Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দ্বাৰকাত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

দ্বাৰকাত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

দ্বাৰকাত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

দ্বাৰকাত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দ্বাৰকাত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰ(আইআইচিচি)ৰ আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয় যে প্রস্তাৱিত এই কেন্দ্রটোৱে ভাৰতৰ অর্থনৈতিক প্ৰগতি, সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৰিৱেশ সুৰক্ষাৰ প্রতি আমাৰ সজাগতাৰ প্রতিফলন ঘটাব। তেওঁ কয় যে এই কেন্দ্ৰটো বিশ্বমানৰ আন্তঃগাঁথনি আৰু সহজে ব্যৱসায় কৰিব পৰা সুবিধাৰ প্রতি চৰকাৰৰ দৃষ্টিভংগীৰ পৰিচায়ক হৈ উঠিব।

কেন্দ্রীয় চৰকাৰে নজিৰবিহীনভাৱে জাতিৰ উন্নয়নৰ বাবে এলানি অসাধাৰণ প্রকল্প ৰূপায়ণৰ কাম আৰম্ভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। এই প্রসংগত তেওঁ দেশৰ দীর্ঘতম সূৰংগ নির্মাণ, দীর্ঘতম গেছৰ পাইপলাইন স্থাপন, বৃহত্তম ম’বাইল কাৰখনা আৰু প্রতি ঘৰত বিদ্যুৎ যোগান ধৰাৰ সদৰি কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এইবোৰ কাম নতুন ভাৰতৰ দক্ষতা আৰু গতিৰ প্রতীক।

প্রধানমন্ত্রীয়ে কয় যে বিশ্বৰ অধিকাংশ দেশত বৃহৎ সন্মিলন আয়োজনৰ বাবে বিস্তাৰিত ব্যৱস্থা গঢ়ি তোলা হৈছে। বহুদিন ধৰি ভাৰতত এই ধৰণৰ বিষয়কলৈ ইমান চিন্তা-চৰ্চা কৰা হোৱা নাছিল। এতিয়া পৰিৱেশ সলনি হৈছে বুলি তেওঁ লগতে কয়।

প্রধানমন্ত্রীয়ে কয় যে এখন দেশ শক্তিশালী সাংগঠনিক আৰু প্রতিষ্ঠানগত দক্ষতাৰে আগুৱাই যায়, যিবোৰৰ বাবে বহু বছৰৰ শ্রম আৰু প্ৰচেষ্টাৰ প্রয়োজন হয়। তেওঁ কয় যে এই কামৰ বাবে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ আৰু তাৎক্ষণিকভাৱে ৰূপায়ণ কৰা অতি গুৰুত্বপূর্ণ।

এই প্রসংগত প্রধানমন্ত্রীয়ে একাংশ ৰাষ্ট্ৰীয়কৃত বেংক একেলগ কৰাৰ বাবে শেহতীয়াকৈ লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই বিষয়টোক লৈ প্রায় ৩০ বছৰ ধৰি চিন্তা-চৰ্চা কৰা হৈছিল যদিও ৰূপায়ণ কৰা হোৱা নাছিল। অৱশ্যে, বর্তমান চৰকাৰে ৰাষ্ট্ৰৰ স্বার্থত কঠিন সিদ্ধান্ত ল’বলৈ অলপো কুণ্ঠাবোধ নকৰে। যোৱা চাৰি বছৰত যিদৰে দেশৰ সৰ্বাংগীন উন্নয়ন হৈছে, তাৰ কাৰণে ৰাষ্ট্ৰীয় স্বার্থক সৰ্বাধিক অগ্রাধিকাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে সজোৰেৰ কয় যে জনসাধাৰণৰ স্বার্থত এই ধৰণৰ কঠিন সিদ্ধান্ত গ্রহণৰ প্রক্রিয়া অব্যাহত থাকিব। তেওঁ কয় যে প্ৰত্যাহ্বান সত্ত্বেও দেশৰ অর্থনীতি এক ভাল অৱস্থাত উপনীত হৈছে। ‘সহজে ব্যৱসায়ৰ কৰা সুযোগ’ৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে বর্তমান এই প্ৰচেষ্টাক জিলা পৰ্যায়লৈকে সম্প্রসাৰিত কৰাৰ ব্যৱস্থা লৈছে।

*****

AKT/AP/DB