Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত স্বৰ্ণ জয় কৰা ভাৰতীয় ৰ’ৱিং দলটোক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


 

এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰা ভাৰতীয় ৰ’ৱিং দলটোৰ সদস্য ক্ৰমে সাৱৰ্ণ সিং, দত্ত বাবন ভোকানল, ওম প্ৰকাশ আৰু সুখমীট সিঙক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে৷

“আমাৰ ৰ’ৱিং দলটোৱে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে৷ এছিয়ান গেমছৰ পুৰুষৰ ৰ’ৱিং কুৱাড্ৰাপল স্কালছ ইভেণ্টত স্বৰ্ণ জয় কৰি তেওঁলোকে ভাৰতৰ গৰিমা বৃদ্ধি কৰিলে৷ সাৱৰ্ণ সিং, দত্ত বাবন ভোকানল, ওম প্ৰকাশ আৰু সুখমীট সিঙৰে গঠিত ভাৰতীয় দলটোলৈ মোৰ অভিনন্দন থাকিল৷”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/SH/MS