Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি


 

মাননীয়

ৰাছিয়ান সংঘৰ ৰাষ্ট্ৰপতি আৰু মোৰ ঘনিষ্ঠ মিত্ৰ ভ্লাডিমিৰ ভ্লাডিমিৰোবিছ

দুয়োখন দেশৰ সন্মানীয় প্ৰতিনিধি, নমস্কাৰ৷

দোব্ৰী দীন৷

উনৈশতম বাৰ্ষিক শিখৰ সন্মিলনৰ বাবে ভাৰতত ৰাষ্ট্ৰপতি পুটিন তথা তেওঁৰ প্ৰতিনিধিমণ্ডলক স্বাগতম জনাই মই বৰ সন্তোষ লাভ কৰিছোঁ৷

আমি এনেকুৱা এখন দেশৰ ৰাষ্ট্ৰপতিৰ ৰূপত আপোনাক স্বাগতম জনাইছোঁ যিখনৰ সৈতে আমাৰ অদ্বিতীয় সম্বন্ধ আছে৷ এই সম্বন্ধৰ বাবে আপুনি অতুলনীয় সহযোগিতা প্ৰদান কৰিছে৷ ৰাষ্ট্ৰপতি পুটিনৰ দ্বাৰা সোছি (Sochi)ত আয়োজিত কৰা অনানুষ্ঠনিক শিখৰ সন্মিলনৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে৷ সেই বিশেষ সাক্ষাতত আমি দুয়ো মুক্তভাৱে গহীন চৰ্চা কৰাৰ অৱকাশ লাভ কৰিছিলো৷

ৰাষ্ট্ৰপতি মহোদয়,

ৰাছিয়াৰ সৈতে সম্বন্ধৰ ভাৰতে সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰে৷ ক্ষীপ্ৰতাৰে পৰিৱৰ্তিত হোৱা এই বিশ্বত আমাৰ সম্বন্ধ আৰু অধিক প্ৰাসংগিক হৈ পৰিছে৷

উনৈশতম শিখৰ সন্মিলনৰ নিৰন্তৰ শৃংখলাৰ দ্বাৰা আমাৰ বিশেষ আৰু বিশেষাধিকাৰ প্ৰাপ্ত কৌশলগত সহযোগিতাই নতুন শক্তি তথা দিশ লাভ কৰিছে৷ আৰু বিশ্বজনীন ঘটনাসমূহৰ সহযোগিতাই নতুন লক্ষ্য লাভ কৰিছে৷

আমাৰ সহযোগিতাক আপোনাৰ এই যাত্ৰাই কৌশলগত দিশ প্ৰদান কৰিছে৷ আজি আমি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ নিৰ্ণয় গ্ৰহণ কৰিছোঁ যি দীৰ্ঘকালীন দৃষ্টিকোণত আমাৰ সম্বন্ধক অধিক শক্তিশালী কৰিব৷

মানৱ সম্পদ বিকাশৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক তথা শক্তিৰ উৎসলৈ, বাণিজ্যৰ পৰা আৰম্ভ কৰি বিনিয়োগলৈ, নাভিকীয় শক্তিৰ শান্তিপূৰ্ণ সহযোগিতাৰ পৰা সৌৰ শক্তিলৈ, প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি বাঘ সংৰক্ষণলৈ, আৰ্কটিকৰ পৰা আৰম্ভ কৰি ফাৰ ইষ্টলৈ আৰু সাগৰৰ পৰা আৰম্ভ কৰি মহাকাশলৈ ভাৰত আৰু ৰাছিয়াৰ সম্বন্ধ আৰু ব্যাপক হব৷ এই বিস্তৰ আমাৰ সহযোগিতাক অতীতৰ কিছুমান বিশেষ পৰিসৰলৈ লৈ যাব৷

লগতে আমাৰ সম্বন্ধৰ গুৰুত্বপূৰ্ণ আধাৰ স্তম্ভ আৰু অধিক শক্তিশালী হব৷

ভাৰতৰ বিকাশৰ যাত্ৰাত ৰাছিয়া সদায়েই আমাৰ সৈতে আছে৷ আমাৰ মহাকাশ অভিযানৰ অনাগত লক্ষ্য ভাৰতৰ গগনযানত ভাৰতীয় মহাকাশযাত্ৰী প্ৰেৰণ কৰা হব৷ মই অত্যন্ত সুখী যে আপোনালোকে এই অভিযানত ৰাছিয়াৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে৷

তৰুণ প্ৰজন্মৰ মাজত দেশৰ ভৱিষ্যতক কায়াকল্প নিৰ্ধাৰণ কৰাৰ ক্ষমতা আছে৷ মই সুখী যে ভাৰত তথা ৰাছিয়াৰ প্ৰতিভাসম্পন্ন শিশুৰ সন্মিলিত ৰূপত নিজৰ উদ্ভাৱনী চিন্তাধাৰাৰ প্ৰদৰ্শন আজি দুপৰীয়া কৰিম৷ এই চিন্তাধাৰা তেওঁলোকে মিলিজুলি বিকশিত কৰিছে৷

আমি ভাৰতৰ ধ্বজ্বাবাহী কাৰ্যক্ৰমত আৰু ব্যৱসায়ৰ ব্যাপক অৱকাশত ৰাছিয়াৰ সহযোগিতা প্ৰদানক স্বাগতম জনাইছোঁ৷ মই সুখী যে অলপ সময়ৰ পিছতে আমি ভাৰতৰাছিয়া ব্যৱসায় সন্মিলনত অংশগ্ৰহণ কৰিম৷ ইয়াত দুয়োখন দেশৰ প্ৰায় ২০০ মুখ্য আৰ্থিক উদ্যমীয়ে অংশগ্ৰহণ কৰিব৷

ভাৰত তথা ৰাছিয়াই পাৰস্পৰিক হিতৰ সকলো আন্তঃৰাষ্ট্ৰীয় ঘটনাত ঘনিষ্ঠতাৰে সহযোগিতা প্ৰদান কৰে৷ ৰাষ্ট্ৰপতি পুটিন তথা মই ইয়াৰ ওপৰতো চিন্তাচৰ্চা কৰিছোঁ৷

ভাৰত আৰু ৰাছিয়াই ক্ষীপ্ৰতাৰে পৰিৱৰ্তন হোৱা বিশ্বত মাল্টিলাৰিটী আৰু মাল্টিলেটাৰিজমক সুদৃঢ় কৰাত একমত হৈছে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংঘৰ্ষ, আফগানিস্তান তথা ইণ্ডোপেচিফিকৰ ঘটনাক্ৰম, জলবায়ু পৰিৱৰ্তন, এছচিঅ’, ব্ৰিকছৰ দৰে ক্ষেত্ৰীয় সংগঠন আৰু জি২০ তথা এছিয়ান (ASEAN) দৰে বহুপক্ষীয় সংগঠনত সহযোগিতা প্ৰদান কৰাত আমাৰ দুয়োখন দেশৰ সহযোগিতা সন্মিলিত আছে৷ আমি আন্তঃৰাষ্ট্ৰী সংস্থাত নিজৰ লাভপ্ৰদ সহযোগিতা আৰু সমন্বয়ক অব্যাহত ৰখাত সহমতি প্ৰকাশ কৰিছোঁ৷

মই ৰাষ্ট্ৰপতি পুটিনৰ দ্বাৰা ৰাছিয়াৰ সুদূৰ পূৰ্বৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ দ্বাৰা অত্যন্ত প্ৰভাৱিত হৈছোঁ৷ ভাৰত এই ক্ষেত্ৰত সহযোগিতাৰ বাবে তৎপৰ হৈছে৷

আজি গ্ৰহণ কৰা নিৰ্ণয়ৰ দ্বাৰা আমাৰ সহযোগিতা আৰু অধিক বৃদ্ধি তথা প্ৰত্যাহ্বানমূলক বিশ্বত শান্তি তথা স্থিৰতা বাহাল ৰখাত সহযোগিতা লাভ ব৷

ভাতৃ আৰু ভগ্নীসকল,

ভাৰত আৰু ৰাছিয়াৰ সম্বন্ধৰ শক্তিৰ স্ৰোত জনসাধাৰণৰ মাজত পৰস্পৰে পৰস্পৰৰ প্ৰতি থকা সদ্ভাৱ আৰু মৈত্ৰীৰ ভাব৷ আমি আজি এনে বহুকেইটা প্ৰয়াসৰ ওপৰত চিন্তা কৰিছোঁ যাৰ দ্বাৰা ব্যক্তিৰ পৰা ব্যক্তিৰ সম্বন্ধ আৰু অধিক শক্তিশালী ব৷ আৰু দুয়োখন দেশৰ লোকৰ, বিশেষকৈ যুৱ প্ৰজন্মৰ এজনে আনজনৰ বিষয়ে জনাটো বৃদ্ধি হওক৷ ইয়াৰ দ্বাৰা ভাৰতৰাছিয়াৰ সম্বন্ধৰ ভৱিষ্যতৰ এক ভেঁটি নিৰ্মাণ ব৷

বন্ধুসকল,

মই বিশ্বাসেৰে পাৰো যে ভাৰতৰাছিয়াৰ মৈত্ৰী নিজৰ ভিতৰতে অনন্য৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে এই বিশিষ্ট সম্বন্ধৰ বাবে ৰাষ্ট্ৰপতি পুটিনৰ প্ৰতিবদ্ধতাৰ দ্বাৰা এই সম্বন্ধ অধিক শক্তিশালী ব৷ আমাৰ মাজত প্ৰগাঢ় বিশ্বাস তথা মৈত্ৰী আৰু অধিক সুদৃঢ় তথা আমাৰ বিশেষ আৰু বিশেষাধিকাৰ প্ৰাপ্ত কৌশলগত সহযোগিতাই আকাশ স্পৰ্শ কৰিব৷

ধন্যবাদ৷

স্পাছিবা৷

***

AKT/AP/SK/MANN