পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷
লাভালাভঃ
খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ জৰিয়তে দুয়োখন দেশৰ খাদ্য প্ৰস্তুতকৰণ খণ্ডত পৰস্পৰে উপকৃত হ’ব৷ ইয়াৰ দ্বাৰা দুয়োখন দেশত খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত উন্নত অনুশীলনক লৈ মত বিনিময়ৰ লগতে সমতা আৰু অন্তৰ্ভূক্তিমূলক দিশ বজাই ৰাখিব পৰাকৈ বজাৰো উন্নত হ’ব৷ এই সহযোগিতামূলক বুজাবুজি চুক্তিয়ে উদ্ভাৱনীমূলক প্ৰযুক্তি আৰু প্ৰক্ৰিয়াৰ জৰিয়তে খাদ্য প্ৰস্তুতকৰণ খণ্ডৰ বিকাশ ঘটাব৷ ই উন্নত অনুশীলন আৰু উন্নত বজাৰ লাভেৰে দেশত খাদ্য প্ৰস্তুতকৰণ উদ্যোগ বৃদ্ধিত সহায় কৰিব৷
***
AKT/SH/DB