Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাশ্মীৰৰ পুলৱামাত চিআৰপিএফ জোৱানৰ ওপৰত কৰা আক্ৰমণক তীব্ৰ গৰিহণা প্ৰধানমন্ত্ৰীৰ


 

কাশ্মীৰৰ পুলৱামাত চিআৰপিএফ জোৱানৰ ওপৰত কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, পুলৱামাত চিআৰপিএফ জোৱানৰ ওপৰত কৰা আক্ৰমণ অতি নিন্দনীয়৷ এই কাপুৰুষালি আক্ৰমণক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো৷ আমাৰ সাহসী নিৰাপত্তাৰক্ষীসকলৰ এই ত্যাগ অথলে নাযায়৷ সমগ্ৰ দেশেই কান্ধত কান্ধ মিলাই সাহসী শ্বহীদসকলৰ পৰিয়ালবৰ্গৰ কাষত থিয় হৈছে৷ মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো৷

***

AKT/ VJ/DB