পি এম ইণ্ডিয়া
|
বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধ্যক্ষ বৰ্গে ব্ৰেণ্ডে, উদ্যোগ জগতৰ সন্মানিত সদস্য, দেশ-বিদেশৰ পৰা অহা অন্য অতিথিগণ আৰু মোৰ সহযোগীসকল৷
আপোনালোক সকলোকে এই বিশেষ কাৰ্যক্ৰমত আদৰণি জনাইছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ মোৰ বাবে এয়া সুখৰ কথা যে বিশ্ব অৰ্থনৈতিক মঞ্চই মোক ভাৰতৰ প্ৰথম আৰু বিশ্বৰ চতুৰ্থ ঔদ্যোগিক নৱজাগৰণ কেন্দ্ৰৰ শুভাৰম্তত স্মৰণ কৰিছে৷ বন্ধুসকল, ‘ইণ্ডাষ্ট্ৰী ৪.০’ৰ কথা ক’লে প্ৰথমে এনেকুৱা লাগে যে আমি উদ্যোগৰ কথা কৈছো৷ ইয়াৰ যি অংশসমূহ আছে, ইয়াৰ যি শক্তি আছে, সেয়াই মানৱ জীৱনৰ বৰ্তমান আৰু ভৱিষ্যত পৰিৱৰ্তন কৰিব পাৰে৷ আজিৰ বিশ্বজনীন দৃষ্টিকোণত যিদৰে আন্তঃসংযোজিত প্ৰযুক্ত উদ্ভাসিত হ’ব ধৰিছে সেয়া অভূতপূৰ্ব৷ ভিন্ন ভিন্ন প্ৰযুক্তিৰ মাজত এই সামঞ্জস্য-সমন্বয় চতুৰ্থ ঔদ্যোগিক নৱজাগৰণ অথবা চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰৰ ভেঁটিস্বৰূপ হৈ পৰিছে৷ প্ৰযুক্তিৰ এই ভিন্ন ভিন্ন পৰিকাঠামো সমগ্ৰ বিশ্বত প্ৰতিটো স্বৰ, সমাজত মানুহৰ জীৱন-ধাৰণৰ প্ৰক্ৰিয়া, কাম কৰাৰ প্ৰক্ৰিয়া, সংবাদৰ প্ৰক্ৰিয়া অহৰহ পৰিৱৰ্তিত হ’বলৈ ধৰিছে৷ এনে পৰিস্থিতিত ছান ফ্ৰান্সিস্ক’, টকিঅ’ আৰু বেইজিঙৰ পিছত এতিয়া ভাৰতত এই গুৰুত্বপূৰ্ণ কেন্দ্ৰৰ মুকলিয়ে ভৱিষ্যতৰ অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে৷ মই বিশ্ব অৰ্থনৈতিক মঞ্চৰ এই পদক্ষেপৰ বাবে অশেষ শুভকামনা আৰু ধন্যবাদ জনাইছোঁ৷ চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ প্ৰসাৰ কিদৰে হৈছে, কিদৰে বিশ্বত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে আপোনালোক সকলোৱে জানে৷ আপোনালোক ইয়াৰ বিশেষজ্ঞ, ইয়াক ভালকৈয়ে জানে৷ ইয়াৰ গুৰুত্ব বুজি আজি আমি সকলোৱে ইয়াক বুজি পোৱাটো অত্যন্ত আৱশ্যক যে এই নৱজাগৰণ ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ আৰু কিয় ভাৰতে এই নৱজাগৰণৰ সম্পূৰ্ণ লাভ উঠোৱাৰ বাবে সমৰ্থৱান৷ কৃত্ৰিম বুদ্ধিমতা, যন্ত্ৰাদি শিক্ষণ, ইণ্টাৰনেট অব্ থিংছ, ব্ল’ক চেইন, বিগ ডাটা আৰু এনেকুৱা বহুতো নতুন কৌশলে ভাৰতৰ বিকাশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে, নিয়োজনৰ অলেখ অৱকাশ সৃষ্টিৰ বাবে আৰু দেশৰ প্ৰত্যেক ব্যক্তিৰ জীৱনক উৎকৃষ্ট কৰাৰ ক্ষমতা হাতত ৰাখিছে৷ ভাৰতৰ যুৱ প্ৰজন্মৰ শক্তি, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ দশকজোৰা অভিজ্ঞতা, ষ্টাৰ্ট-আপৰ অনুনাদশীল পৰিবেশতন্ত্ৰই এই ক্ষমতাক সৱলীকৰণ কৰে৷ আজি যেতিয়া ভাৰত নতুন ভাৰতৰ সংকল্পৰ সৈতে আগবাঢ়ি আছে, নিজৰ সামৰ্থ আৰু সংসাধনক শক্তিশালী কৰি আছে, সেইসময়তে চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ অংশীদাৰ হোৱাৰ জৰিয়তে সোণত সুৱগা চৰিছে৷ ভাৰতে কেৱল এয়া উদ্যোগৰ পৰিৱৰ্তনৰ পথতেই নহয় আনকি ইয়াক সামাজিক পৰিৱৰ্তনৰ আধাৰৰ পথতো প্ৰত্যক্ষ কৰিছে৷ উদ্যোগ এটা প্লেটফ’ৰ্ম, উৎপাদন এটা প্ৰক্ৰিয়া আৰু প্ৰযুক্তি এটা সঁজুলি, কিন্তু ইয়াৰ অন্তিম লক্ষ্য, সমাজৰ অন্তিম প্ৰান্তত থকা ব্যক্তিৰ জীৱন সহজ কৰি তোলে, তালৈ পৰিৱৰ্তন আনে৷ বন্ধুসকল, মই ইণ্ডাষ্ট্ৰী ৪.০ত সেই শক্তি প্ৰত্যক্ষ কৰিছো যি সামাজিক তথা আৰ্থিক ব্যৱস্থাৰ সৈতে জড়িত এনে দুৰ্বলতাসমূহক চিৰ দিনৰ বাবে সমাপ্ত কৰিব, ভাৰতত এক অপৰিৱৰ্তনীয় ধনাত্মক ধাৰাৰ সৃষ্টি কৰিব৷ মোৰ দৃঢ় বিশ্বাস যে ইণ্ডাষ্ট্ৰী ৪.০ প্ৰণয়নৰ দ্বাৰা ভাৰতৰ দৰিদ্ৰতা নোহোৱা কৰিব পৰা যাব৷ দেশৰ দৰিদ্ৰ শ্ৰেণীক, সমাজৰ উপেক্ষিত শ্ৰেণীৰ জীৱন উন্নত কৰিব পাৰি৷ ভাৰতৰ দৰে বিশাল আৰু বৈচিত্ৰতাৰে ভৰা দেশত যি ক্ষীপ্ৰতা আৰু যি মানদণ্ডৰ আৱশ্যক, তাত এই নৱজাগৰণে আমাক প্ৰভূত সহায় কৰিব৷ বন্ধুসকল, ভেঁটি অবিহনে অট্টালিকা নিৰ্মাণ কৰিব নোৱাৰি৷ ‘ইণ্ডাষ্ট্ৰী ৪.০’ৰ সাফল্যও ইয়াতে নিৰ্ভৰ কৰিছে যে কোনখন দেশত ইয়াৰ বাবে আৱশ্যকীয় ভেঁটি প্ৰস্তুত হৈছে, অধিক শক্তিশালী হৈছে৷ আজি মই গৰ্ব অনুভৱ কৰিছোঁ যে বিগত চাৰে-চাৰি বছৰত আমাৰ চৰকাৰে চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰ বাবে ভাৰতক প্ৰস্তুত কৰাত বৃহৎ সাফল্য অৰ্জন কৰিছে৷ মোৰ এই আত্মবিশ্বাসৰ অন্তৰালত, এই উৎসাহৰ অন্তৰালত যি কাৰণ আছে, সেয়াও আপোনালোকৰ সন্মুখত বিস্তাৰিত ৰূপত প্ৰস্তুত কৰিব বিচাৰিছোঁ৷ ভাতৃ আৰু ভগ্নীসকল, ইণ্ডাষ্ট্ৰী ৪.০ৰ পৰা কেৱল এটা শব্দও বাহিৰলৈ উলিয়াই দিলে ইয়াৰ কোনো অৰ্থই নাথাকিব৷ এয়া ডিজিটেল শব্দ৷ কিন্তু এই শব্দই আজি পৰিৱৰ্তিত হৈ ভাৰতৰ এক বৃহৎ পৰিচয় হৈ উঠিছে৷ ডিজিটেল ইণ্ডিয়া অভিযানে তথ্যসমূহ ভাৰতৰ গাঁৱে-গাঁৱে প্ৰেৰণ কৰিছে৷ বিগত চাৰিটা বৰ্ষত দেশত টেলিকম আন্তঃগাঁথনিক শক্তিশালী কৰাৰ বাবে চৰকাৰে পূৰ্বৰ তুলনাত ৬ গুণ অধিক বিনিয়োগ কৰিছে৷ বন্ধুসকল, ২০১৪ চনত ভাৰতৰ ৬১ কোটি লোকৰ ওচৰত ডিজিটেল পৰিচয় আছিল৷ আজি ভাৰতৰ ১২০ কোটিতকৈও অধিক লোকৰ ওচৰত আধাৰ কাৰ্ড আছে৷ নিজৰ ডিজিটেল পৰিচয় আছে৷ ইয়াৰ পৰিণামস্বৰূপেই য’ত ২০১৪ চনৰ পূৰ্বে দেশৰ কেৱল ৫৯টা পঞ্চায়তহে অপ্টিকেল ফাইবাৰৰ দ্বাৰা সংযোজিত হৈছিল আছিল, আজি এক লাখতকৈও অধিক পঞ্চায়ত অপ্টিকেল ফাইবাৰৰ দ্বাৰা সংযোজিত হৈছে৷ অতি সোনকালেই আমি দেশৰ সকলো আঢ়ৈ লাখ পঞ্চায়তক এই ফাইবাৰৰ সৈতে সংযোজন কৰাৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰিম৷ বন্ধুসকল, ২০১৪ বৰ্ষত দেশত কেৱল ৮৩ হাজাৰ সাধাৰণ সেৱা কেন্দ্ৰ আছিল৷ আজি ভাৰতত ৩ লাখতকৈও অধিক সাধাৰণ সেৱা কেন্দ্ৰই কাম কৰি আছে৷ দেশৰ গ্ৰামীণ অঞ্চলত, দূৰ্গম অঞ্চলত চৰকাৰে ৩২ হাজাৰতকৈও অধিক ৱাই-ফাই হট স্পট প্ৰদান কৰাৰ কাম কৰি আছে৷ ডিজিটেল ভাৰত অভিযানে বিগত চাৰিটা বৰ্ষত ভাৰতীয়সকলৰ জীৱন-ধাৰণৰ মান পৰিৱৰ্তন কৰিছে৷ বন্ধুসকল, এই সকলোবোৰ ইণ্ডাষ্ট্ৰী ৪.০ য়েই হয় কাৰণ ২০১৪ চনত এজন ভাৰতীয় নাগৰিকে যিমান ম’বাইল ডাটা ব্যৱহাৰ কৰিছিল, আজি তাতকৈ ৩০ গুণতকৈও অধিক ম’বাইল ডাটা ব্যৱহাৰ কৰি আছে৷ বন্ধুসকল, এনেকুৱা উন্নয়নৰ কাহিনী আপুনি বিশ্বৰ কোনো দেশতে শুনা নাপাব৷ ভাৰতৰ এই সাফল্যৰ কাহিনী অপ্ৰত্যাশিত৷ আজি ভাৰত বিশ্বৰ সবাতোকৈ বিশাল ডিজিটেল আন্তঃগাঁথনি থকা দেশসমূহৰ ভিতৰত অন্যতম৷ আধাৰ, ইউনিফাইড পে’মেণ্ট ইণ্টাৰফেচ অৰ্থাৎ ইউপিআই, ই-ছাইন, ই-নেচনেল এগ্ৰিকালচাৰ মাৰ্কেট অৰ্থাৎ ই-নাম, গভৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচ অথবা জেম, ডিজিল’কাৰৰ দৰে অনন্য ইণ্টাৰফেচ, ভাৰতক কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰযুক্তিৰ নেতৃত্ব বহন কৰাত সহায় কৰি আছে৷ ইয়াৰ জৰিয়তে অধিকতম লোক ক্ষীপ্ৰতাৰ সৈতে ডিজিটেল প্ৰযুক্তিৰ সৈতে জড়িত হ’ব পাৰিছে৷ ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিয়ে দেশৰ ষ্টাৰ্ট-আপসমূহকো এই প্লেটফ’ৰ্মসমূহৰ ওপৰত উদ্ভাৱন কৰাৰ সুযোগ প্ৰদান কৰিছে৷ এই উদ্ভাৱনে দেশৰ এমএছএমই ক্ষেত্ৰক শক্তিশালী কৰাৰ কাম কৰি আছে৷ বন্ধুসকল, ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাৰ সৈতে জড়িত শক্তিশালী পৰিবেশতন্ত্ৰ প্ৰস্তুত কৰাৰ বাবে ৰাষ্ট্ৰীয় কৌশল কিছুমাহ পূৰ্বে প্ৰস্তুত কৰা হৈছে৷ সকলোৰে সৈতে সকলোৰে বিকাশৰ দৃষ্টিভংগীৰ সৈতে ইয়াক ‘কৃত্ৰিম বুদ্ধিমত্তা সকলোৰে বাবে’ হিচাপেও নামাকৰণ কৰা হৈছে৷ কিদৰে গৱেষণা পৰিবেশ তন্ত্ৰ নিৰ্মাণ কৰা হ’ব, এডপচনক প্ৰচাৰ কৰা হ’ব, দক্ষতা প্ৰত্যাহ্বানসমূহক কিদৰে মোকাবিলা কৰিব পাৰি, এই সকলো বিষয়সমূহৰ ওপৰত ব্যাপক ৰূপত চৰ্চা কৰা হৈছে৷ ভাৰতীয় জনমানসৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত ধ্যান দিয়া হৈছে৷ যেনে কৃষি, স্বাস্থ্য আৰু শিক্ষা৷ এই ক্ষেত্ৰসমূহত চৰকাৰৰ দ্বাৰা অনেক পাইলট প্ৰজেক্টত কাম আৰম্ভ কৰা হৈছে৷ এই সন্দৰ্ভত কিছুদিন পূৰ্বে ম’বিলিটীৰ ওপৰত এক ডাঙৰ সন্মিলনো অনুষ্ঠিত হৈছে৷ বন্ধুসকল, মুম্বাইত ডব্লিউইএফৰ এক নতুন কেন্দ্ৰই এই পদক্ষেপক শক্তিশালী কৰাৰ দিশত কাম কৰিব৷ এই কেন্দ্ৰই সকলোৰে সৈতে-সকলোৰে বিকাশৰ দিশত কৰা সকলো প্ৰয়াসৰ বাবে প্ৰেৰক আৰু পূৰকৰ দৰে কাম কৰিব৷ এই কেন্দ্ৰই নতুন নতুন উদ্ভাসিত প্ৰযুক্তিৰ জৰিয়তে চৰকাৰৰ নীতিসমূহ সজ্বিত কৰাত সহায় কৰিব৷ এই কেন্দ্ৰই ভাৰতৰ ৰাজহুৱা খণ্ড, ব্যক্তিগত খণ্ড, বিভিন্ন ৰাজ্য চৰকাৰৰ কামত নতুন চেতনা জাগ্ৰত কৰাত, ইণ্ডাষ্ট্ৰী ৪.০ৰ নতুন প্ৰয়াসসমূহক আগুৱাই লৈ যোৱাত সহায় কৰিব৷ মোক কোৱা হৈছে যে মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে এই কেন্দ্ৰই ড্ৰোণ আৰু ইণ্টাৰনেট অব্ থিংছৰ মাধ্যমৰ জৰিয়তে চৰকাৰী সেৱাসমূহৰ সংশোধন কৰাৰ উদ্দেশ্যে এক প্ৰকল্প হিচাপত কাম আৰম্ভ কৰিছে৷ ইয়াৰ বাবে মই ইয়াত উপস্থিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছোঁ৷ মই আশা প্ৰকাশ কৰিছোঁ যে অনাগত সময়ত সকলো ৰাজ্যত এনেকুৱা অনেক যোজনা ৰূপায়িত হ’ব৷ বন্ধুসকল, ভাৰতত ‘ইণ্ডাষ্ট্ৰী ৪.০’ৰ সৱৱীকৰণৰ দ্বাৰা, ‘কৃত্ৰিম বুদ্ধিমত্তা’ৰ প্ৰসাৰণৰ দ্বাৰা, য’ত এক প্ৰকাৰে দেশৰ জনসাধাৰণে স্বাস্থ্যৰ সৈতে জড়িত উন্নত সুবিধা লাভ কৰিব, তাৰ দ্বাৰা চিকিৎসাৰ দ্বাৰা হোৱা ব্যয়ো হ্ৰাস হ’ব৷ কৃষি ক্ষেত্ৰত ইয়াৰ বিস্তাৰৰ দ্বাৰা এফালে কৃষকৰ উৎপাদন বৃদ্ধি হ’ব, শস্য নষ্ট হোৱা বন্ধ হ’ব আৰু আনফালে তেওঁলোকৰ আয়ো বৃদ্ধি হ’ব৷ এই প্ৰযুক্তিয়ে ভাৰতৰ কৃষকসকলক বতৰ, ফচল আৰু বীজ ৰোৱাৰ চক্ৰ সম্বন্ধত উপযুক্ত সিদ্ধান্ত লোৱাত সহায় কৰিব৷ ই স্মাৰ্ট চিটী আৰু ভাৰতত একবিংশ শতিকাৰ আন্তঃগাঁথনিক সৱলীকৰণ কৰাৰ সৈতে দেশৰ গাঁৱে-গাঁৱে সংযোগ বৃদ্ধি কৰাত সহায় কৰিব পাৰে৷ স্মাৰ্ট ম’বিলিটীৰ পৰা আৰম্ভ কৰি পৰিবহণলৈ আৰু চহৰত ট্ৰেফিকৰ সমস্যা সমাধান কৰা আদিতো নতুন প্ৰযুক্তিৰ দ্বাৰা ভাৰতে সহায় লাভ কৰিব৷ আমাৰ দেশ বিভিন্ন ভাষা-ভাষীৰ লোক৷ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা বিভিন্ন মাত-কথা আৰু ভাষাৰ বিচাৰৰ আদান-প্ৰদান আৰু অধিক সহজ হৈ উঠিব৷ এনেদৰে ভাৰতৰ মোৰ দিব্যাংগ ভাই-ভনীসকলৰ সামৰ্থক অধিক শক্তিশালী কৰাৰ বাবে, তেওঁলোকৰ জীৱনত থকা সমস্যাসমূহো কম কৰাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ এক বৃহৎ ভূমিকা আছে৷ বন্ধুসকল, এই সকলো মুখ্য বিষয়ত বিভিন্ন বিভিন্ন পৰ্যায়ত কাম আৰম্ভ হৈছে৷ এই কাৰ্যসমূহত ‘ভাৰতৰ বাবে সমাধান, বিশ্বৰ বাবে সমাধান’ৰ লক্ষ্যও অন্তৰ্ভুক্ত আছে৷ আমি ‘স্বানীয় সমাধানৰ পৰা বিশ্বজনীন প্ৰয়োগ’ৰ দিশে আগবাঢ়িছোঁ৷ ইয়াত আন এটা প্ৰযুক্তিৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ সেয়া হ’ল ব্ল’কচেইন৷ এই প্ৰযুক্তি ‘ন্যূনতম চৰকাৰ সৰ্বাধিক শাসনৰ চৰকাৰ’ দৃষ্টিভংগীৰ সৈতে জড়িত আছে, ইয়াক আগুৱাই লৈ গৈছে৷ ইয়াৰ সহায়ত স্ব-শাসন আৰু স্ব-স্বীকৃতিকৰণকো প্ৰসাৰ কৰা হৈছে আৰু ভৱিষ্যতৰ সম্ভাৱনাসমূহকো সন্ধান কৰা হৈছে৷ বিভিন্ন চৰকাৰী প্ৰক্ৰিয়া, সমস্যা আদি ইয়াৰ সহায়ত দূৰ কৰিব পাৰি৷ এই প্ৰক্ৰিয়াসমূহৰ সংশোধনৰ দ্বাৰা পাৰদৰ্শিতা বৃদ্ধি হ’ব, ভ্ৰষ্টাচাৰ কম হ’ব, অপৰাধ কম হ’ব আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ভাৰতীয় নাগৰিকসকলৰ ইজ অৱ লিভিঙত পৰিলক্ষিত হ’ব৷ বন্ধুসকল, ব্ল’কচেইন প্ৰযুক্তিৰ প্ৰসাৰণে ভাৰতক ইজ অব্ ডুয়িং বিজনেছ মূল্যায়নৰ শীৰ্ষলৈ লৈ আনিব পাৰে৷ চৰকাৰৰ বিভিন্ন সেৱা, প্ৰাকৃতিক সংসাধনৰ ব্যৱস্থাপনা, সম্পত্তিৰ পঞ্জীয়ন, ঠিকা, শক্তি সংযোগ, এনেধৰণৰ কিমান কাম আৰু অধিক ক্ষীপ্ৰতাৰে কৰিব পৰা যাব৷ এই সকলো জানি-বুজি ভাৰতত ব্ল’ক চেইনৰ ওপৰতো ৰাষ্ট্ৰীয় কৌশল নিৰ্মাণ কৰাৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰা হৈছে৷ এইক্ষেত্ৰত ডব্লিউইএফৰ নতুন কেন্দ্ৰৰ পৰাও সহায় লাভ হ’ব৷ মই আপোনালোকক জনাব খোজোঁ যে ভাৰতে অতি সোনকালেই নিজৰ ড্ৰোণ নিয়মাৱলীও ঘোষণা কৰিব৷ বন্ধুসকল, যেতিয়া প্ৰথম ঔদ্যোগিক আন্দোলন আৰম্ভ হৈছিল তেতিয়া ভাৰত দাসত্বৰ অধীনত আছিল৷ যেতিয়া দ্বিতীয় ঔদ্যোগিক আন্দোলন আৰম্ভ হ’ল তেতিয়াও ভাৰত দাসত্বৰ অধীনত আছিল৷ স্বতন্ত্ৰতাৰ পিছত ভাৰতে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত ব্যস্ত আছিল৷ কিন্তু এতিয়া একবিংশ শতিকাত ভাৰত পৰিৱৰ্তিত হৈছে৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে, নিজৰ দেশৰ ১৩০ কোটি লোকৰ সামৰ্থৰ দ্বাৰা কৈছোঁ যে ভাৰত চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰ লাভৰ পৰা বঞ্চিত নহ’ব৷ ইয়াৰ পৰিৱৰ্তে মই ভাবোঁ যে ঔদ্যোগিক ক্ৰান্তিত ভাৰতৰ যোগদানে সম্পূৰ্ণ বিশ্বকে আশ্বৰ্যচকিত কৰিব৷ অভুতপূৰ্ব-অপ্ৰত্যাশিত-অকল্পনীয় যোগদান৷ আমাৰ বৈচিত্ৰতা, আমাৰ ভৌগোলিক সক্ৰিয়তা, ক্ষীপ্ৰ গতিত বৃদ্ধি পোৱা বজাৰৰ আকাৰ আৰু ডিজিটেল আন্তঃগাঁথনিৰ ভাৰতক গৱেষণা আৰু প্ৰণয়নৰ বিশ্বজনীন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষমতা আছে৷ ভাৰতত হোৱা উদ্ভাৱনসমূহৰ দ্বাৰা সমগ্ৰ বিশ্ব লাভান্বিত হ’ব৷ বন্ধুসকল, আজি এই মঞ্চত মই আন এক গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত নিজৰ বক্তব্য ৰাখিব বিচাৰিছোঁ৷ কিছুমান লোকে চিন্তা কৰে যে প্ৰযুক্তিৰ উত্থানে নিয়োজন হ্ৰাস কৰিব৷ কিন্তু সত্য কথাটো এয়া যে মানৱ জীৱনৰ যিসমূহ বাস্তৱিকতা আজিলৈ আমি স্পৰ্শ কৰিব পৰা নাই, সেইসমূহৰ দুৱাৰ এই ‘ইণ্ডাষ্ট্ৰী ৪.০’ৰ দ্বাৰা মুকলি হ’ব৷ ইয়াৰ দ্বাৰা নিয়োজনৰ প্ৰকৃতি বহু পৰ্যন্ত পৰিৱৰ্তন হ’ব৷ এই বাস্তৱিকতাসমূহ বোধগম্য কৰি ভাৰত চৰকাৰে স্কিল ইণ্ডিয়া মিছন, ষ্টাৰ্ট আপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া, অটল ইন’ভেচন মিছনৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ আমাৰ দেশৰ যুৱ প্ৰজন্ম পৰিৱৰ্তিত প্ৰযুক্তিৰ বাবে যাতে প্ৰস্তুত হ’ব পাৰে তাৰ বাবে পূৰ্বৰে পৰা কাম কৰা হৈছে৷ বন্ধুসকল, ১০ বছৰৰ পিছত আমি ক’ত থাকিম, এয়া এই হ’লত বহি কোনো ব্যক্তিয়ে ক’ব নোৱাৰে৷ এয়াও কোনেও ক’ব নোৱাৰে যে পঞ্চম ঔদ্যোগিক আন্দোলনলৈ আৰু কিমান দিন আছে৷ ঠিক আছে, প্ৰথম তিনিটা ঔদ্যোগিক নৱজাগৰণ এশ বছৰৰ বিৰতিৰ মূৰত হৈছে৷ কিন্তু আমি এয়া দেখিবলৈ পাইছোঁ যে চতুৰ্থ ঔদ্যোগিক আন্দোলনৰ ৩০-৪০ বৰ্ষ পূৰ্বেই সূচনা হৈছে৷ বিগত এটা বা দুটা দশক প্ৰত্যক্ষ কৰিলে আমি দেখিম যে অসংখ্য বস্তুৰ আৱিষ্কাৰ হৈছে৷ প্ৰযুক্তিয়ে সময়ক যেন সংকুচিত কৰি তুলিছে৷ ইণ্ডাষ্ট্ৰী ৪.০ৰ পৰা ৫.০লৈ পৰিৱৰ্তনে এতিয়া আৰু এশ বছৰৰ সময় নলয়৷ সেইবাবে ভাৰত ইণ্ডাষ্ট্ৰী ৪.০ৰ বিষয়টো অতিশয় গভীৰভাৱে লৈছে৷ এয়াই সময়, নিজৰ সম্পূৰ্ণ সামৰ্থৰ সৈতে জড়িত হোৱাৰ৷ মই এয়াও বিচাৰিম যে অনাগত কেইটামান মাহৰ ভিতৰতেই ভাৰতত এক ‘ইণ্ডাষ্ট্ৰী ৪.০ পাৰ্কো’ স্থাপিত হওক৷ মই আপোনালোক সকলোকে, দেশৰ উদ্যোগ জগতৰ, সকলো ৰাজ্য চৰকাৰৰ, সাধাৰণ সমাজক, উদ্যমীসকলক আহ্বান জনাইছোঁ যে এই আন্দোলনত মোৰ সৈতে আগবাঢ়ক, অংশীদাৰ হওক আৰু ইয়াৰ সৈতে ভূমিত অৱতৰণ কৰোঁ আহক৷ বন্ধুসকল, আমাৰ চৰকাৰৰ চিন্তাধাৰা মুক্ত, বিচাৰ মুক্ত৷ যি পৰিকাঠামো নিৰ্মাণ কৰিব লাগে, যি প্ৰ’টকল নিশ্চিত কৰিব লাগে, যি নিয়মাৱলী প্ৰস্তুত কৰিব লাগে, নতুন ভাৰতৰ হিতাৰ্থে, ভাৰতীয়সকলৰ হিতাৰ্থে যি কৰিব লাগে, আমি সেয়া কৰিম৷ আপোনালোকৰ সকলো প্ৰস্তাৱ, সকলো অনুভৱক আমি স্বাগতম জনাইছোঁ৷ চৰকাৰ সকলো সময়ৰ বাবে প্ৰস্তুত, তৎপৰ৷ আমি এই বিষয়ত দৃঢ় যে এইবাৰ ভাৰতক আমি তল পৰিবলৈ নিদিওঁ৷ মই পুনৰ বাৰ আপোনালোক সকলোকে চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ কেন্দ্ৰৰ বাবে অশেষ শুভকামনাৰ সৈতে নিজৰ বক্তব্য সামৰিছোঁ৷ অশেষ ধন্যবাদ!!! ***** अतुल तिवारी/ शाहबाज हसीबी/सतिश/निर्मल शर्मा/MANN |
|---|
अलग-अलग technologies के बीच सामंजस्य-समन्वय Fourth Industrial Revolution का आधार बन रहा है।
— PMO India (@PMOIndia) October 11, 2018
ऐसी परिस्थितियों में सैन फ्रांसिस्को, टोक्यो और बीजिंग के बाद अब भारत में इस महत्वपूर्ण सेंटर का खुलना, भविष्य की असीम संभावनाओं के द्वार खोलता है: PM
Artificial Intelligence, Machine Learning, Internet of Things, Blockchain, Big Data और ऐसी तमाम नई तकनीकों में भारत के विकास को नई ऊँचाई पर ले जाने, रोजगार के लाखों नए अवसर बनाने और देश के प्रत्येक व्यक्ति के जीवन को बेहतर बनाने की क्षमता है: PM
— PMO India (@PMOIndia) October 11, 2018
भारत इसे सिर्फ इंडस्ट्री में परिवर्तन के तौर पर नहीं, बल्कि इसे सामाजिक परिवर्तन के आधार के तौर पर देख रहा है।
— PMO India (@PMOIndia) October 11, 2018
Industry एक Process है, Technology एक Tool है, लेकिन इसका अंतिम लक्ष्य, समाज की आखिरी पंक्ति में बैठे व्यक्ति के जीवन को आसान बनाना है, उसमें बदलाव लाना है: PM
2014 से पहले देश की 59 पंचायतें ऑप्टिकल फाइबर से जुड़ी थीं, आज 1 लाख से ज्यादा पंचायतों तक ऑप्टिकल फाइबर पहुंच चुका है।
— PMO India (@PMOIndia) October 11, 2018
2014 में देश में 83,000 CSC थे, आज 3 लाख CSC काम कर रहे हैं
देश के ग्रामीण इलाकों में सरकार 32,000 से ज्यादा Wi-Fi Hot Spots मुहैया कराने पर काम कर रही है: PM
मुंबई में @wef का ये नया सेंटर इस कड़ी को और मजबूत करने का काम करेगा।
— PMO India (@PMOIndia) October 11, 2018
ये सेंटर सबका साथ-सबका विकास की दिशा में किए जा रहे प्रयासों के लिए प्रेरक और पूरक की तरह काम करेगा।
ये सेंटर नई-नई उभरती Technologies के इर्द-गिर्द सरकार की नीतियों को डिजाइन करने में भी मदद करेगा: PM
इन सभी प्रमुख विषयों में, अलग-अलग स्तर पर भारत में काम शुरू हो चुका है।
— PMO India (@PMOIndia) October 11, 2018
इन कार्यों में ‘Solve for India, Solve for the World’ का लक्ष्य भी समाहित है।
हम ‘Local Solution से Global Application’ की तरफ भी बढ़ रहे हैं।
इसमें टेक्नोलॉजी की भूमिका बहुत महत्वपूर्ण है: PM
जब पहली औद्योगिक क्रांति हुई, तो भारत गुलाम था।
— PMO India (@PMOIndia) October 11, 2018
जब दूसरी औद्योगिक क्रांति हुई, तो भी भारत गुलाम था।
जब तीसरी औद्योगिक क्रांति हुई, तो भारत स्वतंत्रता के बाद मिली चुनौतियों से ही निपटने में संघर्ष कर रहा था।
लेकिन अब 21वीं सदी का भारत बदल चुका है।
— PMO India (@PMOIndia) October 11, 2018
मैं मानता हूं कि चौथी औद्योगिक क्रांति में भारत का योगदान, पूरे विश्व को चौंकाने वाला होगा।
अभूतपूर्व, अप्रत्याशित, अकल्पनीय योगदान: PM
हमारी विविधता, हमारा demographic potential, fast-growing market size और digital infrastructure, भारत को research और implementation का global hub बनाने की क्षमता रखता है।
— PMO India (@PMOIndia) October 11, 2018
भारत में होने वाले innovations का लाभ पूरी दुनिया को मिलेगा, पूरी मानवता को मिलेगा: PM
कुछ लोग चिंता करते हैं कि टेक्नोलॉजी का ये उत्थान, रोजगार कम कर देगा।
— PMO India (@PMOIndia) October 11, 2018
लेकिन सच्चाई ये है कि मानव जीवन की जिन वास्तविकताओं को हमने आज तक छुवा तक नहीं है, उसके द्वार अब ‘इंडस्ट्री 4.0’ द्वारा खुलेंगे।
ये Nature of Job को काफी हद तक बदल देगा: PM
इस वास्तविकता को समझते हुए ही भारत सरकार स्किल इंडिया मिशन, स्टार्ट अप इंडिया, स्टैंड अप इंडिया, अटल इनोवेशन मिशन जैसे कार्यक्रम चला रही है।
— PMO India (@PMOIndia) October 11, 2018
हमारे देश का युवा बदलती हुई तकनीकों के लिए तैयार हो सके, उस पर पहले से काम किया जा रहा है: PM
Speaking at the inauguration of the Centre for the Fourth Industrial Revolution. https://t.co/pQPBkG5LqU
— Narendra Modi (@narendramodi) October 11, 2018