পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু লেবাননৰ মাজত কৃষি আৰু আনুসংগিক ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত অনুমোদন জনোৱা হয়।
কৃষি ক্ষেত্ৰত এই দ্বিপাক্ষিক সহযোগিতাৰদ্বাৰা দুয়োখন দেশেই লাভান্বিত হ’ব। এই চুক্তি স্বাক্ষৰিত হ’লে দুয়োখন দেশৰ মাজত কৃষিৰ লগত জড়িত নীতি-অভ্যাসৰ আদান প্ৰদান হ’ব যিয়ে কৃষক সমাজৰ উৎপাদনশীলতা বৃদ্ধিৰ লগতে বিশ্বৰ বজাৰকো উন্নত কৰিব।
এই চুক্তিয়ে বিশ্বৰ বজাৰৰ দুৱাৰ মুকলি কৰি কৃষিজাত সামগ্ৰীৰ উৎপাদন তথা উৎপাদনশীলতা বৃ্দ্ধি কৰিব।ইয়াৰ ফলত নতুন নতুন প্ৰযুক্তিৰ ব্যৱহাৰ সম্ভৱ হোৱাৰ লগতে উৎপাদনশীলতা বৃ্দ্ধি হৈ খাদ্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰিব।
*****
NW/AKT/SH/PRK