Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ প্ৰধানমন্ত্ৰীয়ে চিআৰইডিএআই ইয়ুথকন-১৯ত ভাষণ প্ৰদান কৰিব


১৩ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ তালকাতৰা ষ্টেডিয়ামত চিআৰইডিএআই ইয়ুথকন-১৯ত ভাষণ প্ৰদান কৰিব৷ এই অনুষ্ঠান আয়োজিত কৰা হৈছে কনফেডাৰেচন অব্ ৰিয়েল ইষ্টেট ডেভেলপাৰ্ছ এছ’চিয়েচন অব্ ইণ্ডিয়া (চিআৰইডিএআই)ৰ দ্বাৰা৷

প্ৰধানমন্ত্ৰীয়ে চিআৰইডিএআইৰ দ্বাৰা আয়োজিত প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰিব৷

চিআৰইডিএআইৰ বাৰ্ষিক যুৱ সন্মিলনত ইয়ুথকনত ভাৰতৰ ৰিয়েল ইষ্টেট খণ্ডৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰা হয়৷

১৯৯৯ চনত স্থাপিত হোৱা চিআৰইডিএআইয়ে ভাৰতৰ প্ৰায় ২০০খন চহৰৰ ৰিয়েল ইষ্টেট নিৰ্মাতাক প্ৰতিনিধিত্ব কৰে৷

 

***** 

AKT/KP/MANN