পি এম ইণ্ডিয়া
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি হাজিৰাত এল এণ্ড টি আর্মার্ড ছিষ্টেমছ কমপ্লেক্স দেশবাসীৰ নামত উচৰ্গা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কমপ্লেক্সটো পৰিদর্শন কৰাৰ লগতে এই প্ৰকল্পৰ মূল উদ্ভাৱনী চিন্তা-ভাৱনা সম্বন্ধে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে। প্ৰধানমন্ত্রীয়ে নৱছাৰিত নিৰালি কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰতিষ্ঠানে অঞ্চলটোৰ সাধাৰণ জনতাক কৰ্কট ৰোগ প্ৰতিৰোধ আৰু আৰোগ্য লাভৰ লক্ষ্যৰে চিকিৎসা সেৱা আগবঢ়াব৷
প্ৰধানমন্ত্রীয়ে তেওঁৰ তিনদিনীয়া ভ্ৰমণসূচীৰ অন্তৰ্গত গুজৰাট ভ্ৰমণ সামৰি ছিলভাছা আৰু মুম্বাই ভ্ৰমণ কৰিব।
প্ৰধানমন্ত্রীয়ে গুজৰাট ভ্ৰমণৰ প্ৰথম দিনা ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ আৰম্ভণিতে ধ্বজাবাহী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদর্শনীৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আমেদাবাদত অত্যাধুনিক, অতি বিশিষ্ট সেৱাৰে সমৃদ্ধ চর্দাৰ বল্লবভাই পেটেল চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত তেওঁ কয় যে সকলোৰে বাবে সমান সা-সুবিধাৰ প্ৰতিশ্রুতি পালন কৰাৰ লগতে ‘সবকা সাথ, সবকা বিকাশ’ৰ জৰিয়তে উন্নত মানৰ নতুন ভাৰত গঢ় লৈ উঠিব।
সবৰমতীৰ পাৰত প্ৰধানমন্ত্রীৰ দ্বাৰা উদ্বোধন কৰা আমেদাবাদ শ্বপিং ফেষ্টিভেল-২০১৯ও আন এক আকর্ষণীয় বিষয় আছিল। এই উপলক্ষে উদ্বোধনী ভাষণত তেওঁ কয় যে চৰকাৰে সদায় দেশত বাণিজ্য অনুকূল পৰিৱেশ গঢ়ি তোলাৰ দিশত কাম কৰি আহিছে।
প্ৰধানমন্ত্রীৰ গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা তিনিদিনীয়া কাৰ্যসুচীৰ ভাইব্ৰেণ্ট গুজৰাট সন্মিলন, ২০১৯ৰ শুভাৰম্ভ হয়। প্ৰধানমন্ত্রী মোদীয়ে গান্ধীনগৰৰ মহাত্মা মন্দিৰ প্ৰদর্শনী আৰু কনভেনচন চেণ্টাৰত সন্মিলনৰ নৱম সংস্কৰণ উদ্বোধন কৰে। অনুষ্ঠানত সমবেত জনতাক উদ্দেশ্যি আগবঢ়োৱা ভাষণত তেওঁ কয় যে ভাৰতৰ সৈতে ব্যৱসায় কৰাৰ সুযোগ এক ডাঙৰ সৌভাগ্য।
ইফালে, ভাৰত ভ্ৰমণলৈ অহা উজবেকিস্তানৰ ৰাষ্ট্ৰপতি ছাৱকট মিৰ্জিয়োয়েভ, চেক গণৰাজ্যৰ প্ৰধানমন্ত্রী শ্ৰীযুত আন্দ্রেজ বাবিজ, মালটাৰ প্ৰধানমন্ত্রী ড০ যোশেফ মাছকাট আৰু ডেনমার্কৰ প্ৰধানমন্ত্রী শ্ৰীযুত লাৰ্ছ লোক্কে ৰাছমুছেনৰ সৈতে ১৮ জানুৱাৰীত দ্বিপাক্ষিক আলোচনাত মিলিত হয় প্ৰধানমন্ত্রী মোদী। ইয়াৰ পাছত গুজৰাটৰ গান্ধীনগৰত দাণ্ডি কুটিৰত থ্রি-ডি লেজাৰ শ্ব’ প্ৰদর্শিত হয়।
ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ লগত সংগতি ৰাখি উদ্যোগপতিসকলে এলানি বিনিয়োগ প্ৰকল্পৰ সন্দৰ্ভত ঘোষণা কৰে৷
***
AKT/KP/DB
Checking out the tanks at L&T’s Armoured Systems Complex in Hazira. pic.twitter.com/zf7wRrbX7Y
— Narendra Modi (@narendramodi) January 19, 2019
I congratulate the entire team of Larsen & Toubro for building the state-of-the-art K-9 Vajra Self Propelled Howitzer.
— Narendra Modi (@narendramodi) January 19, 2019
This is a significant contribution towards India’s defence sector and protecting the country. pic.twitter.com/9YLRjHYdFE
Had the privilege of inaugurating the Larsen and Toubro Armoured Systems Complex in Hazira, Gujarat.
— Narendra Modi (@narendramodi) January 19, 2019
Boosting ‘Make in India’ in the defence sector is our endeavour. I am glad that the private sector too is supporting this pursuit and making a valuable contribution. pic.twitter.com/2zJynr5aCw