Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ প্ৰধানমন্ত্ৰীৰ অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটক ভ্ৰমণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অন্ধ্ৰ প্ৰদেশৰ গান্টুৰ, তামিলনাডুৰ তিৰুপুৰ আৰু কৰ্ণাটকৰ হুবলি ভ্ৰমণ কৰিব৷ এই তিনিওখন ৰাজ্যতে তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

অন্ধ্ৰ প্ৰদেশত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ যাত্ৰাকালৰ প্ৰথমটো গন্তব্যস্থান হব অন্ধ্ৰ প্ৰদেশৰ গাণ্টুৰ যত তেওঁ য়েটুকাৰ বাইপাছত বিভিন্ন প্ৰকল্প মুকলি কৰিব৷

দেশৰ শক্তি নিৰাপত্তাক সৱলীকৰণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় কৌশলগত পেট্ৰলিয়াম সংৰক্ষণ লিমিটেড (আইএছপিআৰএল)ৰ ১.৩৩ মেট্ৰিকটন বিশাখাপট্টনম কৌশলগত পেট্ৰলিয়াম সংৰক্ষণ (এছপিআৰ)ৰ সুবিধা দেশবাসীলৈ উচৰ্গা কৰিব৷

অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণাগোদাৱৰী সংগমত অৱস্থিত অএনজিচিৰ বশিষ্ঠ আৰু এছ১ উন্নয়নমূলক প্ৰকল্প প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব৷

তেওঁ কৃষ্ণপট্টনমত ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ (বিপিচিএল)ৰ নতুন টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব৷

এই প্ৰকল্পসমূহৰ দ্বাৰা অন্ধ্ৰ প্ৰদেশ আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত গেছভিত্তিক উদ্যোগসমূহে অধিক সুবিধা লাভ কৰিব পাৰিব৷

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী তিৰুপুৰ আৰু তামিলনাডুলৈ ৰাওনা হব৷

 

তামিলনাডুত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুপুৰত পেৰুমানাল্লুৰ গাঁৱত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

তিৰুপুৰত তেওঁ ইএছআইচি চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব৷ ত্ৰিচী বিমানবন্দৰৰ নতুন সংবদ্ধ বিল্ডিং আৰু চেন্নাই বিমানবন্দৰৰ আধুনিকীকৰণৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব৷

তেওঁ চেন্নাইৰ ইএছআইচিৰ ৪৭০খন বিচনাযুক্ত চিকিৎসালয় ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰিব৷

এই উপলক্ষে বিপিচিএলৰ এন্নৰ বন্দৰীয় টাৰ্মিনেল ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰা হব৷

প্ৰধানমন্ত্ৰী মোদীয়ে চেন্নাই বন্দৰৰ পৰা চেন্নাই পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড (চিপিচিএল)ৰ মানালি শোধনাগাৰলৈ খাৰুৱা তেলৰ পাইপলাইনো মুকলি কৰিব৷ ইয়াৰ জৰিয়তে খাৰুৱা তেলৰ সুৰক্ষিত পৰিবহণ সম্ভৱ হব৷

প্ৰধানমন্ত্ৰীয়ে চেন্নাই মেট্ৰৰ অংশ এজিডিএমএছ মেট্ৰষ্টেচনৰ পৰা ৱাশ্বাৰমেনপেট মেট্ৰষ্টেচনলৈ যাত্ৰীবাহী সেৱা মুকলি কৰিব৷ এই ১০ কিলোমিটাৰ চেন্নাই মেট্ৰৰ পৰ্যায়১ৰ অংশ৷

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী কৰ্ণাটকৰ হুবলিলৈ ৰাওনা হব৷

কৰ্ণাটকত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ যাত্ৰাৰ অন্তিম পৰ্যায়ত তেওঁ কৰ্ণাটকৰ হুবলিলৈ যাব৷ তেওঁ হুবলিৰ গাব্বুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে আইআইটি ধাৰৱাড় আৰু আইআইআইটিধাৰৱাড়ৰ আধাৰশিলা স্থাপন কৰিব৷

এই উপলক্ষে ধাৰৱাড়ৰ চিটী গেছ বিতৰণ প্ৰকল্প ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰা হব৷ চৰকাৰে সমগ্ৰ দেশতে স্বচ্ছ ইন্ধনৰ উপলব্ধতা সহজলভ্য কৰি তোলাৰ বাবে চিটী গেছ বিতৰণ (চিজিডি)ৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাত গুৰুত্ব প্ৰদান কৰিছে৷

দেশৰ শক্তি নিৰাপত্তাক সৱলীকৰণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় কৌশলগত পেট্ৰলিয়াম সংৰক্ষণ লিমিটেড (আইএছপিআৰএল)ৰ ১.৫ মেট্ৰিকটন মাংগালোৰ কৌশলগত পেট্ৰলিয়াম সংৰক্ষণ (এছপিআৰ) আৰু ২.৫ মেট্ৰিকটন পাডুৰ এছপিআৰৰ সুবিধা দেশবাসীলৈ উচৰ্গা কৰিব৷

১৮ কিলোমিটাৰ দৈৰ্ঘৰ চিকজাজুৰমায়াকণ্ডা অংশৰ দ্বৈতকৰণ আন এক উল্লেখযোগ্য প্ৰকল্প হিচাপে বিবেচিত হৈছে৷ এই অংশটো ১৯০ কিলোমিটাৰ দৈৰ্ঘৰ হুবলিচিকজাজুৰ দ্বৈতকৰণ প্ৰকল্পৰ অংশ আৰু ই দক্ষিণ পশ্চিম ৰেলৱেৰ বেংগালুৰুহুব্বালিত অৱস্থিত৷

প্ৰধানমন্ত্ৰীয়ে ৩৪৬ কিলোমিটাৰ দৈৰ্ঘৰ হছপেটহুবলিভাস্কডা গামা পথৰ বৈদ্যুতিকীকৰণৰো মুকলি কৰিব৷

তাৰোপৰি সকলোৰে বাবে গৃহ প্ৰতিশ্ৰুতিৰ উদ্দেশ্য সাধনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধাৰৱাড়ত পিএমএৱাই (ইউ)ৰ অধীনত নিৰ্মিত ২৩৮৪টা গৃহৰ ইগৃহ প্ৰৱেশৰো সাক্ষী হৈ ৰব৷

*****

AKT/AK/KP/MANN