Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰাক্ৰম পৰ্ব উদ্বোধন প্ৰধানমন্ত্ৰীৰ, কোনাৰ্ক ৱাৰ মেম’ৰিয়েলত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সেনা কমাণ্ডাৰসকলৰ যৌথ সন্মিলনত যোগ দিয়াৰ বাবে আজি ৰাজস্থানেৰ যোধপুৰত উপস্থিত হয়।

যোধপুৰ বায়ুসেনা ঘাটিত তিনি বাহিনীয়ে প্ৰধানমন্ত্ৰীক অভিবাদন জনায়।

ইয়াৰ পাছত তেওঁ কোনার্ক স্মৃতিসৌধলৈ গৈ শ্বহীদসকলৰ প্রতি শ্রদ্ধা জনায়। তাৰ ভিজিটৰছ বুকত প্রধানমন্ত্রীয়ে মাতৃভূমিৰ সুৰক্ষাত স্বাৰ্থত উৎসৰ্গিত আৰু প্ৰতিশ্ৰুতিবদ্ধ সেনাবাহিনীৰ বাবে সমগ্র দেশ গর্বিত বুলি লিখে। প্রধানমন্ত্রী শ্রী মোদীয়ে নির্ভীক সেনানী, যিসকলে দেশৰ বাবে আত্মবলিদান দিছে, তেওঁলোকৰ কথা স্মৰণ কৰি শ্রদ্ধা নিবেদন কৰে। তেওঁ কয় যে এই সেনাসকল প্ৰতিটো প্রজন্মৰ বাবে অনুপ্রেৰণাৰ প্রতীক। 

কোনার্ক ষ্টেডিয়ামত প্রধানমন্ত্রীয়ে ‘পৰাক্রম পর্ব’ৰ উদ্বোধন কৰে। এই উপলক্ষে প্ৰদৰ্শিত এক প্রদর্শনীও তেওঁ পৰিদৰ্শন কৰে। 

*********

AKT/VJ/VK/DB