পি এম ইণ্ডিয়া
৩ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰীয়ে জম্মু, শ্ৰীনগৰ আৰু লেহ ভ্ৰমণ কৰিব৷ তাতে তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি/আধাৰশিলা স্থাপন কৰিব৷ তাৰোপৰি তেওঁ শ্ৰীনগৰৰ ডাল হ্ৰদো পৰিদৰ্শন কৰিব৷
বিজয়পুৰ আৰু আৱান্তিপৰাত প্ৰধানমন্ত্ৰীয়ে নতুন এইমছৰ আধাৰশিলা স্থাপন কৰিব৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে এই দুয়োখন নতুন এইমছৰ বাবে অনুমোদন প্ৰদান কৰিছিল৷ এই নতুন এইমছ দুখনৰ জৰিয়তে অঞ্চলটোৰ স্বাস্থ্যসেৱা তথা স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ব৷
প্ৰধানমন্ত্ৰীয়ে জম্মুত ইণ্ডিয়ান ইন্সটিটিউট অব্ মাছ কমিউনিকেচনৰ উত্তৰ মাণ্ডলিক কেন্দ্ৰীয় কেম্পাছ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব৷
প্ৰধানমন্ত্ৰীয়ে লাডাখত লাডাখ বিশ্ববিদ্যালয় মুকলি কৰিব৷ এই বিশ্ববিদ্যালয় ইউনিভাৰ্ছিটী অব্ লাডাখ আইন, ২০১৮ৰ অধীনত স্থাপন কৰা হৈছে৷ লেহ, কাৰ্গিল, নুব্ৰা, জাংস্কাৰ, ড্ৰাছ আৰু খালটছি অঞ্চলৰ স্নাতক মহাবিদ্যালয়সমূহৰ বাবে এই বিশ্ববিদ্যালয়খন ক্লাষ্টাৰ বিশ্ববিদ্যালয় হিচাপে পৰিচিত হ’ব৷ লেহ আৰু কাৰ্গিলত বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কাৰ্যালয় মুকলি কৰা হ’ব৷
ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (আৰইউএছএ)ৰ অধীনত বিভিন্ন প্ৰকল্পও মুকলি কৰিব৷ প্ৰধানমন্ত্ৰীয়ে চুইছ টিপি ফলক মুকলি কৰিবলগীয়া প্ৰকল্পসমূহ হ’লঃ
৫৪খন নতুন মডেল ডিগ্ৰী মহাবিদ্যালয়, ১১খন পেছাগত মহাবিদ্যালয় আৰু ১খন মহিলা বিশ্ববিদ্যালয়ৰ আধাৰশিলা৷
১৬খন মডেল ডিগ্ৰী মহাবিদ্যালয়স ৬৬খন উদ্যমিতা, উদ্ভাৱন আৰু কেৰিয়াৰ হাবৰ মুকলি৷
জম্মু আৰু কাশ্মীৰ, কিস্তৱাৰ, কুপৱাৰা আৰু বাৰামুল্লাত ৩খন মডেল ডিগ্ৰী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন৷
জম্মু বিশ্ববিদ্যালয়ত উদ্যমিতা, উদ্ভাৱন আৰু কেৰিয়াৰ হাবৰ আধাৰশিলা স্থাপন৷
কাথুৱাৰ ইউনিভাৰ্ছিটী ইন্সটিটিউট অব্ ইঞ্জিনিয়াৰীং এণ্ড টেকন’লজী প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ উচৰ্গা কৰিব৷ ইয়াৰ পিছত তেওঁ কাশ্মীৰ উপত্যকাত কাশ্মীৰি প্ৰবাসী কৰ্মচাৰীসকলৰ বাবে ট্ৰেনজিট ব্যৱস্থা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে সৌভাগ্য যোজনাৰ অধীনত জম্মু আৰু কাশ্মীৰক ১০০ শতাংশ বৈদ্যুতিকীকৰণ ৰাজ্য হিচাপে ঘোষণা কৰিব৷
প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰৰ কিস্তৱাৰত ৬২৪ মেগাৱাট কিৰু হাইড্ৰ’ইলেক্ট্ৰিক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব৷ এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত বাৰ্ষিক ২২৭২ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব৷
প্ৰধানমন্ত্ৰীয়ে ৯ মেগাৱাট ডাহ হাইড্ৰ’ইলেক্ট্ৰিক প্ৰকল্প মুকলি কৰিব৷ ইয়াৰোপৰি ২২০ কেভি শ্ৰীনগৰ–আলুষ্টেং–ড্ৰাছ–কাৰ্গিল–লেহ সংবহন ব্যৱস্থাও প্ৰধানমন্ত্ৰী দেশবাসীলৈ উচৰ্গা কৰিব৷ এই অভিনৱ প্ৰকল্পৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত স্থাপন কৰিছিল৷ ৪০০ কেভিৰ ডি/চি জলন্ধৰ–ছাম্বা–ৰাজৌৰি–ছ’পিয়ান–অমৰগড় (সাপোড়ে)ৰ সংবহন পথ প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ উচৰ্গা কৰিব৷
প্ৰধানমন্ত্ৰীয়ে সাজৱালত চেনাব নদীৰ ওপৰত ১৬৪০ মিটাৰৰ দ্বৈত পথৰ দলঙৰ আধাৰশিলা স্থাপন কৰিব৷ এই দলং সম্পূৰ্ণ হোৱাৰ ফলত সাজৱাল আৰু ইন্দ্ৰি পাট্টিয়ানৰ দূৰত্ব পূৰ্ব ৪৭ কিলোমিটাৰৰ স্থানত ৫ কিলোমিটাৰলৈ হ্ৰাস হ’ব৷
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নদী সংৰক্ষণ পৰিকল্পনা (এনআৰচিপি)ৰ অধীনত দেৱিকা নদী আৰু টাৱিৰ প্ৰদুষণ হ্ৰাস কৰাৰ বাবে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷
লেহত প্ৰধানমন্ত্ৰীয়ে কুশ্বক বাকুলা ৰিমপ’চী (কেবিআৰ) বিমানবন্দৰৰ নতুন টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী লাডাখত নতুন পৰ্যটক আৰু ট্ৰেকিং পথো মুকলি কৰিব৷ ইয়াৰ জৰিয়তে পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে দাঁতি–কাষৰীয়া গাঁওসমূহৰ জীৱিকাৰ সম্বলো সৃষ্টি হ’ব৷
প্ৰধানমন্ত্ৰীয়ে বান্দিপুৰাৰ গ্ৰামীণ বিপিঅ’ৰ সুবিধা মুকলি কৰিব৷ ইয়াৰ দ্বাৰা বান্দিপুৰা আৰু নিকটৱৰ্তী জিলাসমূহত নিয়োজন বৃদ্ধি পাব৷ আনহাতে চেহপুৰা, গান্দেৰবলত প্ৰধানমন্ত্ৰীয়ে ইনডোৰ ক্ৰীড়া সুবিধা মুকলি কৰিব৷
শ্ৰীনগৰত প্ৰধানমন্ত্ৰীয়ে অসম, গুজৰাট, হাৰিয়ানা, উৰিষ্যা, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিব৷ নতুনকৈ নিৰ্বাচিত হোৱা পঞ্চায়তৰ সদস্যসকলৰ সৈতে তেওঁ আলোচনাত মিলিত হ’ব৷
ইয়াৰ পূৰ্বে ১৯ মে’ ২০১৮ তাৰিখে প্ৰধানমন্ত্ৰীয়ে জম্মু, শ্ৰীনগৰ আৰু লেহ ভ্ৰমণ কৰিছিল আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল৷
***
AKT/AK/MANN