Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম বাৰ্ষিকী উপলক্ষে স্বামী বিবেকানন্দক স্মৰণ প্ৰধানমন্ত্ৰীৰ


জন্ম বাৰ্ষিকী উপলক্ষে স্বামী বিবেকানন্দক স্মৰণ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে স্বামী বিবেকানন্দক স্মৰণ কৰে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “উঠা, জাগা আৰু লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে নৰ’বা৷ পূজ্য স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষকীত এই শক্তিশালী বাণী সাৰোগত কৰাৰ লগতে তেওঁৰ সমৃদ্ধিশালী চিন্তাধাৰাক স্মৰণ কৰিছো৷ তেওঁ সেৱা আৰু আত্মত্যাগৰ আদৰ্শত গুৰুত্ব দিছিল৷ তেওঁ যুৱশক্তিৰ ওপৰত অটল বিশ্বাস ৰাখিছিল৷

স্বামী বিবেকানন্দৰ চিন্তাধাৰা আৰু আদৰ্শই কোটি কোটি ভাৰতীয়ক, বিশেষকৈ আমাৰ যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে শক্তি যোগায়৷ তেওঁৰ পৰা অনুপ্ৰাণিত হৈ আমি এনে এখন ভাৰত গঢ়াৰ চিন্তা কৰিছো, যিখন সুদৃঢ়, স্পন্দনশীল, অন্তৰ্ভুক্তিমূলক তথা এনে এখন ভাৰত, যিখনে বহু দিশত নেতৃত্ব দিব পাৰে৷”

***

AKT/VJ/VK/DB

​​