Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰত-মাৰ্কিন কৌশলগত সহযোগিতা মঞ্চৰ অধ্যক্ষ শ্ৰীযুত জন চেম্বাৰছৰ


ভাৰত-মাৰ্কিন কৌশলগত সহযোগিতা মঞ্চৰ অধ্যক্ষ শ্ৰীযুত জন চেম্বাৰছে আজি গান্ধীনগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ পূৰ্ব বৈঠকৰ কথা দোঁহৰাৰ লগতে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিত আদৰণি জনায়৷ তেওঁ ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত কেতবোৰ দিশত সম্পৰ্কৰ উন্নতি আৰু কৌশলগত সহযোগিতা শক্তিশালী হোৱাৰ কথাও উল্লেখ কৰে৷ তেওঁ ভাৰতৰ নিৰ্মাণ খণ্ডত বৃহত্তৰ আমেৰিকাৰ বিনিয়োগক আদৰণি জনায় আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোম্পানীসমূহক মেক-ইন-ইণ্ডিয়াৰ সূযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

***

AKT/VJ/SBP/DB