পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণক্ৰমে ১৯ ছেপ্টেম্বৰ, ২০১৮ত আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ভাৰত ভ্ৰমণলৈ আহে।
এই উপলক্ষে দুয়োগৰাকী নেতাই ভাৰত-আফগানিস্তানৰ বহুমুখী কৌশলগত অংশীদাৰিত্বৰ অগ্রগতিৰ ইতিবাচকভাবে মূল্যায়ণ আৰু পর্যালোচনা কৰে। ভাৰত-আফগানিস্তানৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০০ কোটি মার্কিন ডলাৰ অতিক্রম কৰাক লৈ দুয়োজনে সন্তোষ প্রকাশ কৰে। দুয়োগৰাকী নেতাই যোৱা ১২-১৫ ছেপ্টেম্বৰত মুম্বাইত ভাৰত-আফগানিস্তান বাণিজ্য আৰু বিনিয়োগ প্রদর্শনী সফলতাৰ সামৰণী মৰাৰ বাবে প্ৰশংসা কৰাৰ লগতে চাবহাৰ বন্দৰ আৰু বিমানপথেৰে সামগ্ৰী সৰবৰাহ ব্যৱস্থা সুদৃঢ় কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে। আফগানিস্তানত আন্তঃগাঁথনি উন্নয়ন, মানৱ সম্পদ উন্নয়ন আৰু অন্যান্য উন্নয়নমূলক কামতো দুয়োখন দেশে একেলগে কাম কৰাৰ দিশত সন্মতি প্ৰকাশ কৰে।
ৰাষ্ট্রপতি ঘানিয়ে আফগানিস্তানত শান্তি আৰু সম্প্রীতি বজাই ৰখা আৰু সন্ত্রাস আৰু চৰমপন্থা দমনৰ বাবে তেওঁৰ চৰকাৰে কেনেধৰণৰ প্ৰচেষ্টা গ্রহণ কৰিছে, সেইবিষয়ে প্রধানমন্ত্রীকে চমুকৈ অৱগত কৰে।
ভাৰতে এনে আফগান-নেতৃত্বাধীন, আফগানচালিত আৰু আফগান নিয়ন্ত্রিত শান্তি আৰু সমন্বয়ৰ প্রক্রিয়াক সমর্থন কৰিব, যি আফগানিস্তানক এক ঐক্যবদ্ধ, শান্তিময়, সার্বজনীন আৰু গণতান্ত্রিক দেশ হোৱাত আৰু এখন অর্থনৈতিকভাবে স্বচ্ছল দেশ হিচাপে আত্মপ্রকাশ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াব বুলি দোঁহাৰে প্রধানমন্ত্রী মোদীয়ে। আফগানিস্তান চৰকাৰৰ বিভিন্ন প্রচেষ্টাৰ প্ৰতি ভাৰতৰ অবিচল সমর্থনৰ ওপৰত প্রধানমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে। আফগানিস্তানৰ নিৰাপত্তা আৰু সার্বভৌমত্বকো ভাৰতে সমানেই সমর্থন কৰে। আফগানিস্তানত সন্ত্রাসবাদী আক্ৰমণ আৰু হিংসাত্মক ঘটনাৰ গৰিহণা দি প্রধানমন্ত্রীয়ে কয় য়ে ইযাৰ ফলত বহু মূল্যবান মানৱজীৱন শেষ হৈ হৈছে। তেওঁ আফগানিস্তানৰ জনতা আৰু প্রতিৰক্ষা বাহিনীয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে কৰা যুঁজৰ প্রতি সমভাৱনা ব্যক্ত কৰে।
বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত দুয়ো দেশৰ মাজত সমন্বয় স্থাপন আৰু পৰামর্শ গ্রহণৰ কার্যসূচীক লৈ সন্তোষ প্রকাশ কৰি দুয়ো পক্ষই এই সহযোগিতাক সুদৃঢ় কৰিবলৈ সন্মত হোৱাৰ উপৰি সমৃদ্ধি, শান্তি, সুস্থিৰতা আৰু প্রগতিৰ বাবে আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় পর্যায়তো অংশীদাৰ হিচাপে আৰু অধিক ঘনিষ্ঠভাবে কাম কৰিবলৈও দুয়োগৰাকী নেতাই সহমত প্রকাশ কৰে।
***
AKT/SH/SK/DB
Held extensive talks with President @ashrafghani. We assessed the ground covered in India-Afghanistan relations. There were also deliberations on economic and cultural ties between our nations. https://t.co/CsKE5SLd1S pic.twitter.com/0ZXCveIFlI
— Narendra Modi (@narendramodi) September 19, 2018