পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নয়ডাত পেট্ৰ’টেক ২০১৯ সন্মিলনত নিম্নোলিখিত ভাষণ আগবঢ়াইছে। (প্ৰধানমন্ত্ৰীৰ ইংৰাজী ভাষণৰ অসমীয়া ৰূপান্তৰ)
নমস্তে,
পৰিবহনৰ সমস্যাৰ বাবে ইয়ালৈ আহি পাওতে কিছু বিলম্ব হৈছে, তাৰ বাবে আপোনালোক সকলোৰে ওচৰত মার্জনা বিচাৰিছো।
মই আপোনালোক সকলোকে ভাৰতৰ ত্রয়োদশ হাইড্র’কার্বন সন্মিলন, পেট্ৰ’টেক ২০১৯- লৈ স্বাগতম জনাবলৈ পাই আনন্দিত হৈছো।
আমি মাননীয় ডঃ চুলতান আল জাবিৰক শক্তিখণ্ডত তেখেতৰ অৱদান আৰু ভৱিষ্যত বিষয়ে তেওঁৰ দৃষ্টিভঙ্গীৰ বাবে অভিনন্দন জনাইছো।
মই মোৰ দেশত নাগৰিকসকলৰ বাবে সুলভ নিকা আৰু নিশ্চিত বিদ্যুৎ শক্তিৰ সৰবৰাহ কৰিবলৈ বিচাৰো।
এই ক্ষেত্রত এই সন্মিলনত উপস্থিত হোৱা ৬০ ৰো অধিক দেশৰ ৭ হাজাৰ প্রতিনিধিৰ উপস্থিতত আমাৰ একক লক্ষ্য আৰু অনুসন্ধিৎসাৰ প্রতিফলন ঘটিছে।
জীৱনকালত ভালেমান দেশ ভ্ৰমণ কৰাৰ মাজেৰে আমি বুজিব পাৰিছো যে শক্তিয়েই হৈছে আর্থ-সামাজিক বিকাশৰ প্রধান চালিকা শক্তি। অর্থনীতিৰ দ্রুত বিকাশৰ বাবে প্রয়োজন হৈছে, যথাযথ মূল্যত স্থিতিশীল আৰু সুষম শক্তিৰ সৰবৰাহ। ইয়াৰ উপৰিও সমাজৰ দৰিদ্র আৰু বঞ্চিত শ্রেণীৰ বাবে অর্থনৈতিক সুবিধা প্রদানৰ ক্ষেত্রতো শক্তিৰ সহায়ক ভুমিকা আছে।
আন অর্থত শক্তিখণ্ড হৈছে বিকাশৰ বাবে এক গুৰুত্বপূর্ণ আৰু প্রধান বিষয়।
বন্ধুসকল,
আজি যেতিয়া মই ইয়াত বিশ্বৰ শক্তিখণ্ডৰ বর্তমান আৰু ভৱিষ্যৎ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে সমবেত হৈছো, সেইসময়ত বিশ্বৰ শক্তিখণ্ডত ব্যাপক পৰিৱৰ্তনৰ জোৱাৰ উঠিছে।
শক্তিৰ সৰবৰাহ, শক্তিৰ উৎসসমূহ আৰু শক্তিৰ ব্যৱহাৰৰ ধৰণ সলনি হৈছে। হয়তো এক ঐতিহাসিক উত্তৰণৰ অঙ্গ হিচাপেই এয়া ঘটিছে।
শক্তি ব্যৱহাৰৰ ক্ষেত্রত সাম্প্ৰ্তিক সময়ৰ প্রৱণতাই পশ্চিমৰ ফালৰ পৰা পূৱলৈ ঢাল খাইছে।
শ্বেল বিপ্লৱৰ পিছত, মার্কিন যুক্তৰাষ্ট্র বিশ্বৰ বৃহত্তম তেল আৰু গেছ উৎপাদনকাৰী দেশত পৰিণত হৈছে।
সৌৰশক্তি আৰু অন্যান্য পুনঃর্নবীকৰণযোগ্য শক্তিৰ উৎসসমূহ বর্তমান আৰু অধিক প্রতিযোগিতামূলক হৈ উঠিছে। সেইবোৰ চিৰাচৰিত ধৰণৰ শক্তিৰ সুষম বিকল্প হ’বলৈ ধৰিছে।
প্রাকৃতিক গেছো বিশ্বৰ শক্তিখণ্ডত অন্যতম বৃহৎ উৎস হৈ উঠিছে।
কম মূল্যৰ পুনঃনবীকৰণযোগ্য শক্তি, প্রযুক্তি আৰু এইসমূহৰ ডিজিটেল প্রয়োগ যেন একত্রিত হ’বলৈ আগবাঢ়িছে, তাৰেই ইংগিত পোৱা গৈছে। দ্রুত তথা সুষম উন্নয়নৰ লক্ষ্য অর্জনৰ বাবে এই প্রৱণতা বিশেষ সহায়ক হ’ব পাৰে।
জলবায়ু পৰিৱর্তনৰ সমস্যাৰ মোকাবিলা কৰিবলৈ এতিয়া বিভিন্ন দেশ একগোট হৈছে। ভাৰত আৰু ফ্রান্সৰ উদ্যোগত আন্তর্জাতিক সৌৰজোটৰ দৰে বিশ্বব্যাপী অংশীদাৰীত্বৰ মাজেৰে ইয়াৰ প্রতিফলন ঘটিছে।
আমি এতিয়া আৰু বেছি শক্তি প্রাপ্তিযোগ্যতাৰ এটা যুগত প্রৱেশ কৰিছো।
বিশ্বত এতিয়াও ১০০ কোটিতকৈও অধিক লোকৰ ওচৰলৈ বিদ্যুতৰ সুবিধা যোৱাগৈ নাই। আনকি, দেশৰ বহু লোক এতিয়াও পৰিচ্ছন্ন ৰন্ধন ব্যৱস্থাৰ পৰা এতিয়াও বঞ্চিত হৈয়েই আছে। এতিয়া সকলোৱেই যেন ইয়াৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবৰ বাবে ভাৰতে অগ্ৰণী ভুমিকা পালন কৰিছে।
ভাৰতে সকলোৰে বাবে বিদ্যুৎ শক্তি লাভৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ নেতৃত্ব দিছে। আমাৰ সাফল্যৰ মাজেৰে মই পৃথিৱীৰ মানুহৰ শক্তিৰ চাহিদা পূৰণৰ আশা দেখিবলৈ পাইছো মই।
নিকা, সুলভ, অবিৰত আৰু সমানুপাতিক হাৰত শক্তি লাভ কৰাৰ অধিকাৰ সকলোৰেই আছে।
দেশে এতিয়া শক্তি সৰবৰাহৰ এক নতুন দিগন্তৰ দিশে আগবাঢ়িছে, এখন নতুন দেশত প্রৱেশ কৰিবলৈ ওলাইছে।
ভাৰত বর্তমান বিশ্বৰ দ্রুততম বিকাশশীল অর্থনীতিৰ দেশ। ২০৩০ চন পৰ্যন্ত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম অর্থনীতিৰ দেশ হৈ উঠিব, তাত কোনো সন্দেহেই নাই। তাৰ সমান্তৰালভাৱে বিদ্যুতৰ গ্ৰাহৰ দিশেৰেও ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম দেশ হৈ উঠিব। আইএমএফ আৰু বিশ্ব বেংকৰ দৰে আন্তর্জাতিক সংস্থাসমূহে অনুমান কৰিছে যে আগন্তুক বছৰবোৰত ভাৰতীয় অর্থনীতিৰ বিকাশৰ এই প্রৱণতা অক্ষুণ্ণ থাকিব।
বিশ্বৰ অস্থিৰ অর্থনৈতিক পৰিৱেশৰ মাজত ভাৰতে যেন বিশ্ব অর্থনীতিৰ ৰখীয়া হিচাপে এক সুস্থিৰ ভুমিকা পালন কৰিছে।
সম্প্রতি ভাৰত বিশ্বৰ ভিতৰতে ষষ্ঠ বৃহত্তম অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। ২০৩০ চন পৰ্যন্ত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম অর্থনীতিৰ দেশ হৈ উঠিব, তাত কোনো সন্দেহেই নাই।
আমি বর্তমান শক্তি ব্যৱহাৰৰ ক্ষেত্রত বিশ্বৰ ভিতৰত তৃতীয় বৃহত্তম স্থানত আছো। ইয়াৰ উপৰি, আমাৰ দেশত শক্তিৰ চাহিদা প্রতি বছৰে ৫ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।
দেশত শক্তিৰ চাহিদা ২০৪০ চনলৈ দ্বিগুণতকৈও অধিক হ’ব বুলি আশা কৰা হৈছে। এই পৰিপ্রেক্ষিততে, বিদ্যুৎ সংস্থাসমূহৰ বাবে ভাৰত এক লাভজনক বজাৰত পৰিণত হৈ উঠাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।
শক্তি পৰিকল্পনাৰ লক্ষ্যৰে আমি এক সুসংহত দৃষ্টিভঙ্গী গ্রহণ কৰিছো। ২০১৬-ৰ ডিছেম্বৰ মাহত অনুষ্ঠিত পেট্ৰ’টেক সন্মিলনৰ সময়ত মই ভাৰতৰ ভৱিষ্যৎ শক্তিখণ্ড প্ৰসঙ্গত চাৰিটা স্তম্ভৰ কথা উল্লেখ কৰিছিল। সেইকইটা স্তম্ভ আছিল ক্ৰমে দেশৰ সকলোকে বিদ্যুতৰ যোগান, শক্তিখণ্ডত দক্ষতা, সুস্থায়ী শক্তি উৎপাদন আৰু শক্তিখণ্ডৰ নিৰাপত্তা।
বন্ধুসকল,
শক্তিৰ ক্ষেত্রত সুবিচাৰ আমাৰ বাবে এক প্রধান লক্ষ্য আৰু ভাৰতৰ বাবে এয়া হৈছে শীর্ষস্থানীয় অগ্রাধিকাৰ। এই লক্ষ্যৰে আমি বহু নীতি গ্রহণ কৰিছো আৰু সেইবোৰ ৰূপায়ণো কৰিছো। এই নীতি ৰূপায়ণৰ সুফল এখন দেখা গৈছে।
আমাৰ দেশৰ আটাইবোৰ গ্রামাঞ্চললৈ বিদ্যুৎ সেৱা প্ৰেৰণ কৰা হৈছে।
এই বছৰেই আমি ভাৰতৰ প্ৰ্তিটো পৰিয়ালেই যাতে বিদ্যুৎৰ সুবিধাখিনি লাভ কৰে সেই লক্ষ্যলৈ আগবাঢ়িছো। সৌভাগ্য নামেৰে এক সুনির্দিষ্টি কাৰ্যসূচীৰ মাধ্যমেৰে আমি এই লক্ষ্য অর্জনৰ উদ্যোগ গ্রহণ কৰিছো।
যেতিয়া আমি আমাৰ শক্তি উৎপাদন বৃদ্ধি কৰিছো, তেতিয়াই সেয়া যাতে পৰিৱহন আৰু সৰবৰাহ ক্ষেত্রত নষ্ট নহয়, সেয়াও নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছো। উদয় নামেৰে আমাৰ এক কাৰ্যসূচীৰ অধীনত আমি এই লক্ষ্য অর্জনৰ দিশে আগুৱাই গৈছো।
সহজে বিদ্যুৎ লাভৰ ক্ষেত্রত বিশ্ব বেংকৰ তালিকাত ভাৰতৰ স্থান ২০১৪ চনত আছিল ১১১, ২০১৮ চনত এই স্থান ২৯ লৈ উত্তৰণ ঘটিছে।
উজ্বালা আঁছনিৰ অধীনত সমগ্ৰ দেশজুৰি এলইডি বাল্ব বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত প্রতি বছৰে ১৭ হাজাৰ কোটি টকা ৰাহি হৈছে, যিটো প্রায় ২৫০ কোটি মার্কিন ডলাৰৰ সমান।
মহিলা আৰু শিশুসকলক ধোঁৱাজনিত প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ পৰিচ্ছন্ন ৰন্ধন সামগ্ৰীয়ে বিশেষ গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। উজ্জ্বলা আঁচনি অধীনত মাত্র তিনি বছৰতে দেশৰ ৬.৪ কোটি পৰিয়াললৈ ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে। দেশত এতিয়া ‘নীল শিখা বিপ্লৱ’ ৰন্ধন গেছৰ সংযোগ পাঁচ বছৰ পূৰ্বে আছিল দেশৰ ৫৫ শতাংশ লোকৰ হাতত, পিছে এতিয়া সেই সংখ্যা বৃদ্ধি হৈ ৯০ শতাংশ হৈছেগৈ।
পৰিচ্ছন্ন পৰিৱহনৰ ব্যৱস্থাও পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি হৈছে। আমি ২০২০ চনৰ এপ্রিলৰ ভিতৰত যানবাহনৰ ক্ষেত্ৰত শক্তি ব্যৱহাৰৰ দিশেৰে আমাৰ দেশ বিএছ-৪ ৰ পৰা বিএছ-৬ লৈ উন্নীত হ’বপর্যায়ে উন্নীত হবে। ই আন্তর্জতিক ক্ষেত্রৰ ইউৰো-৬এৰ সমান।
১০০ শতাংশ বিদ্যুৎ সংযোগ আৰু বর্ধিত হাৰত ৰন্ধন গেছৰ সংযোগৰ দৰে লক্ষ্য অর্জনৰ কাম সম্ভৱ হৈছে। ইয়াৰ লগত অনবৰতে মানুহ জড়িত হৈ থকাৰ ফলতেই এয়া সম্ভৱপৰ হৈ উঠিছে। আমি শক্তিক্ষেত্রত স্বচ্ছতা আৰু প্রতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিবলৈ হাইড্র’কার্বন অনুসন্ধান আৰু লাইসেন্স নীতি গ্রহণ কৰিছো। ৰাজহ বিনিময়ৰ ক্ষেত্রতো নিলামত অংশগ্রহণৰ পদ্ধতি পৰিৱর্তন কৰা হৈছে। ইয়াৰ ফলত এই ক্ষেত্রত চৰকাৰৰ হস্তক্ষেপ লাভ কৰাটো সম্ভৱ হৈছে। অ’পেন একাৰেজ লাইছেন্সিং পলিচী আৰু নেশ্যনেল ডাটা ৰিপোজিটৰীৰ মাধ্যমেৰে ভাৰতত হাইড্র’কার্বন অনুসন্ধানৰ বাবে অধিক আগ্ৰহ প্ৰকাশ কৰিছে।
ইয়াৰ উপৰিও প্রাকৃতিক গেছৰ দামৰ ক্ষেত্রত সংস্কাৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে। বর্ধিত তেল উদ্ধাৰ নীতিৰ মাধ্যমেৰে একেবাৰে শেহতীয়া প্রযুক্তি ব্যৱহাৰ কৰি দেশৰ আগশাৰীৰ তৈলক্ষেত্রসমূহত উপাদন বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আমাৰ ডাউনষ্ট্ৰীম তৈলক্ষেত্রসমূহক সম্পূর্ণভাৱে উদাৰীকৰণ কৰা হৈছে। আন্তর্জাতিক ক্ষেত্রত অপৰিশোধিত খনিজ তেলৰ মূল্যৰ ওপৰত নির্ভৰ কৰে মুকলি বজাৰৰ চাহিদা অনুসৰি পেট্রে’ল আৰু ডিজেলৰ দৰ নিৰ্ধাৰণ কৰা হৈছে। সমগ্ৰ বিশ্বৰ ভিতৰতে অপৰিশোধিত খনিজ তেল শোধনৰ ক্ষেত্রত ভাৰতে চতুর্থ স্থান দখল কৰিছে। ২০৩০ চনৰ ভিতৰত এই তেল শোধন ক্ষমতা আৰু ২০ কোটি মেট্রিক টন বৃদ্ধি পাব।
যোৱা বছৰ এটা ৰাষ্ট্ৰীয় জৈৱ ইন্ধন নীতি কার্যকৰী কৰা হৈছে। দ্বিতীয় আৰু তৃতীয় প্রজন্মৰ জৈৱ ইন্ধনৰ বিষয়ে গৱেষনাতো উদগনি যোগোৱা হৈছে। দেশৰ ১১ খন ৰাজ্যত ১২টা দ্বিতীয় প্রজন্মৰ জৈৱ শোধনাগাৰ স্থাপন কৰা হৈছে। ইথানল মিশ্রন আৰু জৈৱ ডিজেল কাৰ্যসূচীৰ ফলতে কার্বন নির্গমন হ্ৰাস পাইছে আৰু ইয়াৰ ফলত কৃষকৰ আয়ো বৃদ্ধি পাইছে। আমাৰ অসামৰিক বিমান পৰিবহনৰ ক্ষেত্রতো জৈৱ বিমান ইন্ধনৰ ব্যৱহাৰ সফলতাৰে পৰীক্ষা কৰা হৈছে।
আমাৰ চৰকাৰ তেল আৰু গেছৰ সমগ্র মূল্য শৃংখলাটোতেই বেচৰকাৰী অংশগ্রহণক উৎসাহিত কৰিছে। ভাৰত এই ক্ষেত্রত প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ এক আকর্ষণীয় কেন্দ্র হৈ উঠিছে। ছৌডি এৰামকো, এডেনক, টোটেল, এক্সন-মোবিল, বিপি আৰু শ্বেলৰ দৰে কোম্পানীবোৰে আমাৰ দেশৰ তৈলক্ষেত্রত তেওঁলোকৰ সহযোগিতা বৃদ্ধি কৰিছে।
ভাৰতে গেছভিত্তিক অর্থনীতিত ক্ষীপ্ৰতাৰে অগ্রগতি লাভ কৰিছে। দেশত ১৬ হাজাৰ কিলোমিটাৰতকৈওঅিক গেছ পাইপ লাইন স্থাপন কৰা হৈছে। আনকি, আৰু ১১ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ গেছ পাইপ লাইন স্থাপনৰ কাম কাজো চলিছে। পূৱ ভাৰতত ৩ হাজাৰ ২০০ কিলোমিটাৰ দীঘল গেছ পাইপলাইনৰ কাম চলিছে। এই কাম সম্পূর্ণ হ’লে উত্তৰ-পূৱ ভাৰত ৰাষ্ট্ৰীয় গেছ গ্রীডৰ সৈতে সংযোজিত হ’ব।
আগন্তুক ১ মাহৰ ভিতৰত বিভিন্ন চহৰত গেছ সৰবৰাহৰ বাবে দশম পর্যায়ত ৪০০ খন জিলাত নিলাম প্রক্রিয়া শেষ কৰা হ’ব। ইয়াৰ ফলত, দেশৰ জনসংখ্যাৰ প্ৰায় ৭০ শতাংশ লোকেই নগৰকেন্দ্রিক গেছ আবন্টনৰ সুবিধা আহৰণ কৰিবলৈ সক্ষম হ’ব।
আমি চতুর্থ প্রজন্মৰ শিল্পৰ বাবে সৃষ্টি হৈছো। নতুন প্রযুক্তি আৰু কৃৎকৌশল ব্যৱহাৰৰ ফলত, শিল্প পৰিচালনৰ ধৰনটো সলনি হৈ পৰিব। আমাৰ কোম্পানীসমূহে তেওঁলোকৰ কর্মদক্ষতা, নিৰাপত্তা বৃদধি কৰা আৰু উৎপাদন ব্যয় হ্ৰাস কৰাৰ বাবে অত্যাধুনিক প্রযুক্তি গ্রহণ কৰিছে। খুচুৰা ব্যৱসায়, তেল আৰু গেছ উৎপাদন, সম্পদ পৰিচালনা আৰু দূৰসংযোগ ক্ষেত্রত এই প্রযুক্তি ব্যৱহাৰ কৰা হৈছে।
সাম্প্রতিক বছৰসমূহত আমি আন্তর্জাতিক শক্তিসংস্থা আৰু অ’পেকৰ দৰে সংগঠনৰ সৈতে যোগাযোগ আৰু অধিক বৃদ্ধি কৰিছো। ২০১৬ চনৰ পৰা ২০১৮ পর্যন্ত আমি আন্তর্জাতিক শক্তি মঞ্চৰ অধ্যক্ষ আছিলো। দ্বিপাক্ষিক পর্যায়ত বিনিয়োগৰ মাধ্যমেৰে আমি আমাৰ ক্রেতা-বিক্রেতাৰ পুৰণি পৰম্পৰাগত ধৰনৰ যোগাযোগক কৌশলগত অংশীদাৰীত্বলৈ পৰিৱৰ্তিত কৰিছো। নেপাল, বাংলাদেশ, শ্রীলংকা, ভুটান আৰু ম্যানমাৰৰ দৰে দেশসমূহৰ সৈতে শক্তিক্ষেত্রত যোগাযোগ বৃদ্ধি কৰি আমি আমাৰ ‘প্রতিৱেশী প্রথম’ নীতি ৰূপায়ণ কৰিছো।
তেল আৰু গেছ ক্ষেত্রত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মই নিয়মিত যোগাযোগ ৰক্ষা কৰি আহিছো। বিশ্বৰ নেতৃবৃন্দ আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আমাৰ আলোচনাত আমি প্ৰায়বোৰ কথা উল্লেখ কৰিছো আৰু কৈছো, তেল আৰু গেছ কেৱলমাত্র পণ্য বাণিজ্য নহয়, ই এক প্রয়োজনো। সাধাৰণ লোকৰ ৰান্ধনিশালৰ বাবেই হওঁক অথবা বিমানৰ বাবেই হওঁক, আটাইবোৰ ক্ষেত্ৰতেই শক্তি বিশেষভাৱে প্রয়োজনীয়।
বহুদিন ধৰি অপৰিশোধিত তেলৰ দামক লৈ সমগ্ৰ বিশ্ব অনিশ্চয়তাৰ মাজত থাকিবলগীয়া হৈছিল। আমি দায়িত্বশীল মূল্য নির্ধাৰণ ব্যৱস্থাৰ দিশে আগুৱাব লাগিব। উৎপাদক আৰু গ্রাহক উভয়ৰ স্বার্থৰ মাজত ভাৰসাম্য আনিব লাগিব। তেল আৰু গেছৰ বজাৰৰ ক্ষেত্রত আমি আৰু অধিক স্বচ্ছ আৰু স্থিতিস্থাপক দৃষ্টিভঙ্গী গ্রহণ কৰিব লাগিব। কেৱল তাৰ মাধ্যমেৰেই আমি মানৱজাতিৰ শক্তিৰ প্রয়োজনীয়তা যথাযথভাৱে পূৰণ কৰিব পাৰিম।
আন এক প্রধান বিষয় হৈছে, জলবায়ু পৰিৱর্তনক লৈ পৃথিৱীৰ সকলোৱেই ঐক্যবদ্ধ হোৱা। সকলোৱেই মিলি একগোট হ’লেহে আনি পেৰিছ CoP ২১ সন্মিলনত গৃহীত লক্ষ্যমাত্রা অর্জন কৰিব পাৰিব। ভাৰতে এই লক্ষ্য অর্জনৰ দিশে ক্ষীপ্ৰতাৰে অগ্রসৰ হৈছে আৰু লক্ষ্য অর্জনত যথেষ্ট আগুৱাইছে।
শক্তিখণ্ডৰ ভৱিষ্যৎক লৈ আলোচনাৰ বাবে পেট্ৰ’টেক সন্মিলন হৈছে এক উপযুক্ত আৰু শক্তিশালী মঞ্চ। অনাগত দিনবোৰত এই খণ্ডৰ পৰিৱর্তন, নীতি, নতুন প্রযুক্তিয়ে কিধৰণে বজাৰৰ স্থিতিশীলতা আৰু ভৱিষ্যৎ সময়ৰ সম্ভাৱনাক প্রভাৱিত কৰিব সেই সৈ এতিয়া আলোচনা কৰা সম্ভৱ।
মই আপোনালোক সকলোকে ধন্যবাদ জনাই এক সফল আৰু ফলপ্রসূ সন্মিলনৰ কামনা কৰিছো।
ধন্যবাদ
***
AKT/AK/RD
Winds of change are evident in the global energy arena.
— PMO India (@PMOIndia) February 11, 2019
Energy supply, energy sources & energy consumption patterns are changing. Perhaps, this could be a historic transition.
There is a shift in energy consumption from West to East: PM
There are signs of convergence between cheaper renewable energy, technologies & digital applications. This may expedite the achievement of sustainable development goals.
— PMO India (@PMOIndia) February 11, 2019
Nations are coming together to tackle climate change: PM
Energy justice is also a key objective for me and a top priority for India. Towards this end, we have developed and implemented many policies. The results of these efforts are now evident.
— PMO India (@PMOIndia) February 11, 2019
Electricity has reached all our rural areas: PM
LPG connections have been given to over 64 million house-holds in just under three years under the Ujjwala Scheme.
— PMO India (@PMOIndia) February 11, 2019
A ‘Blue Flame Revolution’ is under-way. LPG coverage has reached more than 90% percent, from 55% five years ago: PM
We need to move to responsible pricing, which balances the interests of both the producer and consumer.
— PMO India (@PMOIndia) February 11, 2019
We also need to move towards transparent and flexible markets for both oil and gas.
Only then can we serve the energy needs of humanity in an optimal manner: PM