Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ বাৰাণসীত গুৰুত্বপূৰ্ণ বিকাশমূলক প্ৰকল্প মুকলি


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উপস্থিত সুধী সমাজৰ সন্মুখত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

আধাৰশিলা মুকলি কৰা প্ৰকল্পসমূহৰ ভিতৰত পুৰণি কাশীৰ ইণ্টিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট স্কীম (আইপিডিএছ) আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অটল ইনকিউবেচন চেণ্টাৰ আৰু আঞ্চলিক অপথেলমজী চেণ্টাৰ আদিয়েই অন্যতম৷ এই প্ৰকল্পসমূহৰ মুঠ্য ব্যয় ৫৫০ কোটি টকাৰ অধিক৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীলৈ অনা পৰিৱৰ্তনৰ আন এটা উদ্দেশ্য হল ইয়াৰ ঐতিহ্যৰ সংৰক্ষণ কৰা৷ তেওঁ কয় যে চহৰখনৰ ঐতিহ্যক সুৰক্ষা প্ৰদান কৰি আধুনিকীকৰণ কৰা হৈছে৷ চাৰি বছৰৰ প্ৰয়াসৰ ফলত কাশীৰ জনসাধাৰণতে এই পৰিৱৰ্তন দেখিবলৈ পাইছে বুলি তেওঁ মন্তব্য কৰে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসী আৰু ইয়াৰ সংলগ্ন এলেকাসমূহত শক্তি, পথ তথা অন্যান্য আন্তঃগাঁথনিমূলক ক্ষেত্ৰৰ বিভিন্ন প্ৰকল্পই চহৰকেইখনৰ জনাসাধাৰণৰ জীৱন উন্নত কৰা বুলি মন্তব্য কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া বাৰাণসী কাণ্ট ষ্টেছনত জনসাধাৰণে অনলাইনত টিকেট কটা দেখি তেওঁ সুখী হয়৷ তেওঁ পৰিবহণ আন্তঃগাঁথনিক আধুনিকীকৰণ কৰাৰ ক্ষেত্ৰত হৈ থকা কামৰ বিষয়ে দোহাৰে৷ তাৰোপৰি তেওঁ চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে পৰিষ্কাৰকৰণৰ গুৰুত্ব সম্পৰ্কেও দোহাৰে৷ তেওঁ কয় যে এই প্ৰয়াসৰ দ্বাৰা পৰ্যটন খণ্ডৰো বিকাশ হব৷ ভাষণ প্ৰসংগত তেওঁ সাৰনাথত চলি থকা কামসমূহৰ বিষয়ে দোহাৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহলৈ প্ৰাথমিক সুবিধাসমূহ যেনে পথ, বিদ্যুৎ, পানী আদিৰ প্ৰদান কৰাৰ কাম ব্যাপক কৰা হৈছে৷ তেওঁ কয় যে কাশী বৰ্তমানে স্বাস্থ্যৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে৷ আজি মুকলি হোৱা অটল ইনকিউবেচন টেণ্টাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে ষ্টাৰ্ট আপসমূহে ইতিমধ্যেই ইয়াৰ সৈতে সংযোজিত হৈ পৰিছে৷ তেওঁ কয় যে পাইপযুক্ত কুকিং গেছ উপলব্ধ কৰিবলগীয়া নিৰ্বাচিত চহৰসমূহৰ ভিতৰত বাৰাণসীও অন্যতম৷

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ বাসিন্দাসকলক চহৰখনৰ এই পৰিৱৰ্তনত নিজকে উৎসৰ্গিত কৰিবলৈ আহ্বান জনায়৷

********

AKT/SH/MANN