Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৯ ছেপ্তেম্বৰত নতুন দিল্লীত ‘পুনৰূত্থানৰ বাবে শিক্ষা ব্যৱস্থাত একাডেমিক নেতৃত্ব’ শীৰ্ষক সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে 


প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ ছেপ্তেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ‘পুনৰূত্থানৰ বাবে শিক্ষা ব্যৱস্থাত একাডেমিক নেতৃত্ব’ শীৰ্ষক সন্মিলন উদ্বোধন কৰিব, য’ত ৩৫০খনৰো অধিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সঞ্চালকে অংশ গ্ৰহণ কৰিব৷ ইউজিচি, এআইচিটিই, আইচিএছএছআৰ, আইজিএনচিএ, আইজিএনঅ’ইউ, জেএনইউ আৰু এছজিটি বিশ্ববিদ্যালয়ৰ যুটীয়া উদ্যোগত সন্মিলনখন আয়োজন কৰা হৈছে৷

সন্মিলনৰ বিষয়বস্তু হ’ল ভাৰতীয় শিক্ষা ব্যৱস্থাই সন্মুখীন হৈ থকা প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰা আৰু  তাৰ এক সমাধানসূত্ৰ উলিয়াই শিক্ষাৰ মান উন্নত কৰা৷

 মাননীয় প্ৰধানমন্ত্ৰীয়ে পুৱা ১০.৩০ বজাত সন্মিলনখন উদ্বোধন কৰিব আৰু ইয়াৰ পাছতে নিম্নোক্ত আঠটা বিষয়বস্তুৰ ওপৰত আলোচনাচক্ৰ অনুষ্ঠিত হ’ব—

  1. শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষাৰ বাবে শিক্ষানীতি উন্নত কৰা৷
  2. চাকৰি বিচৰাৰ পৰা চাকৰি সৃষ্টিকাৰীলৈ—নতুন উদ্ভাৱন আৰু ব্যৱসায়ক উদগণি যোগোৱা৷
  • গৱেষণাৰ মান উন্নত কৰা— ভাৰতৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব৷
  1. শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয় স্থাপন কৰা—পুথিভৰালৰ দৰে শৈক্ষিক সম্পদ আৰু জ্ঞানৰ আদান প্ৰদান৷
  2. সন্মিলিত আৰু একীকৃত কেম্পাছ নিৰ্মাণ৷
  3. অংশগ্ৰহণমূলক প্ৰশাসন মডেল—প্ৰশাসনিক প্ৰক্ৰিয়াত শিক্ষাৰ্থীৰ অংশগ্ৰহণ সহজ কৰা৷
  • শক্তিশালী বিত্তীয় মডেল নিৰ্মাণ৷
  • শিক্ষাত সাৰ্বজনীন মূল্য আৰু জীৱন সম্পৰ্কীয় দক্ষতা অন্তৰ্ভুক্ত কৰি নৈতিক শিক্ষাক উৎসাহিত কৰা৷
  1. সন্মিলনৰ সামৰণি সত্ৰ সম্বোধন কৰিব মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেড়কাৰে৷

             ***

AKT/ VJ/ SBP/MS