘৰ নিৰ্মাণৰ কথা, এতিয়া খবৰ আহিছে দুখীয়াৰ ঘৰ সজোৱাৰ কথা৷
ভাতৃ-ভগ্নীসকল, বিগত সপ্তাহটো আমাৰ বাবে অতিশয় পীড়াজনক আছিল৷ অটল বিহাৰী বাজপেয়ীজী আমাক এৰি গুচি গ’ল কিন্তু তেওঁৰ নামত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰতিখন গাঁৱক পকী পথেৰে সংযোজিত কৰাৰ কাম আমি সময়ৰ ভিতৰত শেষ কৰাৰ লক্ষ্যৰে আগবাঢ়িছোঁ৷
এক প্ৰকাৰে আমূল পৰিৱৰ্তন অনাৰ দিশত কাম চলি আছে৷ আপোনালোকে প্ৰত্যক্ষ কৰিছে যে দক্ষতা বিকাশৰ দ্বাৰা, দূৰ-দুৰণিৰ আদিবাসী হাবিত থকা কন্যাসকলৰ দক্ষতা বিকাশৰ পিছত নিয়োজনৰ সুবিধা প্ৰদান কৰা হৈছে৷ ইয়াৰ প্ৰমাণ পত্ৰ দিয়াৰ অৱকাশ মই পাইছোঁ৷
আমাৰ দেশক সমস্যাৰ পৰা মুক্ত কৰিবলৈ, দেশৰ সাধাৰণ জনতাৰ সপোন পূৰণ কৰিবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰি আছোঁ৷
বলছাড়ৰ মোৰ ভাই-ভনীসকল, অৱশ্যে ইয়ালৈ অহাৰ মোৰ কাৰ্যসূচী কিছুদিন পূৰ্বেই কৰা হৈছিল যদিও বাৰিষাৰ বাবে সেই কাৰ্যসূচী বাতিল কৰিবলগীয়া হৈছিল৷ আৰু বৰষুণো যেতিয়া আহে, তেতিয়া তীব্ৰ গতিত আহে আৰু নাহিলে সপ্তাহটোলৈ নাহে৷ গুজৰাটৰ কিছুমান স্থানত পানী অহা নাই৷ কিন্তু বিগত কিছুদিন ধৰি গুজৰাটত যি বৰষুণ হৈছে, তাৰবাবে গুজৰাটৰ বহু স্থানত বৰ্ষাৰ কৃপাধন্য হৈছে৷ অনাগত বৰ্ষটোও উত্তম হ’ব৷ কৃষি ক্ষেত্ৰত বহুত লাভ হ’ব, এয়া মোৰ বিশ্বাস৷
মই সকলো বলছাড়ৰ ভাতৃ-ভগ্নীসকলক, ইমান দীৰ্ঘ সময় ধৰি আপোনালোক ইয়াত বহি আছে তাৰ বাবে মই যিমানেই কৃতজ্ঞতা প্ৰদান কৰিম সেয়া কম হ’ব৷
সকলো মাতৃ-ভগ্নীসকলক ৰক্ষা বন্ধনৰ অশেষ শুভকামনা প্ৰদান কৰি ধন্যবাদ জনাইছোঁ৷
***
AKT/VJ/NS/MANN
It is a matter of pride that in a short time, GFSU has achieved such a bench-mark of academic excellence that the National Assessment and
— PMO India (@PMOIndia) August 23, 2018
Accreditation Council has awarded this University an ‘A’ Grade: PM
पुलिस, फोरेंसिक साइंस और ज्यूडिशियरी,
— PMO India (@PMOIndia) August 23, 2018
ये तीनों ही criminal justice delivery system के अभिन्न अंग होते हैं।
किसी भी देश में ये तीनों अंग जितने ज्यादा मजबूत होंगे, उतना ही वहां के नागरिक सुरक्षित रहेंगे और आपराधिक गतिविधियां नियंत्रण में रहेंगी: PM
इसी सोच के साथ बीते वर्षों में गुजरात में एक holistic अप्रोच के साथ इन तीनों स्तंभों को विकसित करने का कार्य शुरू हुआ था।
— PMO India (@PMOIndia) August 23, 2018
रक्षा शक्ति यूनिवर्सिटी, नैशनल लॉ यूनिवर्सिटी और फोरेंसिक साइंस यूनिवर्सिटी।
यानि एक तरह से कानून-व्यवस्था से जुड़ा complete package: PM
आज के बदलते समय में अपराधी अपने अपराध को छिपाने के लिए, बचने के लिए जिस तरह के तरीके अपना रहे हैं,
— PMO India (@PMOIndia) August 23, 2018
उस स्थिति में, ये उतना ही महत्वपूर्ण हो जाता है कि हर व्यक्ति को ये ऐहसास हो कि अगर वो कुछ गलत करेगा, तो पकड़ा जरूर जाएगा: PM
पकड़े जाने के भय की ये भावना, और अदालत में उसका अपराध साबित होने का डर,
— PMO India (@PMOIndia) August 23, 2018
अपराध को नियंत्रण में रखने में बहुत मददगार साबित होता है और
यहीं पर फॉरेन्सिक साइंस की भूमिका सबसे ज्यादा महत्वपूर्ण हो जाती है: PM
Criminals and ways of committing crime are constantly changing.
— PMO India (@PMOIndia) August 23, 2018
In order to deal with rapidly changing crime scenario you also have to develop newer techniques to make it clear that criminals will not be spared: PM
I call upon forensic experts to help the judicial system by using DNA profiling
— PMO India (@PMOIndia) August 23, 2018
as much as possible so that culprits get punished immediately and the victims get justice: PM
Looking at the importance of DNA technology in forensic investigation, our government has approved the DNA Technology (Use and Application) Regulation Bill 2018.
— PMO India (@PMOIndia) August 23, 2018
Through this bill, we will ensure that all DNA tests remain reliable and the data is safe: PM
Swami Vivekananda used to say each soul is potentially divine.
— PMO India (@PMOIndia) August 23, 2018
Each one of us has tremendous strength that is waiting to be explored.
The first step towards manifesting this strength is to believe.
Believe in yourself
Believe in your abilities
Believe in your potential: PM
Your education and intelligence has trained you to think out of the box.
— PMO India (@PMOIndia) August 23, 2018
Ensure that you use these skills not only to keep pace with the changes around us,
but also to drive progressive changes that make our world a better place.
Generations to come will thank you for it: PM
It is essential to encourage the study of forensic science among youngsters. This would make our society safer and ensure criminals are punished quickly. pic.twitter.com/AKspoeclwd
— Narendra Modi (@narendramodi) August 23, 2018
Urged students to keep pace with changing technological trends and be at the forefront of research and innovation that will make our world a better place.
— Narendra Modi (@narendramodi) August 23, 2018