Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জৈৱপ্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত-কিউবা আৰু ভাৰত-কোৰিয়াৰ মাজত স্বাক্ষৰিত দুখন দ্বিপাক্ষিক বুজাবুজি চুক্তি সম্পৰ্কে অৱগত কৰিলে কেবিনেটক


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেট বৈঠকত জৈৱপ্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতকিউবা আৰু ভাৰতকোৰিয়াৰ মাজত স্বাক্ষৰিত দুখন দ্বিপাক্ষিক বুজাবুজি চুক্তি সম্পৰ্কে কেবিনেটক অৱগত কৰা হয়৷ এই বুজাবুজি চুক্তি দুখন ক্ৰমে ২০১৮ৰ ২২ জুনত কিউবাৰ হাভানা আৰু জুলাইত নতুন দিল্লীত স্বাক্ষৰ কৰা হয়৷ বিজ্ঞান আৰু প্ৰযু্ক্তিবিদ্যাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে দুয়ো দেশৰ যিবোৰ ক্ষেত্ৰত বিশেষজ্ঞ আছে, সেই ক্ষেত্ৰত ভাৰতে ক্ৰমে কিউবা আৰু কোৰিয়াৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷

মুখ্য প্ৰভাৱঃ

এই চুক্তিৰ ফলত ভাৰতকিউবা আৰু ভাৰতকোৰিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক, বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱন তথা এই ক্ষেত্রত কূটনৈতিক সম্পর্ক সুদৃঢ় কৰাটো সম্ভৱ ব৷ জৈৱপ্ৰযুক্তি শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ ক্ষেত্রত কৌশলগত পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰটো চুক্তিৰ অধীনত সহায় আগবঢ়াব৷ ইয়াৰ সমান্তৰালভাৱে বছৰলৈকে জীৱ বিজ্ঞান আৰু সংশ্লিষ্ট ক্ষেত্ৰত ৫০গৰাকী স্নাতকোত্তৰ আৰু গৱেষনাৰ কামত নিযুক্ত ছাত্ৰছাত্রীৰ কর্মসংস্থাপনৰো ব্যৱস্থা কৰাটো সম্ভৱ

পটভূমিঃ

ভাৰতকিউবা সহযোগিতা

২০১৮ৰ ২২জুনত কিউবাৰ হাভানাত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ ভ্ৰমণকালত ভাৰত আৰু কিউবা জৈৱপ্ৰযুক্তিৰ ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ বাবে এই দ্বিপাক্ষিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে৷ কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় আৰু কিউবাৰ বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ মন্ত্ৰালয়ৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়৷

ভাৰতকোৰিয়া সহযোগিতা

ইফালে, ভাৰত আৰু কোৰিয়াৰ মাজতো সংশ্লিষ্ট ক্ষেত্ৰত একে ধৰণৰ চুক্তি স্বাক্ষৰ কৰা হয়৷ ইয়াৰ দ্বাৰা জৈৱপ্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্রত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি পোৱাৰ লগতে দ্বিপাক্ষিক বিনিয়োগ আৰু উদ্যোগ গৱেষনামূলক কামকাজো বৃদ্ধি পাব৷

*****

AKT/SH/DB