Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বাস্থ্যসেৱা আৰু কল্যাণ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত সম্পন্ন হোৱা সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে স্বাস্থ্যসেৱা আৰু কল্যাণ ক্ষেত্ৰত ২৯ অক্টোবৰ ২০১৮ তাৰিখে স্বাক্ষৰিত হোৱা সহযোগিতাৰ বুজাবুজি চুক্তিপত্ৰত (এমঅচি)অনুমোদন প্ৰদান কৰিছে৷

এই এমঅচিত নিম্মোক্ত ক্ষেত্ৰসমূহসমূহ সামৰি লোৱা হৈছেঃ

() নিৰ্দিষ্ট কিছুমান প্ৰকল্পৰ উত্তৰণঃ

. জটিল ঔষধ, অস্ত্ৰোপচাৰ আৰু ট্ৰমা যত্ন আৰু প্ৰতিটো ক্ষেত্ৰৰ নতুন প্ৰত্যহ্বানমূলক ক্ষেত্ৰত মানৱ সম্পদৰ বিকাশ;

. ক্লিনিকেল পৰীক্ষাৰ বাবে অত্যাধুনিক যৌথ পৰীক্ষা গৱেষণাগাৰৰ স্থাপন;

. প্ৰশিক্ষাৰ্থী শুশ্ৰূষা কৰ্মীৰ বাবে জাপানীজ ভাষা শিক্ষা কেন্দ্ৰৰ স্থাপন;

. এইউএমএছৰ দৰে দুয়োখন দেশত তৃতীয় পক্ষৰ সেৱা কেন্দ্ৰ স্থাপনত সহযোগিতা স্থাপন; আৰু

. জ্যেষ্ঠ নাগৰিকৰ শুশ্ৰূষাৰ বাবে প্ৰযুক্তিগত প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে সংস্থাসমূহক প্ৰাক্বক্তৃতা প্ৰদানৰ অৰ্থে জাপানৰ স্বীকৃতপ্ৰাপ্ত শুশ্ৰূষা কৰ্মীক জাপানৰ আমন্ত্ৰণ আৰু জাপানৰ প্ৰশিক্ষণ প্ৰদান কৰাসকলক দিয়া অনুসৰি পাঠ্যপুথি প্ৰদান৷

() আন্তঃগাঁথনিৰ বিকাশঃ

. কেন্দ্ৰীয় ব্যৱস্থাপনা স্বাস্থ্যসেৱা বিতৰণ কেন্দ্ৰৰ স্থাপন;

. স্বাস্থ্যসন্মত ব্যয়সাধ্য শৌচাগাৰৰ ব্যৱহাৰৰ বৃদ্ধিৰ দ্বাৰা অনাময় পৰিবেশৰ উত্তৰণ;

. ৰোগীৰ তথ্য বিশ্লেষণ আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তি তথা ঔষধত কৃত্ৰিম বুদ্ধিমত্তা আদিৰ দ্বাৰা আনুষ্ঠানিক সহযোগিতাৰ উত্তৰণ;

. ভাৰতত ভাৰতজাপান উদ্ভাৱন কেন্দ্ৰ;

. ভাৰতত হাই এণ্ড বাইল বিএছএল গৱেষণাগাৰৰ সুবিধা স্থাপন; আৰু

. ‘‘মেক ইন ইণ্ডিয়া’’ অধীনত নিৰ্মাণ খণ্ড স্থাপনৰ বিশেষ লক্ষ্য নিৰ্ধাৰণৰ দ্বাৰা পইণ্ট অব্ কেয়াৰ চিকিৎসাসহিতে হাই এণ্ড চিকিৎসা সঁজুলি লাভৰ সহযোগিতা৷

() মানৱ বিকাশঃ

. মিবায়আৰু আয়ুৰ্বেদৰ দৰে স্বাস্থ্যস্বব্যৱস্থাপনাৰ উত্তৰণৰ বাবে মানৱ সম্পদ, গৱেষণা আৰু প্ৰকল্পৰ উত্তৰণ; আৰু

. ভাৰতজাপান ৰাজহুৱা আৰু ব্যক্তিগত স্বাস্থ্যসেৱা মঞ্চৰ স্থাপন৷

()  আয়ুষ্মান ভাৰত কাৰ্যসূচী আৰু অন্যান্য পদক্ষেপ তথা এএইচডব্লিউএম আদিৰ দৰে ক্ষেত্ৰত সহযোগিতা উত্তৰণৰ বাবে পাৰস্পৰিকভাৱে লোৱা সিদ্ধান্ত গ্ৰহণ; আৰু

() এমঅচিৰ অধীনত পৰিকল্পিত সহযোগিতাৰ ক্ষেত্ৰৰ উত্তৰণৰ বাবে পাৰস্পৰিকভাৱে লোৱা সিদ্ধান্ত গ্ৰহণ৷

এই এমঅচিৰ প্ৰণয়ন নিৰীক্ষণৰ বাবে তথা সহযোগিতাৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰণৰ বাবে উচ্চ পৰ্যায়ৰ পৰামৰ্শদায়ক প্ৰণালীৰ যৌথ সমিতি স্থাৰন কৰা ব৷

 

*****

AKSH/MANN